ছাইন ইন / যোগদান
ছাইন ইন
পাছৱৰ্ড ৰিক’ভাৰ কৰক.
A password will be e-mailed to you.
শতাব্দ প্ৰতিনিধি তেজপুৰ,৩০ছেপ্টেম্বৰঃ তেজপুৰৰ এজন প্ৰায় ৯৭বছৰীয়া সমাজহিতৈষী ব্যক্তি ৰবীন্দ্ৰ চন্দ্ৰ দে’৷ ৰাজ্যখনৰ জাতি গঠন প্ৰক্ৰিয়াৰ এক অনন্য নিদৰ্শন এইজন ব্যক্তি এসময়ত শাক্ত ধৰ্মত বিশ্বাসী আছিল যদিও তেজপুৰৰ শ্ৰী শ্ৰী নিকামূল সত্ৰৰ সত্ৰাধিকাৰ তথা স্বাধীনতা সংগ্ৰামী প্ৰয়াত গহণ চন্দ্ৰ গোস্বামীৰ সান্নিধ্য লাভৰ পাছত তেওঁ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ প্ৰচাৰিত নৱবৈষ্ণৱ ধৰ্মৰ একনিষ্ঠ সেৱক হৈ পৰে৷ এক বৰ্ণিল, সংগ্ৰামী, আপোচবিহীন আৰু অসমীয়া জাতীয়তাবাদ তথা জাতীয় অস্তীত্ব ৰক্ষাৰ আন্দোলনৰে জড়িত হৈ চাকৰি জীৱনৰ অৱসৰৰ দিনটোতো অন্যায়ৰ বলি হোৱা এইজন ৰবীন চন্দ্ৰ দে’ৰ জীৱনৰ কিছু অংশ আলোকপাত কৰি আজি তেজপুৰত উন্মোচিত হয় এখন বিশেষ পুস্তিকা৷ উল্লেখযোগ্য যে, ১৯২৭ৰ ১৫জুনত সেই সময়ৰ অবিভক্ত ভাৰতৰ চিলেট জিলাৰ আখালিয়া ব্ৰাহ্মণ শাসন গাঁৱত জন্ম হৈছিল দে’ৰ৷ দেশৰ স্বাধীনতা লাভ আৰু বিভাজনৰ সময়ত ভাৰতৰ নাগিৰক হিচাপেই তেজপুৰলৈ আহি ১৯৪৭ৰ ১৯আগষ্টত তেজপুৰৰ প্ৰধান ডাকঘৰত প্ৰধান ডাকোৱাল হিছাপে যোগদান কৰে৷ উল্লেখযোগ্য যে, ১৯৪৬ত তেওঁ চিলেটৰ প্ৰধান ডাকঘৰত টেলিগ্ৰাফ মেচেঞ্জাৰ হিচাপে কৰ্মজীৱন আৰম্ভ কৰিছিল আৰু দেশ বিভাজনৰ সময়ত তেওঁ মহম্মদ হুছেইন নামৰ তেজপুৰত কৰ্মৰত এজন ডাক কৰ্মছাৰী চিলেটলৈ যাবলৈ বিছৰাত তেওঁৰ স্হানত ভাৰতত থকাৰ বাবে দে’ তেজপুৰলৈ আহিছিল৷ কৰ্মচাৰীসকলৰ সংগ্ৰাম, অসম আন্দোলনত প্ৰত্যক্ষভাবে জড়িত হৈ পৰা দে’ এজন স্বাধীনতা সংগ্ৰামীও৷ নিকামূল সত্ৰৰ সত্ৰাধিকাৰ প্ৰয়াত গহণ চন্দ্ৰ গোস্বামীৰ সান্নিধ্য লাভ আৰু তেওঁৰ প্ৰিয় ভাজন হৈ পৰা এইজন দে’ই সত্ৰাধিকাৰ গৰাকীৰ পৰা ভূমি ক্ৰয় কৰি নিকামূল সত্ৰৰ সমীপত স্হায়ীভাবে থাকিবলৈ লয়৷ উল্লেখযোগ্য যে, সত্ৰাধিকাৰ গৰাকীয়ে এইজন লোকক তিনিবিঘা মাটিত কৃষিকাৰ্য কৰিবলৈও দিছিল৷ অতি সৎ এইজন লোকে সুদীৰ্ঘকালৰ পাছত তথা সত্ৰাধিকাৰ গৰাকীৰ বিয়োগৰ পাছতো সেই তিনিবিঘা মাটি উভটাই দিয়ে৷ তেজপুৰৰ পৰোৱা হাৰিগাঁৱৰ ৰাজহুৱা শ্মশানখন এখন উদ্যান তথা আশ্ৰমৰ ৰূপদি সজাই তোলা তেজপুৰৰ প্ৰথমখন শ্মশান৷ ইয়াৰ বাবে এইজন ব্যক্তিয়ে আগবঢ়োৱা অৱদান তেজপুৰত সৰ্বজনবিদিত৷ নিজা কষ্টোউপাৰ্জিত ধন ইয়াৰ বাবে ব্যয় কৰা এইজন ব্যক্তিৰ প্ৰচেষ্টাতে পৰোৱাৰ গহণ উদ্যানেও নতুন ৰূপ লাভ কৰে৷ ১৯৬৪ত মেইল অভাৰচিয়াৰ পদলৈ পদোন্নতি লাভ কৰা তথা সংগ্ৰামী মনোভাব আৰু আপোচহীন স্বভাৱ তথা অসম আন্দোলনত জড়িত থকাৰ বাবেই দে’ই চাকৰি জীৱনত একাধিক স্হানলৈ বদলি হ’ব লগীয়া হৈছিল৷ আনকি বিভাগীয় উচ্চপদস্থ বিষয়াৰ বিৰুদ্ধে দুৰ্নীতিৰ গোচৰ তৰা এইজন ব্যক্তিক খৰ্গহস্ত বিষয়াজনে দে’ৰ অৱসৰৰ দুদিন পূৰ্বে ১৯৮৫ৰ ২৮জুনত চাকৰিৰ পৰা দে’ক বৰ্খাস্ত কৰে৷কিন্তু সততাৰ ক্ষেত্ৰত আপোচ নকৰা দে’ই পুনৰ এক দীঘলীয়া আইনি যুঁজত জয়ী হৈ অৱসৰকালীন পেঞ্চন লাভ কৰিবলৈ সক্ষম হয়৷ আজি এইজন ব্যক্তিৰ জীৱনৰ ওপৰতে আন এজন সমাজকৰ্মী তথা সুলেখক বীৰেন্দ্ৰ কুমাক বৰাই ৰচনা কৰা কৰ্মযোগী পুৰুষ ৰবিন্দ্ৰ চন্দ্ৰ দেৰ জীৱনৰ পম খেদি শীৰ্ষক পুস্তিকাখন আজি দে’ৰ নিকামূল স্হিত বাসগৃহত এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত উন্মোচন কৰা হয়৷ সুলেখিকা জুৰি বৰাই আঁতধৰা তথা অৱসৰপ্ৰাপ্ত অধ্যাপক ড° শিৱৰঞ্জন মহন্তই পৌৰোহিত্য কৰা বিশেষ সভাখনত এই বিশেষ গ্ৰন্থখনৰ উন্মোচক প্ৰবীন গল্পকাৰ মাণিক বড়াই পুস্তিকাখনৰ নায়ক দে’ই কৰ্ম, সমাজৰ প্ৰতি প্ৰদৰ্শন কৰা দায়বদ্ধতা, সততা এক নিদৰ্শন বুলি প্ৰকাশ কৰি এইজন লোকৰ বিষয়ে সমগ্ৰ ৰাজ্যৰ সৰ্বসাধাৰণে জনা উচিত বুলি কয়৷ উল্লেখযোগ্য যে,কৰ’নাৰ বাবেই একমাত্ৰ পুত্ৰকো হেৰুৱাবলগীয়া হোৱা এইজন দে’ই মনৰ ভাব প্ৰকাশ কৰি কয় যে, প্ৰয়াত সত্ৰাধিকাৰ গহণ চন্দ্ৰ গোস্বামীয়ে ভাষা আন্দোলনৰ সময়ত দে’ৰ পৰিয়ালৰ সুৰক্ষা নিশ্চিত কৰিবলৈ তেওঁৰ নাতি মুকুল গোস্বামীক দায়িত্ব দিছিল৷ আজিৰ সভাত গোস্বামীয়েও সেই কথাৰ স্মৃতিচাৰণ কৰি কয় যে,দে’ অসমীয়া জাতিৰ সতে কেনেদৰে লীন গ’ল সেয়া সঁচাকৈয়ে এক নিদৰ্শন৷দে’ই আনকি ভাষা আন্দোলনৰ সময়ত “মই যদি অসমীয়া নহয় বুলি কোনোবাই ভাবি মোক বা মোৰ মা, পৰিয়ালক কোনোবাই আক্ৰমণ কৰে, জলাই দিয়ে সেয়ে কৰক”বুলি নিজৰ ঘৰতে থাকি গ’ল৷ দে’ক অৱশ্যে কোনেও কোনোধৰণৰ অপকাৰ নকৰিলে৷ সভাপতি ড° মহন্তই এইজন ব্যক্তিৰ জীৱনকলৈ বিস্তৃত ভাবে এখন গ্ৰন্থ প্ৰকাশ কৰাৰ আৱশ্যক আছে বুলি মন্তব্য কৰে৷ তেজপুৰৰ সমাজ জীৱনৰ সতে ওতপ্ৰোতভাবে জড়িত থকা তথা ৯৬বছৰ অতিক্ৰম কৰাৰ পাছতো অতি উদ্যমী এইজন ব্যক্তিৰ সততাৰ বিষয়ে উল্লেখ কৰি লেখক, সমাজকৰ্মী মুকুল গোস্বামীয়ে কয় যে দে’ই আনকি পথত পৰি থকা গৰাকীবিহীন ধনো হাতৰে নোচোৱাৰ উদাহৰণ আছে৷ তাহানিতেই গোস্বামীৰ হেৰোৱা ১০টকা পথৰ দাঁতিত পৰি থকা দেখি আহি আৰু আনৰ মুখত গোস্বামীৰ ধন হেৰোৱাৰ বিষয়ে জানিব পাৰি সেই ধনৰ সন্ধান দিয়া দে’ৰ সততা সঁচাকৈয়ে অনন্য বুলি মন্তব্য কৰে গোস্বামীয়ে৷ বৃহত্তৰ নিকামূল আৰু পাৰ্শ্বৱৰ্তী অঞ্চলৰ সামাজিক, সাংস্কৃতিক, শৈক্ষিক উন্নয়নৰ বাবে দেহেকেহে লাগি থকা এইজন বৰেণ্য ব্যক্তি দে’ৰ দীৰ্ঘায়ু কামনা কৰি আজিৰ সভাত উপস্থিত থকা তেজপুৰৰ বিশিষ্ট সমাজকৰ্মী জগন্নাথ বৰা, নৰেণ চন্দ্ৰ দাস, প্ৰেমা মহন্ত আদি উপস্থিত থাকে৷
পূৰ্বৱৰ্তী লেখা