গুৱাহাটীত বিশ্ব ৰক্তদাতা দিৱস পালন

নিয়মীয়া স্বেচ্ছামূলক ৰক্তদাতা তথা জনপ্ৰিয় অভিনেতা ৰবি শৰ্মাৰ অংশগ্ৰহণ

0 37
  • মহকুমা চিকিৎসালয়তো স্থাপন কৰা হ’ব ব্লাডবেংক–স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত
  • জিলা চিকিৎসালয়ৰ ব্লাডবেংককো উন্নীত কৰা হ’ব ৰক্ত উপাদান পৃথকীকৰণ গোটল
  • জিলাভিত্তিক শ্ৰেষ্ঠ ৰক্তদাতাক সম্বৰ্ধনা, সন্মানিত কৰিলে সামৰিক-অৰ্ধসামৰিক বাহিনীৰ ৰক্তদাতাকো

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, গুৱাহাটী, ১৪ জুন : অসমৰ সকলো মহকুমা চিকিৎসালয়তে ব্লাডবেংক স্থাপনৰ দিশত আগবাঢ়িছে ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগ। গুৱাহাটীত আজি বিশ্ব ৰক্তদাতা দিৱসৰ ৰাজ্যিক পৰ্যায়ৰ অনুষ্ঠানত মুখ্য অতিথি ৰূপে অংশগ্ৰহণ কৰি এই কথা প্ৰকাশ কৰে ৰাজ্যৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ দপ্তৰৰ মন্ত্ৰী কেশৱ মহন্তই। WhatsApp Image 2023 06 14 at 6.51.18 PMঅসম ৰাজ্যিক ৰক্ত সংৰচন পৰিষদ (এএছবিটিচি)ৰ উদ্যোগত খানাপাৰাৰ অসম প্ৰশাসনিক পদাধিকাৰীৰ মহাবিদ্যালয়ত আয়োজিত এই অনুষ্ঠানত স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে কয়, ‘ৰোগীৰ চিকিৎসাৰ বাবে তেজৰ জৰুৰী প্ৰয়োজনীয়তা পূৰাব পৰাকৈ ৰাজ্যৰ সকলো মহকুমা চিকিৎসালয়তে ব্লাডবেংক স্থাপনৰ বাবে স্বাস্থ্য বিভাগে পৰিকল্পনা কৰিছে। আনকি, অঞ্চল বিশেষে কিছুসংখ্যক আদৰ্শ চিকিৎসালয়, প্ৰথম প্ৰেৰক গোট (এফ আৰ ইউ) আদিতো ব্লাড বেংক খোলাৰ বিষয়ে আমি চিন্তা কৰিছো। ইয়াৰ বাবে ইতিমধ্যে ৰাজ্যিক ৰক্ত সংচাৰণ পৰিষদৰ জৰিয়তে কাৰ্য ব্যৱস্থা আৰম্ভ কৰা হৈছে।’ তদুপৰি, জিলা চিকিৎসালয়সমূহত থকা ব্লাডবেংককো পৰ্যায়ক্ৰমে ৰক্ত উপাদান পৃথকীকৰণ গোট (বিচিএছইউ)লৈ উন্নীতকৰণ কৰা হ’ব বুলিও মন্ত্ৰী মহন্তই লগতে উল্লেখ কৰে। কেতবোৰ গুৰুতৰ ৰোগত আক্ৰান্ত ৰোগীৰ চিকিৎসাৰ ক্ষেত্ৰত প্লাজমা তথা আন ৰক্ত উপাদানৰো প্ৰয়োজন হোৱাৰ প্ৰতি লক্ষ্য ৰাখিয়েই জিলা চিকিৎসালয়সমূহৰ ব্লাডবেংকক বিচিএছইউলৈ উন্নীত কৰিবলৈ লোৱা হৈছে বুলি তেওঁ দোহাৰে। এই দিৱসৰ তাৎপৰ্যৰ বিষয়ে উল্লেখ কৰি বিভাগীয় মন্ত্ৰীগৰাকীয়ে কয় যে আৰ্তজনৰ জীৱন ৰক্ষাৰ ক্ষেত্ৰত ৰক্তদানৰ মহত্ব আৰু প্ৰয়োজনীয়তাৰ বিষয়ে জনসচেতনতা বৃদ্ধিৰ লগতে স্বেচ্ছামূলক ৰক্তদাতাসকলক সন্মান তথা কৃতজ্ঞতা জনোৱাৰ এক উপলক্ষ হিচাপে প্ৰতি বছৰে ১৪ জুনত বিশ্ব ৰক্তদাতা দিৱস সমগ্ৰ বিশ্বতে পালন কৰা হয়। তদুপৰি, যিকোনো সময়তে তেজৰ জৰুৰী প্ৰয়োজনীয়তা পূৰাব পৰাকৈ ব্লাড বেংকসমূহত পৰ্যাপ্ত পৰিমাণে ৰক্তৰ উপলব্ধতা সুনিশ্চিত কৰি ৰখা, সম্পূৰ্ণ নিৰাপদ তথা সুৰক্ষিত ৰক্ত তথা প্লাজমা আদি ৰক্ত উপাদানৰ ব্যৱহাৰৰ বিষয়ে সমাজত সচেতনতা বৃদ্ধি আৰু নিয়মীয়াকৈ স্বেচ্ছামূলক ৰক্তদানৰ বাবে অধিক সংখ্যক লোকক উদগণি যোগোৱাটোও এই দিৱস উদযাপনৰ অন্যতম উদ্দেশ্য বুলি তেওঁ উল্লেখ কৰে। মন্ত্ৰী মহন্তই স্বেচ্ছামূলক ৰক্তদানৰ ক্ষেত্ৰত তিনিওটা প্ৰতিৰক্ষা বাহিনীৰ লগতে কেন্দ্ৰীয় অৰ্ধসামৰিক বাহিনীসমূহৰ জোৱান তথা বিষয়াসকলে সদায়ে আগ-ভাগ লৈ অহা কাৰ্য শলাগ লোৱাৰ লগতে তেওঁলোকক অভিবাদনো জনায়। অনুষ্ঠানত বিধায়ক ৰূপজ্যোতি কুৰ্মী, ৰাজ্য চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ প্ৰধান সচিব অবিনাশ যোশী, স্বাস্থ্যসেৱা সঞ্চালক ডাঃ নীলমাধৱ দাস, অসম ৰাজ্যিক ৰক্ত সংৰচন পৰিষদৰ সঞ্চালক পমী বৰুৱা, সীমান্ত সুৰক্ষা বাহিনীৰ উপ মহা-পৰিদৰ্শক (চিকিৎসা) ডাঃ ৰাজীৱ কুটনালা, এনএইচএমৰ কাৰ্যবাহী সঞ্চালক তথা ৰাজ্যৰ অতিৰিক্ত চিকিৎসা শিক্ষা সঞ্চালক ডাঃ মনোজ চৌধুৰী, গুৱাহাটী চিকিৎসা মহাবিদ্যালয় তথা চিকিৎসালয়ৰ সহকাৰী অধ্যাপক ডাঃ দীপাঙ্কৰ বৰুৱা আৰু ৰাজ্যখনৰ এগৰাকী নিয়মীয়া স্বেচ্ছামূলক ৰক্তদাতা তথা জনপ্ৰিয় অভিনেতা ৰবি শৰ্মায়ো অংশগ্ৰহণ কৰে। ইফালে, আজিৰ এই অনুষ্ঠানতে স্বাস্থ্যমন্ত্ৰী মহন্তই বিগত সময়ছোৱাত ৰাজ্যত স্বেচ্ছামূলক ৰক্তদান কৰি মহানুভৱতাৰ নিদৰ্শন দেখুওৱা নিয়মীয়া স্বেচ্ছামূলক ৰক্তদাতা মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী আৰু জনপ্ৰিয় অভিনেতা ৰবি শৰ্মাৰ লগতে বিভিন্ন জিলাৰ শ্ৰেষ্ঠ ৰক্তদাতাসকল আৰু সামৰিক-অৰ্ধসামৰিক বাহিনীসমূহ তথা ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন বাহিনীৰো শ্ৰেষ্ঠ ৰক্তদাতা বিষয়া-জোৱানসকলক সম্বৰ্ধনা জনায়। মন্ত্ৰী মহন্তসহ উপস্থিত সকলোৱে স্বেচ্ছামূলক ৰক্তদানৰ বাবে আগবাঢ়ি অহাৰ লগতে সমাজত ৰক্তদানৰ মহত্ব তথা প্ৰয়োজনীয়তাৰ বিষয়ে সজাগতা সৃষ্টিৰ সংকল্পৰে সমূহীয়া ভাৱে শপত গ্ৰহণো কৰে। এই অনুষ্ঠানৰ পূৰ্বে অসম প্ৰশাসনিক পদাধিকাৰীৰ মহাবিদ্যালয় চৌহদতে অসম ৰাজ্যিক ৰক্ত সংৰচন পৰিষদে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় তথা চিকিৎসালয়ৰ ভ্ৰাম্যমাণ ৰক্ত ভড়ালৰ সহযোগত আয়োজন কৰা এক ৰক্তদান কাৰ্যসূচীও শুভাৰম্ভ কৰে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More