২০২২ চনৰ বাবে সাংবাদিক পেঞ্চনাৰৰ নাম ঘোষণা

0 25

দিছপুৰ, ১৩ আগষ্ট: অসম পেঞ্চন আঁচনিৰ অধীনত ২০২২ চনৰ বাবে নিৰ্বাচিত সাংবাদিকসকলৰ নাম অসম চৰকাৰে ঘোষণা কৰিছে। তথ্য আৰু জনসংযোগ সঞ্চালকালৰ জৰিয়তে প্ৰদান কৰিবলগীয়া পেঞ্চন ২০২২ চনৰ ১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হ’ব। পেঞ্চন লাভ কৰা সাংবাদিকসকল হৈছে উৎপল বৰদলৈ (কামৰূপ-ম), প্ৰদীপ ঘোষ (দৰং), মুছলমান উদ্দিন আহমেদ (ধুবুৰী), মাহতাবুৰ ৰহমান (কৰিমগঞ্জ), ৰাতুল বৰা (যোৰহাট), জয়ন্ত কুমাৰ দাস (কামৰূপ-ম), ইমৰাণ হুছেইন (ওদালগুৰি) ৷ বাচা বৰা (চৰাইদেউ), পদ্ম সিংহ (কামৰূপ-ম), গৌৰেন্দু চক্ৰৱৰ্তী (কামৰূপ-ম), মণিশংকৰ পুৰকায়স্থ ( কাৰবি আংলং), মদন  মোহন অধিকাৰী (কাছাৰ), ৰামলাল সিনহা (কামৰূপ-ম), বিনয় কুমাৰ শৰ্মা (কামৰূপ-ম),ৰবীন বৰুৱা (কাৰবি আংলং), সমীন্দ্ৰ নাথ (কামৰূপ-ম), ইশ্বৰ প্ৰসাদ তামুলী (গোলাঘাট), কুমুদ চন্দ্ৰ ডেকা (নলবাৰী), ললিত চন্দ্ৰ কলিতা (কামৰূপ-ম), ৰত্নেশ কুমাৰ (কামৰূপ-ম) উল্লেখ কৰিব পাৰি যে এই আঁচনিখন ২০১৭-১৮ চনত আৰম্ভ কৰা হৈছিল। প্ৰতিবছৰে ২০ জন জ্যেষ্ঠ সাংবাদিকক তেওঁলোকৰ আবেদনৰ ভিত্তিত সকলো আনুষ্ঠানিকতা পালন কৰি নিৰ্বাচন কৰা হয়। যোৱা পাঁচ বছৰত ১০০ জন সাংবাদিক বাছনি কৰা হৈছে । প্ৰতিমাহে প্ৰতিজন ব্যক্তিৰ বাবে ৮০০০ টকা। এইবাৰ নতুনকৈ নিৰ্বাচিত ২০ জন সাংবাদিককে ধৰি এই সংখ্যা ১২০লৈ বৃদ্ধি কৰা হ’ব।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More