গণিত-বিজ্ঞান ইংৰাজীত :আদৰণি ভৱেশ কলিতাৰ

0 11

শতাব্দ প্ৰতিনিধি, তেজপুৰ, ৭আগষ্ট: সাম্প্ৰতিক সময়ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰয়োজনৰ বাবেই ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কেৱল দুটা বিষয় গণিত আৰু বিজ্ঞানক ইংৰাজী মাধ্যম কৰিছে বুলি আজি তেজপুৰত মন্তব্য কৰিছে বিজেপিৰ ৰাজ্যিক সভাপতি ভবেশ কলিতাই৷ তেওঁ এই বিষয়ত মাত মতাসকলক ছাত্ৰ বুলি অভিহিত কৰি নিজকে ছাত্ৰ নহয় বুলি মন্তব্য কৰি লগতে আছু বা আন জাতীয় সংগঠনে ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক ভৱিষ্যতৰ কথা বাদ দি জাতিটোৰ কথাহে চিন্তা কৰিব লাগে বুলিও কয়৷ উল্লেখযোগ্য যে,তেজপুৰৰ বটামাৰীস্হিত কনভেনচন কেন্দ্ৰত কালিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা বিজেপিৰ ভাতৃ সংগঠন ৰাজ্যিক কৃষক মৰ্চাৰ কাৰ্যনিৰ্বাহকত আজি বিয়লি উপস্হিত হয় বিজেপিৰ ৰাজ্যিক সভাপতি কলিতা৷ বিজেপিৰ আঠ মৰ্চাৰ অন্যতম কৃষক মৰ্চাৰ জৰিয়তে দলটোৰ সাংগঠনিক ভেটি আৰু অধিক সুদৃঢ় কৰাৰ সংকল্প গ্ৰহণ কৰাৰ কথা উল্লেখ কৰে সভাপতি কলিতাই৷ সংবাদ মাধ্যমৰ আগত কলিতাই নতুন শিক্ষা পদ্ধতিক উষ্ম আদৰণি জনোৱা বুলি প্ৰকাশ কৰে৷ আনহাতে বৰ্তমান বিজেপিক সমালোচনা কৰা এ আই ইউ ডি এফক সমালোচনা কৰি তেওঁ কয় যে – বিজেপিক সমালোচনা কৰাৰ নৈতিক অধিকাৰ এ আই ইউ ডি এফৰ নাই৷ তদুপৰি,অসম প্ৰদেশ কংগ্ৰেছৰ পদযাত্ৰাৰ বাবে সভাপতি ভূপেন বৰাক শুভেচ্ছা জ্ঞাপন কৰে বিজেপিৰ সভাপতি কলিতাই৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More