গাড্ডাৰি কৰা ছয় বিধায়কৰ নাম লৈ দিল্লীলৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি

0 18

ৰাষ্ট্ৰপতি নিৰ্বাচনত দলক বিশ্বাসঘাতকতা কৰা ছয় বিধায়কৰ তালিকা দিব কংগ্ৰেছ হাইকামাণ্ডক। হাইকামাণ্ডৰ নিৰ্দেশ মৰ্মে ব্যৱস্থা গ্ৰহণ কৰা হ’ব সেই ছয় বিধায়কৰ বিৰুদ্ধে।

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,২৬ জুলাইঃ ৰাষ্ট্ৰপতি নিৰ্বাচনত কোনে কোনে কৰিলে ক্ৰছ ভোটিং। কোনে কৰিলে নিজ দলক গাড্ডাৰি। বিৰোধী কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ মাজত ইয়াক লৈ চলি আছে তুমুল বিতৰ্ক। তাৰ মাজতে সোমবাৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই চিনাক্ত কৰিলে ক্ৰছ ভোটিং তথা গাড্ডাৰি কৰা দলৰ ছয় বিধায়কক। এই ছয় বিধায়কৰ তালিকা লৈ আজি দিল্লী অভিমুখে ৰাওনা হ’ল প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা। ৰাষ্ট্ৰপতি নিৰ্বাচনত দলক বিশ্বাসঘাতকতা কৰা ছয় বিধায়কৰ তালিকা দিব কংগ্ৰেছ হাইকামাণ্ডক। হাইকামাণ্ডৰ নিৰ্দেশ মৰ্মে ব্যৱস্থা গ্ৰহণ কৰা হ’ব সেই ছয় বিধায়কৰ বিৰুদ্ধে। ৰাষ্ট্ৰপতি নিৰ্বাচনত কোনে ছয় বিধায়কে ক্ৰছ ভোটিং কৰিছিল তাৰ তালিকা অসম কংগ্ৰেছে প্ৰস্তুত কৰিছে যদিও নামসমূহ এতিয়াও প্ৰকাশ কৰা নাই। এই সন্দৰ্ভত আজি দিনৰ ভাগত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কয় যে ক্ৰছ ভোটিং কৰা ছয় বিধায়কক চিনাক্ত কৰা হৈছে। ইতিমধ্য সকলোৱে গমেই পাইছে যে ছয়জন বিধায়কে খেলিমেলি কৰিছে। সংবাদ মাধ্যমৰ আগত এতিয়া নামকেইটা কোৱাত অসুবিধা আছে। তেওঁ কয় যে কৰ্মৰ ফল ভোগ কৰিবই লাগিব। ইফালে বিধায়ক ৰেকিবুদ্দিন আহমেদে কয় যে দলক গাড্ডাৰী কৰা কংগ্ৰেছী বিধায়কক লালকিল্লা নহ’লে জজ ফিল্ডত ফাঁচি দিয়ক। বিজেপিক ভোট দিয়া কংগ্ৰেছী বিধায়কৰ বিৰুদ্ধে কঠোৰ হওক বুলি তেওঁ কয়।
উল্লেখ যে ৰাষ্ট্ৰপতি নিৰ্বাচনত ২২জন বিৰোধী দলৰ বিধায়কে এন ডি এৰ প্ৰাৰ্থীগৰাকীক ভোট দিছিল। যাক লৈ বিৰোধীৰ মাজত আৰম্ভ হৈছিল বোকা ছটিওৱাৰ ৰাজনীতি। অসমত এন ডি এৰ মুঠ বিধায়কৰ সংখ্যা হৈছে ৭৯জন। ইয়াৰে বিজেপিৰ ৬৩ জন, অগপৰ ৯ জন আৰু ইউ পি পি এলৰ ৭জন বিধায়ক। আনহাতে বি পি এফৰ তিনিজন বিধায়কেও ভোট দিছিল এন ডি এৰ প্ৰাৰ্থীগৰাকীক। সেই অনুসৰি এন ডি এৰ প্ৰাৰ্থীগৰাকীয়ে অসমৰ মুঠ ৮২জন বিধায়কৰ ভোট নিশ্চিতভাৱে লাভ কৰিছিল। কিন্তু ভোট গণনাত দেখা গ’ল যে দ্ৰৌপদী মুৰ্মুৱে অসমৰ পৰা মুঠ ১০৪টা ভোট লাভ কৰিছে। ইফালে বিৰোধী দল কংগ্ৰেছৰ বিধায়কৰ সংখ্যা হ’ল ২৭জন। ইয়াৰে তিনিজন নিলম্বিত হৈ আছে। এ আই ইউ ডি এফৰ ১৫ জন বিধায়ক আছিল যদিও দুজনে ভোট দিয়া নাছিল। আনহাতে বিধানসভাত চি পি এমৰ এজন আৰু ৰাইজৰ দলৰ এজন বিধায়ক আছে। ইয়াকে ধৰি বিৰোধী শিবিৰত থকা ৪২জন বিধায়কে ভোট দিছিল। কিন্তু বিৰোধী দলৰ প্ৰাৰ্থী যশৱন্ত সিনহাই অসমৰ বিৰোধী শিবিৰৰ পৰা লাভ কৰিছিল মাত্র ২০ জন বিধায়কৰ ভোটহে। কংগ্ৰেছৰ মতে তেওঁলোকৰ ছয়জন বিধায়কে ক্ৰছ ভোটিং কৰিছে আৰু তেওঁলোকক চিনাক্ত কৰা হৈছে। এতিয়া কংগ্ৰেছ হাইকামাণ্ডে সেই ছয়জন বিধায়কৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ’ব।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More