কোচৰাজবংশীৰ জনজাতিকৰণৰ দাবীত নতুন দিল্লীত ধৰ্ণা

কেন্দ্ৰীয় চৰকাৰক মিছলীয়া আখ্যা

0 11

শতাব্দ প্ৰতিনিধি,তেজপুৰ,৩০নৱেম্বৰঃ ৰাজ্যৰ কোচ-ৰাজবংশীসকলক শীঘ্ৰেই জনজাতিকৰণ প্ৰদানৰ দাবীত আজি নতুন দিল্লীৰ যন্তৰ মন্তৰত দিনৰ ১১বজাৰ পৰা দুপৰীয়া এক বজালৈকে এক ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে একাধিক সংগঠনে৷ উল্লেখযোগ্য যে,সদৌ অসম কোচ ৰাজবংশী ছাত্ৰসন্থা আৰু সদৌ অসম কোচ ৰাজবংশী মহিলা সন্মিলনিৰ নেতৃত্বত হোৱা এই ধৰ্ণা কাৰ্যসূচীত শোণিতপুৰৰ লগতে কামৰূপ, দৰং, বিশ্বনাথ, বজালী, বঙাইগাঁও, ওদালগুৰি, গোলাঘাট, শিৱসাগৰ আদিকে ধৰি বিভিন্ন জিলাৰ মুঠ ১৫৬জন প্ৰতিবাদকাৰীয়ে অংশ লয়৷ তদুপৰি আজিৰ এই প্ৰতিবাদস্হলীত উপস্থিত হৈ ৰাজ্যৰ কোচৰাজবংশীসকলৰ লগতে ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীৰ যুক্তিযুক্ততাৰ সপক্ষে মন্তব্য দাঙি ধৰে সদৌ অসম টাই আহোম মটক ছাত্ৰসন্হাৰ সভাপতি আৰু সম্পাদকে৷ সদৌ অসম কোচ ৰাজবংশী ছাত্ৰ সন্হাৰ সভাপতি প্ৰণৱ নাৰায়ণ দেৱ, সম্পাদক ৰণাদিত্য বৰ্মন, মহিলা সন্মিলনিৰ কাৰ্যকৰী সভানেত্ৰী মিনাক্ষী নেওগ, বিজু ডেকা, উপেন্দ্ৰ নাথ ঠাকুৰীয়া আদি নেতাসকলৰ অংশ গ্ৰহণৰে ৰূপায়িত এই প্ৰতিবাদী কাৰ্যসূচীত কোৱা হয় যে,ছেপ্টেম্বৰত কেন্দ্ৰীয় চৰকাৰৰ কেবিনেটৰ সিদ্ধান্ত অনুসৰি দেশৰ পাঁচখন ৰাজ্যৰ ১৫টা জনগোষ্ঠীক জনজাতি মৰ্যাদা প্ৰদান কৰা হ’ল যদিও অসমৰ ছয় জনগোষ্ঠীয়ে জনজাতিকৰণৰ দাবী সুদীৰ্ঘকাল কৰি অহাৰ পাছতো এই জনগোষ্ঠীসমূহৰ অন্যতম কোচৰাজবংশী সকলক জনজাতিকৰণ কৰা নহ’ল৷ হাতে হাতে বেনাৰ আৰু ফেষ্টুন লৈ ভাৰত চৰকাৰ হায়, ভাৰত চৰকাৰ গ’বেক, ভাৰত চৰকাৰ মিছলীয়া আদি ধ্বনিৰে উত্তাল কৰা প্ৰতিবাদকাৰীসকলে ক্ষোভ উজাৰি কয় যে বৰ্তমান দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বঙাইগাঁৱত ডিঙিত কোচ-ৰাজবংশী সকলৰ হালধীয়া গামোচা পৰিধান কৰি কেন্দ্ৰত চৰকাৰ গঠন কৰিলে ছমাহৰ ভিতৰত কোচৰাজবংশীসকলক জনগোষ্ঠীকৰণৰ প্ৰতিশ্ৰুতি দিছিল৷ একেদৰে ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালেও প্ৰতিশ্ৰুতি দিছিল আৰু বৰ্তমানৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই একেই প্ৰতিশ্ৰুতি দিয়াৰ বিষয়ে উল্লেখ কৰি তেওঁ আনকি কোচৰাজবংশী সকলক মিঠাই খাব পাৰে বুলিও মন্তব্য কৰাৰ কথা উল্লেখ কৰি যোৱা দুবছৰে সেই প্ৰতিশ্ৰুতিৰ কি হ’ল বুলি প্ৰত্যাহ্বান জনাই প্ৰতিবাদকাৰী সকলে মুখ্যমন্ত্ৰীৰ বক্তব্যক মিছলীয়া আখ্যা দিয়ে৷ ড° শৰ্মা মডেলিটি কমিটিৰ দায়িত্বত থকাৰ সময়ত কমিটিৰ প্ৰতিবেদন কি হ’ল বুলি প্ৰশ্ন উত্থাপন কৰি প্ৰতিবাদকাৰীসকলে আৰু কয় যে এতিয়া মুখ্যমন্ত্ৰী ড° শৰ্মাই ৰাজ্যৰ ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰিলে ৰাজ্য ৰক্তাক্ত হ’ব বুলি ভয় খুৱাইছে৷ তেওঁলোকে কয় যে কোচৰাজবংশী সকলৰ লগতে ৰাজ্যৰ এই ছয় জনগোষ্ঠী ভয়খোৱা জনগোষ্ঠী নহয়৷ এনে অৱস্থাত কোচৰাজবংশীসকলক জনজাতিকৰণৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে পদক্ষেপ গ্ৰহণ নকৰাৰ লগতে শীঘ্ৰেই কোচৰাজবংশী সকলক জনজাতি কৰণৰ ব্যৱস্থা গ্ৰহণৰ দাবীৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ প্ৰধানমন্ত্ৰীৰ প্ৰতিনিধিৰ হাতত আজি প্ৰতিবাদকাৰী সকলে এখন স্মাৰকপত্ৰও প্ৰদান কৰে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More