গৃহহীন খিলঞ্জীয়াক দিবলৈ নাই মাটি : পুঁজিপতি লাহতীৰ বেদখলত বিঘাই বিঘাই ভূমি

তিনিচুকীয়াত ক্ষোভ উজাৰিলে কৰদৈগুৰি আঞ্চলিক যুৱক সংঘই

0 24

 শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ২৮ জুলাই : সমস্যাজৰ্জৰ তিনিচুকীয়া জিলাৰ শদিয়া সমষ্টিৰ অন্তৰ্গত কৰদৈগুৰি অঞ্চলৰ সমস্যাসমূহ সমাধানৰ বাবে চৰকাৰে গুৰুত্ব প্ৰদান নকৰাত গৰজি উঠিছে কৰদৈগুৰি আঞ্চলিক যুৱক সংঘ । জানিব পৰা মতে অনন্ত নলাৰ ভয়াৱহ বান আৰু খহনীয়াত ১৯৯২ চনৰ পৰা এতিয়ালৈকে কৰদৈগুৰি অঞ্চল অৰ্ধশতাধিক ৰাজহ গাঁও জাহ যোৱাৰ পাছতো পিছতো ৰাজ্য চৰকাৰে এই বিষয়ত নিৰ্লিপ্ত ভূমিকা গ্ৰহণ কৰি আছে । সংঘৰ ভাৰপ্ৰাপ্ত সভাপতি ৰহেন্দ্ৰ মৰাণে ক্ষোভেৰে কয় যে খিলঞ্জীয়াৰ কথা চিন্তা কৰিবলৈ জাতি, মাটি, ভেটিৰ কথা কোৱা এইখন চৰকাৰৰ সময় নাই । কেৱল পুঁজিপতি বণিকগোষ্ঠীৰ কাষত থিয় দিয়া চৰকাৰখনে দেশৰ সম্পদ পুঁজিপতিৰ ওচৰত বন্ধকত ৰাখি দেশ আৰু স্বজাতিৰ ভৱিষ্যৎ বিপদাপন্ন কৰি তোলাৰ লগতে খিলঞ্জিয়াৰ দুখ, দুৰ্দশাৰ প্ৰতি সম্পূৰ্ণ পিঠি দি আহিছে । তাহানিৰ ১নং বাদলপথাৰ আৰু ২নং বাদলপথাৰ (বৰ্তমান বিষ্ণুপুৰ গাঁও), ১নং তামুলী, ২নং তামুলী, কাইঁটীয়া, ৩নং কৰদৈগুৰি, গৰিয়াটিং, কেৰাণী, টিপুক, শিমলুগুৰি বজ্ৰপুৰ সত্ৰ, দৰ্জিজান, উৰাং বস্তি, মাৰিয়া বস্তি, দীঘলটৰং, বাঘজান, ২নং হাতীশাল, লাইনা, লাউপতি, বৰছাকলি, লংপিত, আজুখা, ভেৰেখা, চামগুৰি, হাবিগাঁও, নেমুগুৰি, ন-গাওঁ, হাতীঘুলি, ধলা, ফুলবাৰীকে আদি কৰি পঞ্চাশৰো অধিক ৰাজহ গাঁও অনন্ত নলাৰ বান আৰু খহনীয়াত নিশ্চিহ্ন হৈ গ’ল । কিন্তু ক্ষতিগ্ৰস্ত পৰিয়ালে পুনৰসংস্থাপন কিম্বা উচিত ক্ষতিপূৰণ লাভ কৰিবলৈ সক্ষম নহ’ল । এই ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক প্ৰতিখন চৰকাৰে কেৱল ভোট বেংকৰ স্বাৰ্থত ব্যৱহাৰ কৰি আহিছে । ১নং আৰু ২নং তামুলীৰ বানপীড়িত ১১৭ টা পৰিয়ালক ২০০০ চনতে চৰকাৰে মাত্ৰ এক কঠাকৈ ভূমি আবন্টন দি নামত সংস্থাপন কৰিলে যদিও তেতিয়াৰ পৰা পৰিয়ালসমূহৰ সমস্যাক লৈ কোনোদিনেই চৰকাৰে চিন্তা নকৰিলে । বান, খহনীয়াত মাটিভেটি হেৰুৱাই আজিও বহু ক্ষতিগ্ৰস্তই ৰাজহুৱা প্ৰেক্ষাগৃহ, পথৰ দাঁতিত অথবা গ্ৰেজিং ভূমিত অঘৰীৰ দৰে দুৰ্বিষহ জীৱন পাৰ কৰিবলৈ বাধ্য হৈছে । এইসকল দুৰ্ভগীয়া পৰিয়ালকৰ খবৰ ল’বলৈ আঁহৰি নোপোৱা চৰকাৰে শেহতীয়াকৈ মিছন বসুন্ধৰা আঁচনিৰ জৰিয়তে পুঁজিপতি গোষ্ঠী, বহিৰাগতক বৰপিৰা পাৰি নিগাজি স্বীকৃতি দিবলৈ তৎপৰ হৈছে বুলি সংঘই অভিযোগ কৰে । সেই অনুসৰি বিগত বৰ্ষৰ ৫ আগষ্টত ডুমডুমা ৰাজহ চক্ৰ বিষয়াক, ৮ আগষ্টত উপায়ুক্তক আৰু ৯ আগষ্টত অতিৰিক্ত উপায়ুক্তক স্মাৰক-পত্ৰ প্ৰদান কৰি ডুমডুমা ৰাজহ চক্ৰৰ অধীনৰ প্ৰায় ৮৩ বিঘা চৰকাৰী ভূমি লাহতী পৰিয়ালে অবৈধ দখলেৰে ভোগ কৰি অহাৰ কথা উল্লেখ কৰা হৈছিল যদিও এইক্ষেত্ৰত আজিও প্ৰশাসন কিম্বা ৰাজ্য চৰকাৰে চৰকাৰী ভূমিৰ অবৈধ বেদখল উচ্ছেদ কৰিবলৈ সক্ষম নহ’ল । ইয়াৰ সমান্তৰালভাৱে গতং গাঁৱৰ চৰকাৰী প্ৰাথমিক বিদ্যালয়ৰ ভূমিও বিক্ৰী কৰি অহা সন্দৰ্ভতো যুৱক সংঘই প্ৰমাণ সহকাৰে প্ৰশাসনক আঙুলিয়াই দিয়াৰ পাছতো আজিপৰ্য্যন্ত কোনো গুৰুত্ব প্ৰদান কৰা পৰিলক্ষিত নহ’ল বুলি সংঘই ক্ষোভ উজাৰিছে । এই অবৈধ বেদখল উচ্ছেদ কৰি বান, খহনীয়াত গৃহহীন তথা ক্ষতিগ্ৰস্ত দুৰ্ভগীয়া পৰিয়ালক পুনৰসংস্থাপন দিবলৈ কৰদৈগুৰি আঞ্চলিক যুৱক সংঘই দাবী জনাইছে ।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More