গুৱাহাটীত ভূমিস্খলনে প্ৰাণ ল’লে চাৰিজন লোকৰ

0 13

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,১৪ জুনঃ সোমবাৰে নিশাৰ ভাগত হোৱা মুষলধাৰ বৰষুণৰ ফলত গুৱাহাটী মহানগৰী কৃত্রিম বানত বুৰ যোৱাৰ লগতে ঠায়ে ঠায়ে সংঘটিত হৈছে ভূমিস্খলনৰ ঘটনা। নিশা হোৱা ভূমিস্খলনৰ ঘটনাত গুৱাহাটীত চাৰিজন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। এই কৰুণ ঘটনা সংঘটিত হৈছে গুৱাহাটীৰ পশ্চিম বৰাগাঁৱৰ নিজৰাপাৰাত। নিশা প্ৰায় ৯.৩০ বজাৰ পৰা হোৱা মুষলধাৰ বৰষুণৰ ফলত নিশা প্ৰায় ১ বজাত বৰাগাঁৱৰ নিজৰাপাৰাৰ নয়ন ৰাজবংশী নামৰ লোকজনৰ ভাৰাঘৰত পাহাৰৰ মাটি খহি পৰিছিল। সেইসময়ত ঘৰটোত শুই আছিল চাৰিজন শ্ৰমিক। শুই থকা অৱস্থাতে পাহাৰৰ পৰা খহি অহা শিল-মাটিয়ে হেঁচি ধৰে শ্ৰমিক চাৰিজনক। ঘৰটোত আবদ্ধ হৈ পৰা শ্ৰমিক চাৰিজনক উদ্ধাৰ কৰাৰ বাবে নিশাই এছ ডি আৰ এফ আৰু আৰক্ষীয়ে অভিযান আৰম্ভ কৰে। আজি পুৱাৰ ভাগত শ্ৰমিক চাৰিজনৰ মৃতদেহ মাটিৰ মাজৰ পৰা উদ্ধাৰকাৰী দলে উদ্ধাৰ কৰিবলৈ সক্ষম হয়। নিশা প্ৰায় ১-৩০ বজাৰ পৰা আৰক্ষী আৰু এছ ডি আৰ এফ বাহিনীয়ে উদ্ধাৰ অভিযান চলাই প্ৰথমতে ২ জন লোকৰ মৃতদেহ উদ্ধাৰ কৰে। পাছত আন দুজনৰ মৃতদেহ উদ্ধাৰ কৰে। পেছাত মিস্ত্ৰী আছিল লোককেইজন। লোককেইজনৰ নাম মনোৱাৰ হুইছেন, মতিউৰ হক, আমৰুল হক আৰু হাচানুৰ আলী বুলি জানিব পৰা গৈছে। আনহাতে বামুণীমৈদানৰ জ্যোতিনগৰতো ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে। অৱশ্যে জ্যোতিনগৰত কোনো লোত হতাহত হোৱাৰ খবৰ অহা নাই। গুৱাহাটীৰ কেইবাটাও স্থানত ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে। ইফালে মুষলধাৰ বৰষুণৰ ফলত একপ্ৰকাৰ সমগ্ৰ মহানগৰী জলমগ্ন হৈ পৰিছে। ব্যাহত হৈ পৰিছে স্বাভাৱিক জীৱন যাত্রা।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More