কৰ্মসংস্থাপনৰ প্ৰলোভন দি মহিলাক বহিঃৰাজ্যলৈ সৰবৰাহ

ঢেকিয়াজুলিত এজনক গ্ৰেপ্তাৰ

0 15
শতাব্দ প্ৰতিনিধি‍,তেজপুৰ,৬মাৰ্চঃ কৰ্মসংস্থাপনৰ প্ৰলোভন দি বহিঃৰাজ্যলৈ মহিলাক সৰবৰাহ কৰাৰ অভিযোগত এজন লোকক গ্ৰেপ্তাৰ কৰিছে ঢেকিয়াজুলি আৰক্ষীয়ে৷ উল্লেখযোগ্য যে, দৰং জিলাৰ ধুলাত  ৰহস্যজনকভাৱে মৃত্যু হোৱা ঢেকিয়াজুলি ৰাজহচক্ৰ এলেকাৰ প্ৰজাপথাৰ গাঁৱৰ বনকৰা কিশোৰী আৰতি তুৰীৰ মাতৃ দেৱন্তী তুৰীক কৰ্মৰ প্ৰলোভন দি বহিঃৰাজ্যলৈ সৰবৰাহ কৰাৰ অভিযোগত  অনিল এক্কা নামৰ এগৰাকী যুৱকক কালি গ্ৰেপ্তাৰ কৰে ঢেকিয়াজুলি আৰক্ষীয়ে৷ এই ঘটনাৰ আন এগৰাকী অভিযুক্ত অনিতা এক্কা নামৰ আন এগৰাকী মহিলা বৰ্তমান পলাতক অৱস্থাত আছে। অনিল এক্কা আৰু অনিতা এক্কা সম্পৰ্কত দুয়ো ভাতৃ-ভগ্নী৷ দুয়োৰে ঘৰ  প্ৰজাপথাৰ গাঁৱতে৷ উল্লেখ্য যে দৰং জিলাৰ ধুলাত বনকৰা কিশোৰী হিচাপে‍ নিয়োজিত আৰতি তুৰী নামৰ কিশোৰী গৰাকীৰ ৰহস্যজনকভাৱে মৃত্যু হৈছিল আৰু প্ৰথম অৱস্থাত কিশোৰীগৰাকীৰ মৃত্যুৰ তদন্তত আৰক্ষীয়ে চূড়ান্ত গাফিলতি প্ৰদৰ্শন কৰাৰ পাছত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মাই এই তদন্তৰ ক্ষেত্ৰত হস্তক্ষেপ কৰে৷ মুখ্যমন্ত্ৰীয়ে নিজেই দুৰ্ভগীয়া কিশোৰী আৰতি তুৰীৰ গৃহত উপস্থিত হৈ তদন্তৰ বাবে বিশেষ কমিটি গঠন কৰি দিছিল আৰু ইয়াৰ পাছতে  গ্ৰেপ্তাৰ হৈছিল তদন্তত গাফিলতি প্ৰদৰ্শন কৰা একাধিক আৰক্ষী বিষয়া আৰু চিকিৎসক৷ উল্লেখযোগ্য যে, এই ৰহস্যজনক ঘটনাৰ তদন্ত চলি থকাৰ সময়তে দুৰ্ভগীয়া পৰিয়ালটোৰ তথা আৰতি তুৰীৰ মাতৃ দেৱন্তী তুৰীক এইবাৰ নাৰী সৰবৰাহকাৰীয়ে কাম দিয়াৰ প্ৰলোভনৰে দিল্লীলৈ লৈ প্ৰেৰণ কৰাৰ অভিযোগ উত্থাপন হৈছে। ঘটনা সন্দৰ্ভত গ্ৰেপ্তাৰ হোৱা অনিল এক্কাই তেওঁৰ বায়েক অনিতা এক্কাই কাম কৰিবলৈ দিল্লীলৈ মহিলাগৰাকীক লৈ যোৱা বুলি সাংবাদিকৰ আগত প্ৰকাশ কৰিছে৷ ইতিমধ্যে ঢেকিয়াজুলি আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ ৩৭০/৩৭১/৩৪ধাৰাত ৪৪/২৩নম্বৰ গোচৰৰ অধীনত অনিলক গ্ৰেপ্তাৰ কৰি সোধপোছ অব্যাহত ৰাখিছে৷ ইপিনে অনিলে নিজকে  সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ কৰ্মী বুলি দাবী কৰিছে যদিও আজি ঢেকিয়াজুলিৰ ৰাক্ষসমাৰীত সংগঠনটোৰ শোণিতপুৰ জিলা সমিতি আৰু ঢেকিয়াজুলি আঞ্চলিক সমিতিয়ে এখন সংবাদ মেল অনুষ্ঠিত কৰি অনিলৰ দাবী নস্যাৎ কৰে৷ আজি সংবাদ মেলত  সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ শোণিতপুৰ জিলাৰ সভাপতি অমৰজিৎ কেৰ্কেটা, উপ-সভাপতি নাৰায়ণ সিং গোড়ৰ লগতে সংগঠনটোৰ ঢেকিয়াজুলি আঞ্চলিক সমিতিৰ সভাপতি অমৃত হৰ, সম্পাদক উত্তম নাগৰ লগতে জিলা আৰু ঢেকীয়াজুলি আঞ্চলিকৰ অন্যান্য বিষয়ববীয়াসকল উপস্থিত থাকি কয় যে ঢেকিয়াজুলি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা অনিল এক্কা নামৰ লোকজন সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ কোনো বিষয়ববীয়া তথা প্ৰাথমিক সদস্য নহয়৷ সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ দৰে সংগঠনক বদনামী কৰাৰ বাবে এটা চক্ৰই অপচেষ্টা চলাইছে বুলি উল্লেখ কৰি এনেধৰণৰ অপচেষ্টাৰ পৰা চক্ৰান্তকাৰী সকল বিৰত থাকিবলৈ আদিবাসী ছাত্ৰ সন্থাই আজি আহ্বান জনাইছে৷
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More