কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ স’তে মত বিনিময় তেজপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ

0 6

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ১০জুলাইঃ তেজপুৰ বিশ্ববিদ্যালয়ৰ নৱনিযুক্ত উপাচাৰ্য অধ্যাপক শম্ভু নাথ সিঙে কালি নতুন দিল্লীত দেশৰ শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানক তেওঁৰ বাসগৃহত সাক্ষাৎ কৰে।আজি তেজপুৰ বিশ্ববিদ্যালয়ৰ দ্বাৰা প্ৰকাশিত এক বিবৃতিত এই কথা প্ৰকাশ কৰি কোৱা হয় যে,এই সাক্ষাতৰ সময়ত উপাচাৰ্য অধ্যাপক সিঙে তেজপুৰ বিশ্ববিদ্যালয়ৰ সাফল্যৰ ওপৰত আলোকপাত কৰি কেন্দ্ৰীয় শিক্ষামন্ত্ৰী গৰাকীক তেজপুৰ বিশ্ববিদ্যালয়ক বিশ্বমানৰ প্ৰতিষ্ঠানলৈ উন্নীত কৰাৰ পৰিকল্পনা তথা আঁচনিৰ বিষয়ে অৱগত কৰে।মন্ত্ৰী প্ৰধানে জাতিৰ উন্নয়নক আগুৱাই নিয়াত বিশ্ববিদ্যালয়সমূহে গ্ৰহণ কৰা গুৰুত্বপূৰ্ণ ভূমিকাক স্বীকাৰ কৰে আৰু শৈক্ষিক উৎকৰ্ষতা আৰু গৱেষণাৰ ক্ষেত্ৰত তেজপুৰ বিশ্ববিদ্যালয়ৰ অৱদানৰ বাবে শলাগ লয়। তেওঁ উপাচাৰ্য সিঙক দক্ষতাভিত্তিক শিক্ষাৰ প্ৰৱৰ্তনেৰে দ্ৰুতগতিত বিকশিত হোৱা বিশ্বৰ প্ৰত্যাহ্বানসমূহ মোকাবিলা কৰিবলৈ প্ৰয়োজনীয় দক্ষতা আৰু জ্ঞানেৰে ছাত্ৰ-ছাত্ৰীক সৱলীকৰণ কৰিবলৈ পৰামৰ্শ দিয়ে। উপাচাৰ্য সিঙে এই সন্দৰ্ভত কয় যে, শিক্ষামন্ত্ৰীৰ স’তে মত বিনিময় কৰাৰ সুযোগ লাভ কৰি তেওঁ আনন্দিত আৰু এই বৈঠকে তেজপুৰ বিশ্ববিদ্যালয়ত শৈক্ষিক উৎকৰ্ষতাৰ পৰিৱেশ সৃষ্টিৰ বাবে আমাৰ দায়বদ্ধতাক পুনৰ দৃঢ় কৰি তুলিছে। শিক্ষামন্ত্ৰীক তেজপুৰ বিশ্ববিদ্যালয় ভ্ৰমণ কৰিবলৈ আমন্ত্ৰণ জনোৱাৰ লগতে শিক্ষামন্ত্ৰীয়ে এই আমন্ত্ৰণ গ্ৰহণ কৰিছে বুলিও উপাচাৰ্য সিঙে প্ৰকাশ কৰি তেওঁ শীঘ্ৰেই তেজপুৰ বিশ্ববিদ্যালয় চৌহদ ভ্ৰমণ কৰিব বুলি আশ্বাস দিয়া বুলিও বিবৃতিটোত প্ৰকাশ কৰা হৈছে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More