কৃষি বিপ্লৱেৰে কৰ্মমুখী হোৱাৰ সংকল্প গ্ৰহণ নিবনুৱা সন্থাৰ
লখিমপুৰত নিবনুৱা সন্থাৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ৮ এপ্ৰিলঃ ৰাজ্যত ভয়াৱহ ভাৱে নিবনুৱাৰ সংখ্যা বাঢ়ি অহাৰ সময়তে আজি লখিমপুৰত সদৌ অসম নিবনুৱা সন্থাই সেউজ বিপ্লৱেৰে কৰ্মমুখী হোৱাৰ সংকল্প গ্ৰহণ কৰা বাৰ্তাই সকলোলৈ আনন্দৰ বতৰা কঢ়িয়াই আনিছে৷ উল্লেখ্য যে আজি লখিমপুৰ নগৰৰ সদৌ অসম পশু চিকিৎসা ক্ষেত্ৰ সহায়ক সন্থাৰ প্ৰেক্ষাগৃহত সদৌ অসম নিবনুৱা সন্থাৰ কেন্দ্ৰীয় সভাপতি ধৰ্মেন্দ্ৰ দেউৰীৰ সভাপতিত্বত অনুষ্ঠিত আৰু সন্থাৰ লখিমপুৰৰ সভাপতি বিনোদ দাসে আঁত ধৰা সভাখনত এনে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়৷ সদৌ অসম নিবনুৱা সন্থাৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত আৰু লখিমপুৰ জিলা সমিতিৰ সহযোগত কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক জীৱন ৰাজখোৱাৰ উপস্থিতিত অনুষ্ঠিত সভাখনত কেবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়৷ সভাখনত নাট্যকাৰ, শিল্পী দয়ালকৃষ্ণ নাথক সম্বৰ্ধনা পত্ৰ প্ৰদান কৰাৰ লগতে কেবাজনো বিশিষ্ট লোকে ভাষণ প্ৰদান কৰে৷ মানৱ অধিকাৰ সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সমিতিৰ সচিব ৰাজু সিংহই সভাত অংশগ্ৰহণ কৰি কয় যে কেৱল চাকৰিৰে নিবনুৱা সমস্যা সমাধান কৰিব পৰা নাযায়৷ সেয়ে চৰকাৰে বিভিন্ন পন্থাৰে নিবনুৱা সকলক সংস্থাপনৰ বাট দেখুৱাব লাগিব৷ নিবনুৱা সন্থা এতিয়া কেৱল সন্থা হৈ থকা নাই বুলি উল্লেখ কৰি এই সংগঠনটোৱে জাতীয় জীৱনৰ সংকটৰ সময়ত বিভিন্ন সন্থা সংগঠনৰ লগত ঐক্যবদ্ধ হৈ মাত মাতি আহিছে৷ নিবনুৱা সন্থা এতিয়া জাতীয় সংগঠনত পৰিণত হোৱাৰ লগতে পদপথৰ ব্যৱসায়ী সকলক সুৰক্ষিত কৰি আহিছে বুলি সচিবজনে কয়৷ সভাত আছুৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক পুলকজ্যোতি বৰাই কয় যে চৰকাৰী সদিচ্ছাৰ অভাৱতে ৰাজ্যত নিবনুৱাৰ সংখ্যা বৃদ্ধি হৈ আহিছে৷ জীৱন ৰাজখোৱাই সংগঠনটোৰ লগতে জাতিটোকো আগুৱাই নিয়াত বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰি আহিছে বুলি তেওঁ কয়৷ আজিৰ এই কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসত প্ৰাক্তন বেংক বিষয়া কুল নাথ ভৰালী, দয়ালকৃষ্ণ নাথ আদিয়ে নিবনুৱাসকল কেনেদৰে কৰ্মমুখী হ’ব পাৰে আৰু আত্ম সংস্থাপনৰ বাট মুকলি কৰিব পাৰে সেই বিষয়ে বক্তব্য আগবঢ়ায়৷ আজিৰ সভাতে নিবনুৱা সন্থাই কৰ্মসংস্থাপনৰ পৰিকল্পনা গ্ৰহণ কৰাৰ লগতে ৰাজ্য চৰকাৰে পাৱাৰলুমৰ বস্ত্ৰসমূহ হঠাতে বন্ধ কৰি দিয়া কাৰ্যত গভীৰ উদ্বেগ প্ৰকাশ কৰি এনে কাৰ্যই নিবনুৱা সৃষ্টিত অৰিহণা যোগাব বুলি কৈ আৰু তিনি মাহলৈ এনে কাপোৰ বিক্ৰীৰ অনুমতি দিব লাগে বুলি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে৷