গুৱাহাটীত জালনোটসহ জালনোট প্ৰস্তুত কৰা মেচিন জব্দ

0 12

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,২৯ জুলাইঃ গুৱাহাটী মহানগৰীত উদ্ধাৰ হৈছে জাল নোটসহ জালনোট প্ৰস্তুত কৰা মেছিন। শুকুৰবাৰে জালনোট সৰবৰাহকাৰীৰ বিৰুদ্ধে মহানগৰৰীৰ জ্যোতিনগৰত চানমাৰী আৰক্ষীয়ে অভিযান চলায়। এই অভিযানতে জাল নোট প্ৰস্তুত কৰা মেচিন আৰু জাল নোটসহ এগৰাকী মহিলাক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। ধৃত মহিলা গৰাকী হৈছে ঊষা বৰ্মন (৩৬)। ধৃত মহিলা গৰাকীৰ কবলৰ পৰা আৰক্ষীয়ে জাল নোট প্ৰস্তুত কৰা মেচিন, নগদ ২১,৫০০ টকা জাল নোট আৰু বহু আপত্তিজনক সামগ্ৰী জব্দ কৰে। ধৃত মহিলা গৰাকী জ্যোতিনগৰৰ আৰীফ হুছেইন নামৰ এজন লোকৰ ঘৰত ভাৰতীয়া হিচাপে আছিল। দীৰ্ঘদিন ধৰি ধৃত মহিলা গৰাকীয়ে জাল নোটৰ ব্যৱসায়ত জড়িত আছিল। ঘটনা সন্দৰ্ভত চানমাৰি আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত। মহিলাগৰাকীয়ে জুৰোড তিনিআলিস্থিত এখন পাৰ্লাৰত কাম কৰে বুলি আৰক্ষীৰ প্ৰাথমিক অনুসন্ধানত পোহৰলৈ আহিছে। অৱশ্যে তদন্তৰ খাতিৰত আৰক্ষীয়ে বিতং তথ্য ৰাজহুৱা কৰাৰ পৰা বিৰত আছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More