গোগামুখত মিচিং আগম কৗবাঙৰ অধিৱেশন- সোণালী জয়ন্তী

পঞ্চম শ্ৰেণীলৈ মিচিং ভাষাৰ পাঠ্যপুথি হিচাপে ১১ খন গ্ৰন্থ উন্মোচনঃ মুখ্যমন্ত্ৰী-শিক্ষামন্ত্ৰীৰ অংশগ্ৰহণ

0 26

সমাজ এখনক সংগঠিত ৰূপত আগুৱাই নিয়াৰ ক্ষেত্ৰত সামাজিক সংগঠন সমূহৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে ঃ মুখ্যমন্ত্ৰী
গোগামুখৰ পৰা শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, লখিমপুৰ ৩০ মে’ ঃ মিচিং জাতীয় শীৰ্ষ সংগঠন সমূহৰ অন্যতম সামাজিক সংগঠন হিচাপে মিচিং জাতীয় জীৱনলৈ মিচিং আগম কৗবাঙে অপৰিসীম অৱদান আগবঢ়াই আহিছে৷ সমাজ এখন সংগঠিত ৰূপত আগুৱাই নিয়াৰ ক্ষেত্ৰত সামাজিক সংগঠন সমূহৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে৷ মিচিংসকল অসমৰ এটা অন্যতম সমৃদ্ধিশালী জনজাতি হিচাপে পৰিচিত হোৱাৰ মূলতে ভাষা সাহিত্যৰ ক্ষেত্ৰত মিচিং আগম কৗবাঙৰ [মিচিং সাহিত্য সভা] অৱদান অবিস্মৰণীয়৷ অসমৰ এক সমৃদ্ধিশালী জনগোষ্ঠী মিচিং ভাষা আৰু সাহিত্যৰ পৰম্পৰা গৌৰৱ আছে৷ জনগোষ্ঠীটোৰ বৰ্ণাঢ্য লোকজীৱনৰ সাহিত্যৰ ধাৰাই সুকীয়া স্বৰূপ প্ৰদান কৰিছে৷ মিচিং আগম কৗবাঙৰ প্ৰয়াসৰ ফলতেই মিচিং সাহিত্যই আজি নতুন উচ্চ স্তৰত আৰোহণ কৰিছে৷- এই ভাষ্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ৷ ধেমাজি জিলাৰ গোগামুখত ৰত্নেশ্বৰ পেৰমে লত্তাত যোৱা ২৮ মেৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা মিচিং আগম কৗবাঙৰ ২৪ সংখ্যক ত্ৰি-বাৰ্ষিক সাধাৰণ অধিৱেশন আৰু সোণালী জয়ন্তী সামৰণি অনুষ্ঠানত মুখ্যমন্ত্ৰীজনে আজি মুকলি সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি এনেদৰে কয়৷ মিচিং আগম কৗবাঙৰ সভাপতি গোবিন্দ টাইদৰ উপস্থিতিত অনুষ্ঠিত হোৱা আজিৰ এই অনুষ্ঠানত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু, সাংসদ প্ৰদান বৰুৱা, মিচিং স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙীয়া, মাজুলীৰ বিধায়ক ভূৱন গাম আদি উপস্থিত থাকি বক্তব্য আগবঢ়ায়৷ জন্মলগ্নৰে পৰা মিচিং ভাষা সাহিত্যৰ সংৰক্ষণ, সংবৰ্ধন আৰু বিকাশৰ বাবে নিৰৱছিন্ন ভাৱে আত্ম নিয়োগ কৰি অহা মিচিং আগম কৗবাঙৰ অধিৱেশনত মুখ্যমন্ত্ৰীয়ে আজি মিচিং ভাষাৰ ১১ খন গ্ৰন্থ উন্মোচন কৰে৷ শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে আজি কয় যে অসম চৰকাৰে যোৱা দুটা বছৰত যুগান্তকাৰী পদক্ষেপ গ্ৰহণ কৰিছে৷ ৰাষ্ট্ৰীয় শিক্ষানীতিৰ আধাৰত চৰকাৰে বিশেষ গুৰুত্ব প্ৰদান কৰি অহাৰ লগতে ১১ খন মিচিং ভাষাৰ পুথি প্ৰণয়ন কৰি উলিয়াইছে৷ এই পুথি সমূহ ৰাজ্যৰ মিচিং অধ্যুষিত অঞ্চলৰ প্ৰাথমিক আৰু প্ৰাক প্ৰাথমিক বিদ্যালয়ত পঞ্চম শ্ৰেণীলৈ মিচিং ভাষাৰ পাঠ্যপুথি হিচাপে গণ্য কৰা হ’ব আৰু পঞ্চম শ্ৰেণীলৈ ছাত্ৰ-ছাত্ৰীয়ে মিচিং ভাষাটো অধ্যয়ন কৰিব লাগিব৷ উল্লেখ্য যে ১৯৭২ চনৰ ১৮ এপ্ৰিলত শিৱসাগৰ জিলাৰ দিচাংমুখত মিচিং আগম কৗবাঙৰ প্ৰতিষ্ঠা লাভ কৰিছিল৷ তেতিয়াৰে পৰা পূৰ্ণাংগ পৰ্যায়ৰ এই মিচিং ভাষা সাহিত্যৰ সৰ্বোচ্চ অনুষ্ঠানটিয়ে ভাষা সাহিত্যৰ ক্ষেত্ৰত উল্লেখনীয় অৱদান আগবঢ়াই আহিছে৷ আজি মিচিং ভাষা সাহিত্যৰ কাণ্ডাৰীস্বৰূপ টাবুৰাম টাইড, নাহেন্দ্ৰ পাদুন, দুৰ্গেশ্বৰ দলেকে ধৰি বিভিন্নজন মহান ব্যক্তিৰ কথা মুখ্যমন্ত্ৰীজনে ভাষণত স্মৰণ কৰে৷

IMG 20220824 WA0001 1

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More