বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতিৰ বাবে ভাৰতৰ একমাত্ৰ প্ৰস্তাৱ চৰাইদেউৰ মৈদাম

ছেপ্তেম্বৰত চৰাইদেউলৈ আহিব ইউনেস্কোৰ বিশেষজ্ঞ দল

0 56

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ৩০ মে’ : বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতিৰ বাবে ভাৰতৰ একমাত্ৰ প্ৰস্তাৱ ৰূপে চৰাইদেউৰ মৈদামক বাচনি কৰা হৈছে। ইউনেস্কৰ বিবেচনাৰ বাবে কেন্দ্ৰীয় চৰকাৰে যোৱা জানুৱাৰী মাহত আনুষ্ঠানিক ভাৱে পেৰিছস্থিত ইউনেস্কোৰ কাৰ্যালয়লৈ প্ৰস্তাব প্ৰেৰণ কৰে। উল্লেখ্য যে চৰাইদেউৰ মৈদামথলীক ইউনেস্কোৰ বিশেষজ্ঞ সমিতিৰ পৰিদৰ্শনৰ বাবে ৰাজ্য চৰকাৰৰ প্ৰত্নতত্ব সঞ্চালকালয়ৰ নেতৃত্বত যথোপযুক্ত ভাৱে সাজু কৰি তুলিবলৈ চেষ্টা অব্যাহত আছে।WhatsApp Image 2023 05 30 at 6.44.13 PM ভাৰত চৰকাৰৰ প্ৰস্তাৱটোৰ যোগ্যতাসম্পৰ্কীয় কাৰিকৰী দিশসমূহ পৰীক্ষাৰ বাবে বিবেচনা কৰিবলৈ ইউনেস্কোৱে অহা ছেপ্তেম্বৰত এটা বিশেষজ্ঞ দলক চৰাইদেউলৈ প্ৰেৰণ কৰিব। ইউনেস্কোৰ বিশেষজ্ঞ দলৰ আগমনৰ পূৰ্বেই মৈদাম থলী সাজু কৰাৰ বাবে ৰাজ্য চৰকাৰৰ প্ৰত্নতাত্বিক সঞ্চালকালয় আৰু আৰ্কিঅ’লজিকেল ছাৰ্ভে অৱ ইণ্ডিয়াই ইতিমধ্যে  কামকাজ আৰম্ভ কৰিছে। আজি মুখ্যমন্ত্ৰীৰ নিৰ্দেশত চৰাইদেউৰ মৈদাম প্ৰকল্পথলী পৰিদৰ্শন কৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই। আজি চৰাইদেউ মৈদাম প্ৰকল্পথলী পৰিদৰ্শন কৰি ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি আহৰণৰ বাবে চলোৱা প্ৰস্তুতিৰ অগ্ৰগতি বুজ লোৱাৰ সময়ত সোণাৰী সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, শিৱসাগৰ আৰু চৰাইদেউৰ জিলা আয়ুক্ত (উপায়ুক্ত)দ্বয় আদিত্য বিক্ৰম যাদৱ আৰু নিবেদন দাস পাটোৱাৰী আৰু নাজিৰাৰ মহকুমাধিপতি আয়ুষী জৈন উপস্থিত থাকে। আহোম ৰাজত্বকালৰ সোণালী ঐতিহ্যৰ স্বাক্ষৰ বহনকাৰী মৈদামসমূহৰ সংৰক্ষণ-সংবৰ্দ্ধনমূলক কাম-কাজ পৰিদৰ্শন কৰে। তদুপৰি ৰাজ্য চৰকাৰৰ প্ৰত্নতাত্বিক সঞ্চালকালয়ৰ সঞ্চালিকা দীপিৰেখা কুলি, অসম চৰকাৰে চৰাইদেউ মৈদামৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ স্বীকৃতি আহৰণ প্ৰস্তুতিৰ ক্ষেত্ৰত কাৰিকৰী পৰামৰ্শ প্ৰদানৰ বাবে বিশেষ ভাৱে নিয়োজিত কৰা প্ৰত্নতাত্বিক সঞ্চালকালয়ৰ সাংস্কৃতিক বিশেষজ্ঞ ড° কে চি নুৰিয়ালৰ লগতে সঞ্চালকালয়ৰ উপ সঞ্চালক নৱজিত দেউৰী, কাৰিকৰী বিষয়া শ্বাবিনা হাছান, জ্যেষ্ঠ সংৰক্ষণ বিষয়া কঙ্কন জ্যোতি শইকীয়া আৰু কেন্দ্ৰীয় চৰকাৰৰ আৰ্কিঅ’লজিকেল ছাৰ্ভে অব্ ইণ্ডিয়া (এএছআই)ৰ চৰাইদেউ মৈদাম থলীৰ সংৰক্ষণ সহায়ক গুণাংশু কলিতাই পৰিদৰ্শনকালত মন্ত্ৰী মহন্তক বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ বাবে ইউনেস্কোৰ দ্বাৰা নিৰ্ধাৰিত চৰ্তাৱলী পূৰণৰ দিশত প্ৰত্নতত্ব সঞ্চালকালয়ে এএছআইৰ সহযোগত শেহতীয়াকৈ হাতত লোৱা বিশেষ কাৰ্যব্যৱস্থাৱলীৰ সবিশেষ অৱগত কৰে। আহোম স্বৰ্গদেউসকলৰ মৈদামসমূহৰ সংবৰ্ধন-সংৰক্ষণৰ বাবে লোৱা ব্যৱস্থাৱলী তথা প্ৰস্তুতিৰ বিভিন্ন দিশ সন্দৰ্ভত শিৱসাগৰ-চৰাইদেউৰ জিলা আয়ুক্ত (উপায়ুক্ত)দ্বয়, প্ৰত্নতাত্বিক সঞ্চালকালয়ৰ সঞ্চালিকা, বিশ্ব ঐতিহ্যৰ বিশেষজ্ঞৰ লগতে ৰাজহ চক্ৰ বিষয়াৰ সৈতে মন্ত্ৰী মহন্তই পৰ্যালোচনা কৰাৰ লগতে কেতবোৰ বিশেষ কাৰ্যব্যৱস্থাৰো পৰামৰ্শ আগবঢ়ায়।WhatsApp Image 2023 05 30 at 6.44.01 PM তদুপৰি, মৈদামথলীত ৰাজ্যিক প্ৰত্নতত্ব সঞ্চালকালয়ৰ তত্বাৱধানত আৰু বিশ্ব ঐতিহ্য ক্ষেত্ৰ (সাংস্কৃতিক সমল)ৰ বিশেষজ্ঞ ড০ নুউৰিয়ালৰ নিৰীক্ষণত নতুনকৈ কৰা প্ৰত্নতাত্বিক খননকাৰ্যৰ সময়ত সম্ভাৱ্য বিশেষ স্বাস্থ্য তথা চিকিৎসা প্ৰয়োজনীয়তা চম্ভালিব পৰাকৈ বিশেষজ্ঞ চিকিৎসক, স্বাস্থ্যকৰ্মীৰ লগতে চিকিৎসা উপকৰণ আদি প্ৰকল্পথলীত সাজু ৰাখিবলৈ আজিৰ পৰিদৰ্শনকালত মন্ত্ৰীগৰাকীৰ সৈতে উপস্থিত থকা এনএইচএম অসমৰ কাৰ্যবাহী সঞ্চালক ডাঃ মনোজ চৌধুৰীক মন্ত্ৰী মহন্তই নিৰ্দেশ দিয়ে। উল্লেখ্য যে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ উদ্যোগত অসম চৰকাৰৰ ফালৰ পৰা যোৱা বছৰৰ নৱেম্বৰত বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতিৰ বাবে চৰাইদেউৰ আহোম স্বৰ্গদেউসকলৰ মৈদামথলীৰ প্ৰস্তাৱ ইউনেস্কোলৈ প্ৰেৰণৰ বাবে ভাৰত চৰকাৰৰ ওচৰত দাখিল কৰা হৈছিল।

IMG 20220824 WA0001 2

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More