গহপুৰৰ জ্যেষ্ঠ সাংবাদিক মমিন কুমাৰ দাসৰ অকাল বিয়োগ, শোক

0 28

শতাব্দ প্ৰতিবেদক, গহপুৰ, ৮ আগষ্টঃ গহপুৰৰ জ্যেষ্ঠ সাংবাদিক তথা গহপুৰ নগৰৰ হলনা গাঁৱৰ নিবাসী মমিন কুমাৰ দাসৰ (৪৮) আজি বিয়লি দুই বজাত নিজ বাসগৃহত অকাল বিয়োগ ঘটাত গহপুৰত শোকৰ ছাঁ পৰিছে। সাংবাদিক গৰাকী যোৱা কিছুদিন ধৰি যকৃতৰ ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন অৱস্থাত আছিল। উল্লেখ্য যে ১৯৯৯ চনতে ” আজিৰ অসম ” কাকতৰ জৰিয়তে সাংবাদিকতা জীৱন আৰম্ভ কৰা দাসে পৰৱৰ্তী সময়ত “আমাৰ অসম ” কাকতৰ গহপুৰৰ বিশেষ সংবাদদাতা হিচাপে দুটা দশকৰো অধিক কাল সংবাদ সেৱা আগবঢ়াইছিল। কিছুদিনৰ বাবে মমিন কুমাৰ দাসে “ফ্ৰন্টিয়াৰ টিভি”ৰ স্থানীয় সংবাদদাতা হিচাপেও সেৱা আগবঢ়াইছিল। সাংবাদিকতাকে বৃত্তি হিচাপে গ্ৰহণ কৰিবলৈ প্ৰয়াস কৰা মমিন কুমাৰ দাসে সাংবাদিকতাৰ সমান্তৰাল ভাৱে বিভিন্ন দল-সংগঠন, অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগত জড়িত হৈ সমাজৰ প্ৰতি নিঃস্বাৰ্থ ভাবে সেৱা আগবঢ়াইছিল। এগৰাকী সৰবৰহী তথা সৰল মনৰ ব্যক্তি হিচাপে সকলোৰে আপোন আছিল মমিন কুমাৰ দাস। এগৰাকী নিঃস্বাৰ্থ তথা দায়বদ্ধ সাংবাদিক হিচাপে সুপৰিচিত দাসৰ অকাল বিয়োগত গহপুৰ জিলা সাংবাদিক সন্হা,গহপুৰ মহকুমা প্ৰেছ গীল্ড , বিশ্বনাথ জিলা সাংবাদিক সন্থা, গহপুৰ প্ৰেছ ক্লাব, হেলেম প্ৰেছ ক্লাব, অনুসূচিত জাতি ছাত্ৰ সন্হাৰ গহপুৰ মহকুমা সমিতি আদি দল- সংগঠনৰ লগতে অসম উন্নতি সভাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য বীৰেন কাথ হাজৰিকা, সদৌ বিশ্বনাথ জিলা ছাত্ৰ সন্হাৰ সাধাৰণ সম্পাদক ধ্ৰুৱজ্যোতি বৰা, অগপৰ যুৱ পৰিষদৰ সম্পাদক অনন্ত কুমাৰ বৰা গহপুৰ আঞ্চলিক ছাত্ৰ সন্হাৰ সভাপতি দিব্যজ্যোতি ভূঞা, আটাছাৰ বিশ্বনাথ জিলা সমিতিৰ সাধাৰণ সম্পাদক নীলোৎপল ৰবিদাস, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ প্ৰচাৰ সম্পাদক কমলজিত দত্তসহ বিভিন্ন ব্যক্তিয়ে শোক প্ৰকাশ কৰি শোক সন্তপ্ত পৰিয়ালবৰ্গৰ প্ৰতি গভীৰ সমবেদনা জ্ঞাপন কৰিছে।তদুপৰি গহপুৰ জিলা সাংবাদিক সন্থাৰ সভাপতি ভুৱন শইকীয়া, কাৰ্য্যকৰী সভাপতি নৱজিৎ শইকীয়া, সাধাৰণ সম্পাদক ভাস্কৰ জ্যোতি ভূঞাই তেওঁৰ অকাল বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে। মৃত্যুৰ সময়ত মমিন কুমাৰ দাসে পত্নী আৰু একমাত্ৰ পুত্ৰসহ আত্মীয়-স্বজনক ইহ সংসাৰত এৰি থৈ গৈছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More