গহপুৰৰ ডফলাগড় চাহ বাগিচাৰ কলঘৰৰ মেছিনত সোমাই শ্ৰমিকৰ মৃত্যু

0 22

শতাব্দ প্ৰতিবেদক, গহপুৰ, ১০ জুলাই: গহপুৰৰ অসম-অৰুণাচল সীমান্তৱৰ্তী মেকলয়ড ৰাছেল ইণ্ডিয়া লিমিটেড কোম্পেনীৰ অধীনস্থ ডফলাগড় চাহ বাগিচাত আজি এক ভয়ংকৰ অঘটন সংঘটিত হয়। আজি পুৱা ৯ মান বজাত বাগিচাখনৰ কলঘৰৰ মেছিনৰ পাংখাত কৰ্মৰত এজন শ্ৰমিক সোমাই যোৱাৰ ফলত কৰুণভাবে মৃত্যুক সাৱটি লৱ লগা হয়। মৃত শ্ৰমিকজনৰ নাম সুখমন মুণ্ডা। ঘটনা সন্দৰ্ভত জানিব পৰা মতে, বাগিচাখনৰ কলঘৰৰ চাহ প্ৰস্তুতকৰণ প্ৰক্ৰিয়াৰ লগত জড়িত শ্ৰমিক সুখমন মুণ্ডাই কৰ্মৰত অৱস্থাত আন কোনো কৰ্মচাৰীয়ে অসাৱধানবশতঃ মেছিনৰ পাংখা চলাই দিয়াৰ ফলত পাংখাৰ ভিতৰত সোমাই পৰে শ্ৰমিকজন। ফলত অতি কৰুণ ভাৱে থিতাতে মৃত্যু ঘটে শ্ৰমিকজনৰ। ইপিনে, দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিছত কলঘৰৰ কৰ্মচাৰীসকলৰ মাজত হুৱাদুৱাৰ সৃষ্টি হয়। অৱশ্যে, কি পৰিস্থিতি সাপেক্ষে শ্ৰমিকজন মেছিনত সোমাই পৰিল কিম্বা কাৰ ভুলৰ পৰিণতিত শ্ৰমিকজনৰ মৃত্যু ঘটিল, সেয়া তদন্ততহে স্পষ্টভাবে পোহৰলৈ আহিব। দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিছতে স্থানীয় ঘাঁহিগাঁও আৰক্ষী আৰু দণ্ডাধীশ বাগিচাখনত উপস্থিত হৈ প্ৰাৰম্ভিক তদন্ত আৰম্ভ কৰাৰ লগতে মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে বিহালীলৈ প্ৰেৰণ কৰে। উল্লেখ্য যে, বাগিচাখনৰ স্থায়ী কৰ্মচাৰী তথা ১৬ নং শ্ৰমিক লাইনৰ নিবাসী সুখমন মুণ্ডাই মৃত্যুৰ সময়ত পত্নী সহ এটি পুত্ৰক এৰি থৈ যায়।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More