গোগামুখ মিলনপুৰ নিবাসী বিপিন চন্দ্ৰ হাজৰিকাৰ দেহাৱসান

0 154

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ২ জুলাই : লখিমপুৰ জিলাৰ গোগামুখ মিলনপুৰ নিবাসী তথা লোক নিৰ্মাণ বিভাগৰ অৱসৰপ্ৰাপ্ত উপ-বিভাগীয় অভিযন্তা বিপিন চন্দ্ৰ হাজৰিকাৰ যোৱা শুকুৰবাৰে নিশা প্ৰায় ২.৩০ বজাত দেহাৱসান ঘটে । দীৰ্ঘদিন ধৰি অসুস্থ হৈ থকা হাজৰিকাৰ মৃত্যুৰ সময়ত বয়স আছিল ৯৩ বছৰ । প্ৰয়াত হাজৰিকাই ২০০০ চনৰ ৩১ ডিচেম্বৰত কৰ্মজীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰে। অঞ্চলটোৰ প্ৰতিগৰাকী ব্যক্তিৰ প্ৰিয় হোৱাৰ উপৰি অতি অমায়িক তথা অল্পভাষী হাজৰিকাই তেজপুৰত সৰু পুত্ৰৰ বাসগৃহতে শেষ নিঃশ্বাস ত্যাগ কৰে । মৃত্যুৰ সময়ত পত্নী, চাৰিগৰাকী পুত্র-বোৱাৰী, এগৰাকী জী, ভাই আৰু ভাইবোৱাৰী সহিতে নাতি-নাতিনী তথা বহুতো গুণমুগ্ধক ইহ সংসাৰত এৰি থৈ যায়। তেজপুৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক প্ৰতিষ্ঠানৰ অধীক্ষক ডাঃ জ্যোতি হাজৰিকাৰ পিতৃ বিপিন চন্দ্ৰ হাজৰিকাক তেজপুৰতে শেষকৃত্য সম্পন্ন কৰা হয়। হাজৰিকাৰ মৃত্যুত সমগ্ৰ তেজপুৰতে শোকৰ ছাঁ পৰা পৰিলক্ষিত হৈছে ৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More