কেশৱ চাউক টিকেন্দ্ৰজিৎ গগৈ স্মাৰক বঁটা প্ৰদান

ধেমাজিত জিলা লেখিকা সমাৰোহ সমিতিৰ বিষ্ণুৰাভা দিবস

0 113

ধেমাজি, ২০ জুন : সমগ্ৰ অসমৰ লগতে আজি ধেমাজিতো বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে বিষ্ণুৰাভা দিৱস পালন কৰে ৷ ধেমাজি জিলা লেখিকা সমাৰোহ সমিতিৰ উদ্যোগত আৰু ধেমাজি বালিকা মহাবিদ্যালয়ৰ মহিলা কোষৰ সহযোগত ধেমাজি বালিকা মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত বিষ্ণুৰাভা আৰু প্ৰেৰণা দিৱসত টিকেন্দ্ৰজিৎ গগৈ স্মৃতি বঁটা প্ৰদান কৰা হয় ৷ কাৰ্যসূচী অনুসৰি দুপৰীয়া ১১ বজাৰ পৰা আয়োজন কৰা অনুষ্ঠানৰ আৰম্ভণিতে বন্তি প্ৰজ্জ্বলন কৰে ধেমাজি বালিকা মহাবিদ্যালয়ৰ অধ্যক্ষ ড° দীপক বৰগোহাঁই, বৰ্ষীয়ান সাংস্কৃতিক কৰ্মী তথা লোকশ্ৰী বিমলা গগৈ আৰু ৰিণি তামুলীয়ে ৷ ইয়াৰ পাছতে জিলা লেখিকা সমাৰোহ সমিতি আৰু ধেমাজি বালিকা মহাবিদ্যালয়ৰ মহিলা কোষৰ বিষয়ববীয়াৰে অন্তৰংগ আলাপ অনুষ্ঠান অনুষ্ঠিত হয়৷ অন্তৰংগ আলাপ অনুষ্ঠানটো আঁত ধৰে বিশিষ্ট কবি শিক্ষয়িত্ৰী প্ৰণতি দেৱীয়ে ৷ বিয়লি ১ বজাৰ পৰা ধেমাজি জিলা লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী ড° কবিতা গগৈয়ে সঞ্চালনা কৰা সভাখন উদ্বোধন কৰে উষা বুঢ়াগোহাঁয়ে ৷ সভাত নেৰিম স্নাতকোত্তৰ প্ৰশিক্ষণ মহাবিদ্যালয়ৰ অধ্যক্ষা ড° কিলোমণি চুতীয়াই নিৰ্দিষ্ট বক্তা হিচাপে অংশগ্ৰহণ কৰি “বিষ্ণুৰাভাৰ সৃষ্টি আৰু দৰ্শন” বিষয়ত ভাষণ প্ৰদান কৰে ৷ আনহাতে “নিৰ্মল প্ৰভা বৰদলৈৰ গীতি সাহিত্য” বিষয়ত ধেমাজি বালিকা মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপিকা ৰিণী বৰগোহাঁয়ে সাৱলীল ভাষণৰে উপস্থিত ৰাইজক আপ্লুত কৰে ৷ সভাত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰা অমিয়া তামুলী, লক্ষীপ্ৰভা বৰগোহাঁই আৰু কৰৱী দেউৰীয়ে ভাষণ প্ৰদান কৰে ৷ ইয়াৰ পাছতে টিকেন্দ্ৰজিৎ গগৈ স্মৃতি ন্যাসৰ তৰফৰপৰা বঁটা প্ৰদান কৰা হয় ৷ উল্লেখ্য যে ৰাজ্যিক ভিত্তিত ত্ৰিশ বছৰ অনুৰ্ধৰ কবিৰ মাজত আয়োজন কৰা কবিতা প্ৰতিযোগিতাত এইবাৰ উত্তৰ লখিমপুৰ মহাবিদ্যালয়ৰ কেশৱ চাউয়ে “টিকেন্দ্ৰজিৎ গগৈ স্মৃতি বঁটা” লাভ কৰে ৷ উদীয়মান কবি কেশৱ চাউক টিকেন্দ্ৰজিৎ গগৈ স্মৃতি ন্যাসৰ তৰফৰ পৰা এটি আকৰ্ষণীয় স্মাৰক, এখন চেলেং চাদৰ, ফুলাম গামোচা, প্ৰশংসা পত্ৰ, নগদ ধনৰ মাননি আৰু গ্ৰন্থৰ টোপোলাৰে সন্মান জনোৱা হয় ৷ ধেমাজি জিলা লেখিকা সমাৰোহ সমিতিৰ প্ৰচাৰ সম্পাদিকা দুলুমণি গগৈয়ে পৰিচালনা কৰা অনুষ্ঠানটোত উদীয়মান কবি কেশৱ চাউৱে মনৰ অনুভৱ ব্যক্ত কৰি ধেমাজি জিলা লেখিকা সমাৰোহ সমিতি আৰু টিকেন্দ্ৰজিৎ গগৈ স্মৃতি ন্যাসক ধন্যবাদ জ্ঞাপন কৰে ৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More