গোলাঘাট কাণ্ডৰ নাজিবুৰক ফাঁচীৰ দাবী জনাই ৰাজ্যত ‘লাভ জেহাদ’ প্ৰতিৰোধী কঠোৰ আইন প্ৰণয়নৰ আহ্বান হিন্দু যুৱ-ছাত্ৰৰ

0 17

লক্ষীমপুৰ, ২৭জুলাই : গোলাঘাট নগৰত যোৱা ২৪ তাৰিখে সংঘটিত নাৰকীয় তিনি হত্যাকাণ্ডৰ মূল অভিযুক্ত নাজিবুৰক ফাঁচীৰ দাবী জনাই ৰাজ্যত ‘লাভ জেহাদ’ প্ৰতিৰোধী এখন কঠোৰ আইন প্ৰণয়ন কৰিবলৈ চৰকাৰক দাবী উত্থাপন কৰিছে হিন্দু যুৱ-ছাত্ৰ পৰিষদ, অসমে। আজি এক প্ৰেছ বিবৃতিৰ জৰিয়তে পৰিষদৰ কেন্দ্ৰীয় সভাপতি বলেন বৈশ্য আৰু সাধাৰণ সম্পাদক মাধৱ দাসে কয় যে ৰাজ্যত চৰকাৰে যেতিয়ালৈ ‘লাভ জেহাদ’ প্ৰতিৰোধী আইন প্ৰণয়ন নকৰিব তেতিয়ালৈ গোলাঘাটত সংঘটিত হোৱা ঘটনাতকৈও অধিক ভয়াৱহ নৃশংস ঘটনা সংঘটিত হৈয়েই থাকিব। নাৰী হিন্দু সমাজৰ একোটা পৰিয়ালৰ সন্মানৰ প্ৰতীক। এই সন্মানত আঘাত কৰি হিন্দুৰ স্বাভিমান ধ্বংস কৰিবলৈ জেহাদী সংগঠনবোৰে হিন্দু নাৰীক লক্ষ্য কৰি লৈ আহিছে। লাভ জেহাদ তাৰে এটা অংশহে মাথোন। ইছলামিক জেহাদী শক্তিৰ নিৰ্দেশত একাংশ মুছলমান যুৱকে হিন্দু কিশোৰী- যুৱতী আৰু কম বয়সৰ বোৱাৰীক প্ৰেমৰ জালত পেলাই পৰৱৰ্তী সময়ত তেওঁলোকক ধৰ্মান্তৰিত কৰাৰ যি ষড়যন্ত্ৰ চলাই আহিছে তাক সামাজিক সমস্যা হিচাপে লৈ চৰকাৰে ইয়াক এক জঘন্য অপৰাধ বুলি গণ্য কৰিব লাগে বুলি পৰিষদৰ নেতৃত্বই দাবী জনায়। একেটা বিবৃতিতে বৈশ্য আৰু দাসে জনায় যে হিন্দু যুৱ-ছাত্ৰ পৰিষদ, অসমে পূৰ্বৰে পৰা তদানীন্তন চৰকাৰ-প্ৰশাসনৰ লগতে বৰ্তমানৰ চলিত চৰকাৰখনকো এই লাভ জেহাদ প্ৰতিৰোধী আইন প্ৰণয়ন সম্পৰ্কত দাবী জনাই আহিছিল আৰু সৰ্বসাধাৰণ লোককো এই বিষয়ত সজাগ-সচেতন কৰি আহিছিল। কিন্তু দুৰ্ভাগ্যবশত আজিলৈ কোনো এখন চৰকাৰে এই বিষয়ত কোনোধৰণৰ গুৰুত্ব আৰোপ কৰা দেখা নগল যত অসমত লাভ জেহাদৰ ঘটনাই অধিক ভয়াৱহৰূপ ধাৰণ কৰাত সফলতা লাভ কৰিছে বুলি পৰিষদৰ নেতৃত্বই মত পোষন কৰিছে। বিবৃতিটোৰ শেষত বৈশ্য আৰু দাসে গোলাঘাট ঘটনাৰ শোক-সন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জনাই মূল অভিযুক্ত নাজিবুৰক ফাঁচী দাবী তুলাৰ লগতে অসমৰ অধিকাংশ সনাতনী অভিভাৱক কন্যা সন্তানক যিদৰে ভাৰতীয় সংস্কাৰ-পৰম্পৰাৰে শিক্ষিত কৰি তুলিব লাগিছিল তাত ব্যৰ্থ হৈছে বুলি দোহাৰে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More