খেল আৰম্ভ চীনৰ! কাশ্মীৰৰ উগ্ৰপন্থী সংগঠনক অস্ত্ৰ যোগান ধৰাৰ পৰা ম্যানমাৰ সীমান্তলৈকে চকু

0 16

 

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৩ আগষ্ট : ভাৰতৰ সীমান্তক লৈ চীনে আৰম্ভ কৰিছে এক নতুন খেল। এইবাৰ লাডাখ নহয়; ম্যানমাৰৰ সীমান্তত চকু ৰাখিছে বেইজিঙে। একে সময়তে কাশ্মীৰত অশান্তি বিয়পোৱাৰ পাকিস্তানৰ কুৎসিত পৰিকল্পনাৰ প্ৰত্যক্ষ অংশীদাৰ হৈ পৰিছে চীন। শেহতীয়াকৈ নতুন দিল্লীয়ে জম্মু-কাশ্মীৰৰ নিৰাপত্তাক লৈ উদ্বেগ প্ৰকাশ কৰিছে। ভাৰতীয় চোৰাংচোৱা সূত্ৰৰ মতে, উপত্যকাটোত থকা পাকিস্তানৰ সন্ত্ৰাসবাদী সংস্থাসমূহৰ সৈতে চীন জড়িত থকাৰ বহু প্ৰমাণ পোৱা গৈছে। পৰ্দাৰ আঁৰৰ পৰা চীনে অহৰহ উপত্যকাত উগ্ৰপন্থী সংগঠনৰ মনোবল বৃদ্ধি কৰি আছে। তেওঁলোকৰ হাতত অত্যাধুনিক অস্ত্ৰ-শস্ত্ৰ গতাই দিয়া হৈছে। এফালে লাডাখ সীমান্তত শান্তি বজাই ৰখাৰ বাবে ইবাৰৰ পিছত সিবাৰৰ আলোচনা, আনফালে বেইজিঙে ভাৰতৰ আনটো সীমান্তত অশান্তি বিয়পোৱাৰ চেষ্টা চলাইছে। চোৰাংচোৱা সূত্ৰৰ মতে, চীনৰ সহায়ত সীমান্তৰ সিপাৰে উগ্ৰপন্থী সংগঠনৰ সংখ্যা বৃদ্ধি পাইছে আৰু ইয়াক ৰোধ কৰাৰ কোনো উপায় নাই। বহু ফ্ৰণ্টত ঘেৰাও কৰি থকা চীনে ভাৰতত অস্থিৰতা বিয়পোৱা শক্তিক সহায় কৰি ভাৰতৰ পৰিস্থিতি জটিল কৰি তুলিবলৈ চেষ্টা অব্যাহত ৰাখিছে। সেইবাবেই আন্তঃৰাষ্ট্ৰীয় মঞ্চত উগ্ৰপন্থীক সমৰ্থন অব্যাহত ৰাখিছে বেইজিঙে। একে সময়তে আই এছ আয়ে উগ্ৰপন্থী সংগঠনলৈ অস্ত্ৰ-শস্ত্ৰ পৰিবহণ কৰি আছে। বি এছ এফৰ প্ৰাক্তন এ ডি জি পি কে মিশ্ৰই কয় যে চীনৰ প্ৰযুক্তি, ড্ৰ’ন আৰু অস্ত্ৰ-শস্ত্ৰ পাকিস্তানী উগ্ৰপন্থীৰ ওচৰলৈ গৈ আছে। এজন বিষয়াই জনোৱা মতে, চীনৰ প্ৰৰোচনাত পাকিস্তানে দুৰ্বল আৰ্থিক অৱস্থাৰ মাজতো সন্ত্ৰাসবাদী সংগঠনসমূহক লালন-পালন কৰি আছে। সীমান্তৰ সিপাৰে উগ্ৰপন্থী শিবিৰৰ উপস্থিতি আৰু তাত সক্ৰিয় উগ্ৰপন্থীৰ উপস্থিতিৰ সম্পূৰ্ণ তথ্য ভাৰতীয় সংস্থাসমূহৰ হাতত আছে। সূত্ৰ অনুসৰি পাকিস্তানী উগ্ৰপন্থীক চীনে সহায় কৰাৰ প্ৰবল প্ৰমাণ পোৱা গৈছে। পাকিস্তান সীমান্তৰ পৰা অহা ড্ৰ’ন, এনকাউণ্টাৰত নিহত উগ্ৰপন্থীৰ পৰা চীনা অস্ত্ৰ-শস্ত্ৰ, সুৰংগত চীনা প্ৰযুক্তিৰ ব্যৱহাৰ আদিয়ে চীনৰ জড়িততাৰ স্পষ্ট ইংগিত দিয়ে। আই এছ আইক অস্ত্ৰ, ড্ৰ’ন যোগান ধৰিবলৈ চীনৰ পৰা শক্তিশালী ইনপুট লাভ কৰিছে সংস্থাসমূহে। পাকিস্তানে তুৰস্কৰ পৰাও লাভ কৰিছে উন্নত ড্ৰ’ন আৰু অস্ত্ৰ-শস্ত্ৰ। দিনে-ৰাতিৰ সকলো সময়তে এই ড্ৰ’নবোৰ ক্ৰিয়া কৰিবলৈ সক্ষম। সংস্থাসমূহৰ পৰা লাভ কৰা তথ্য অনুসৰি পাকিস্তান সীমান্তৰ বাহিৰেও চীনা সেনাই ম্যানমাৰ সীমান্তৰ সশস্ত্ৰ উগ্ৰপন্থী সংগঠনক সহায় কৰি আছে। ম্যানমাৰ সীমান্তত অস্ত্ৰ-শস্ত্ৰ যোগান ধৰা আৰু উগ্ৰপন্থীক আশ্ৰয় দি চীনে সামৰিক বাহিনীক সহায় কৰিছে।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More