গুগলত ইন্টাৰ্নশ্বিপ কৰিব বিচাৰে নেকি?

এনেদৰে আবেদন কৰক

0 16

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৯ জুলাই : গুগলে বেংগালুৰু আৰু হায়দৰাবাদত কম্পিউটাৰ বিজ্ঞান মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ বাবে ইন্টাৰ্নশ্বিপ প্ৰগ্ৰেম আৰম্ভ কৰিছে। Google Internship 2023-এ জানুৱাৰী মাহত Winter Internship (Software Engineering Intern, Winter 2023) আৰু মে’-জুন 2023ত Summer Internship (Software Engineering Intern, Summer 2023) চলাব। ইয়াত সকলো ইন্টাৰ্ণে বৃত্তি বা ষ্টাইপেণ্ড লাভ কৰিব। গুগলৰ শীতকালীন ইন্টাৰ্নশ্বিপ প্ৰগ্ৰেমে কম্পিউটাৰ বিজ্ঞান বা আনুষংগিক ক্ষেত্ৰৰ স্নাতক, স্নাতক বা দ্বৈত ডিগ্ৰী প্ৰগ্ৰেমৰ চূড়ান্ত বৰ্ষৰ ছাত্ৰ-ছাত্ৰীক ইন্টাৰ্ণ হিচাপে নিযুক্তি দিয়ে। মন কৰিবলগীয়া যে যিসকল ছাত্ৰ-ছাত্ৰীয়ে কম্পিউটাৰ বা আনুষংগিক বিষয়ত অধ্যয়ন কৰি আছে আৰু যাৰ পাঠ্যক্ৰম ২০২৩ চনত শেষ হ’ব তেওঁলোকে অনলাইনযোগে আবেদন কৰিব পাৰিব। Google Careers ৱেবছাইটলৈ গৈ বা https://bit.ly/3ore2MVত ক্লিক কৰি ইন্টাৰ্নশ্বিপৰ বাবে আবেদন কৰিব পাৰে। আবেদন কৰাৰ আগতে নিজৰ CV আপডেট কৰিব লাগিব। কলেজৰ পৰা লাভ কৰা চৰকাৰী শৈক্ষিক প্ৰতিলিপি বা ট্ৰান্সক্ৰিপ্ট আবেদন দাখিলৰ সময়ত আপলোড কৰিব লাগিব। ট্ৰান্সক্ৰিপ্ট হৈছে এনে এখন নথি যিয়ে আপোনাৰ শিক্ষা, প্ৰমাণ পত্ৰ, ডিগ্ৰী আদিৰ বিষয়ে তথ্য প্ৰদান কৰে। এই নথি কলেজীয়া ছাত্ৰ-ছাত্ৰীক প্ৰদান কৰা হয়। বিদেশত অধ্যয়নৰ বাবে আবেদন কৰাৰ সময়ত সাধাৰণতে ট্ৰান্সক্ৰিপ্টৰ প্ৰয়োজন হয়। গুগলত ইন্টাৰ্নশ্বিপৰ বাবে আবেদন কৰাৰ সময়ত কেৱল ইংৰাজীত কৰা ট্ৰান্সক্ৰিপ্টহে আপলোড কৰিব লাগে। আবেদন কৰিবলৈ ৰিজ্যুম ছেকচনত নিজৰ চিভি আপলোড কৰিব লাগে। বৰ্তমান এছ’চিয়েট, স্নাতক ডিগ্ৰী, স্নাতকোত্তৰ ডিগ্ৰী, মাধ্যমিকৰ পিছৰ বা চফ্টৱেৰ ডেভেলপমেণ্ট বা আনুষংগিক কাৰিকৰী ক্ষেত্ৰত প্ৰশিক্ষণ গ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰীসকল এই ইন্টাৰ্নশ্বিপৰ বাবে যোগ্য। প্ৰাৰ্থীৰ C, C++, Java, JavaScript, Python ৰ ভিতৰত অন্ততঃ এটাত চফ্টৱেৰ ডেভেলপমেণ্ট আৰু ক’ডিং অভিজ্ঞতা থাকিব লাগিব। ‘গুগল গ্ৰীষ্মকালীন ইন্টাৰশ্বিপ ২০২৩’ ২০২৩ চনৰ মে’-জুন মাহত আৰম্ভ হ’ব। এই ইন্টাৰ্নশ্বিপ প্ৰগ্ৰেমত কম্পিউটাৰ বিজ্ঞান বা আনুষংগিক ক্ষেত্ৰত স্নাতক ডিগ্ৰী, স্নাতকোত্তৰ ডিগ্ৰী বা দুয়োটা ডিগ্ৰী থকা ছাত্ৰ-ছাত্ৰী, যাৰ পাঠ্যক্ৰম ২০২৪ চনৰ মাৰ্চ মাহত শেষ হ’ব, তেওঁলোকক অন্তৰ্ভুক্ত কৰা হ’ব। Summer Internship ৰ বাবে Google Careers বা https://bit.ly/3OzLgnTত ক্লিক কৰি প্ৰয়োজনীয় নথি-পত্ৰ পূৰণ কৰি আবেদন কৰিব পাৰিব। গ্ৰীষ্মকালীন ইন্টাৰ্নশ্বিপৰ বাবে আবেদন কৰাৰ আগতে চিভি আপডেট কৰাৰ লগতে ইংৰাজীত ট্ৰান্সক্ৰিপ্টটো লগত ৰাখক। আবেদনখন সম্পূৰ্ণ কৰাৰ সময়ত ‘Now attending’ ডিগ্ৰীৰ অৱস্থাত ক্লিক কৰি ট্ৰান্সক্ৰিপ্টটো আপলোড কৰিব লাগিব। কম্পিউটাৰ বিজ্ঞানত স্নাতক, স্নাতকোত্তৰ বা পি এইচ ডি ডিগ্ৰী বা আনুষংগিক ক্ষেত্ৰত থকা ছাত্ৰ-ছাত্ৰীয়ে গুগল ছামাৰ ইন্টাৰ্নশ্বিপৰ বাবে আবেদন কৰিব পাৰে। অন্ততঃ এটা প্ৰগ্ৰেমিং ভাষাৰ অভিজ্ঞতা আৰু ইংৰাজী লিখা আৰু কোৱাৰ ক্ষমতা থকাটো অতি প্ৰয়োজনীয়।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More