গ্ৰেট ব্ৰিটেইন, আমেৰিকা আদি বিভিন্ন ৰাষ্ট্ৰৰ লগতে ভাৰতৰ প্ৰতিখন ৰাজ্যত সদৌ অসম সত্ৰ মহাসভাৰ শাখা গঠনৰ সিদ্ধান্ত

0 162

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ১৯ এপ্ৰিল :IMG 20230419 WA0040 “সদৌ অসম সত্ৰ মহাসভা”ৰ ভগ্নী সংগঠন “আই কনকলতা মহিলা তীৰ্থ, অসম”ৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভাখন আজি ১৯ এপ্ৰিল তাৰিখে তেজপুৰৰ সাহিত্য সভা ভৱনত অনুষ্ঠিত হৈ যায়। দিনৰ ১১: ৩০ বজাত হোৱা সভাখনত আৰম্ভণিতে তেজপুৰ বামুণগাঁও নামঘৰৰ আই মাতৃসকলে নাম পৰিৱেশন, দিপালী গোস্বামীৰ গুৰু বন্দনা আৰু বৰ্ণালী গোস্বামীৰ বৰগীত পৰিৱেশনৰ পিছতে সভাৰ মূল কাৰ্যসূচী আৰম্ভ হয়। আজিৰ সভাত সভাপতিত্ব কৰা আই কনকলতা মহিলা তীৰ্থৰ কেন্দ্ৰীয় সভানেত্ৰী, লক্ষীমপুৰ কেন্দ্ৰীয় মহাবিদ্যালয়ৰ সহযোগী অধ্যাপিকা ড° মন্দিৰা শৰ্মাই মনোজ্ঞ বক্তৃতাৰে আই কনকলতা মহিলা তীৰ্থৰ আগন্তুক বিভিন্ন কাম-কাজৰ বিষয়ে আলোকপাত কৰাৰ লগতে বিশ্বায়নৰ ক্ষেত্ৰত মহিলাৰ ভূমিকাৰ বিষয়ে উল্লেখ কৰে। আজিৰ কাৰ্যনিৰ্বাহক সভাখনত গ্ৰেট ব্ৰিটেইন, আমেৰিকাকে ধৰি কেইবাখনো বিদেশী ৰাষ্ট্ৰৰ উপৰি ভাৰতবৰ্ষৰ প্ৰতিখন ৰাজ্যত সদৌ অসম সত্ৰ মহাসভাৰ ভগ্নী সংগঠন আই কনকলতা মহিলা তীৰ্থ আৰু “সদৌ অসম সত্ৰ মহাসভা”ৰ শাখা গঠনৰ সিদ্ধান্ত লোৱা হয়। সভাত সদৌ অসম সত্ৰ মহাসভাৰ সভাপতি, মাজুলীৰ গড়মূৰ সৰুসত্ৰৰ সত্ৰাধিকাৰ হৰিদেৱ গোস্বামীয়ে কয় যে-“সত্ৰীয়া কলা-সংস্কৃতিৰ প্ৰচাৰ-প্ৰসাৰ তথা বিকাশৰ লগতে গুৰুজনাৰ সৃষ্টি ,আদৰ্শ আৰু কৰ্মৰাজিক বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰা হ’ব। তেওঁ গুৰুজনাৰ সৃষ্ট নামঘৰ সমূহৰ উন্নয়নৰ বাবে চৰকাৰৰ লগত আলোচনা সাপেক্ষে সদৌ অসম সত্ৰ মহাসভাই পদক্ষেপ গ্ৰহণ কৰিব বুলি জনোৱাৰ লগতে আই কনকলতা মহিলা তীৰ্থৰ গঠনৰ তাৎপৰ্য ব্যাখ্যা কৰে।” সদৌ অসম সত্ৰ মহাসভাৰ প্ৰধান সম্পাদক, নগাঁও জিলাৰ শ্ৰীশ্ৰীজগৰাল সত্ৰৰ সত্ৰাধিকাৰ প্ৰান্তিক গোস্বামীয়ে সত্ৰীয়া কলা-সংস্কৃতিৰ প্ৰচাৰ-প্ৰসাৰ তথা বিকাশৰ লগতে গুৰুজনাৰ সৃষ্টি, আদৰ্শ আৰু কৰ্মৰাজিক বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠাৰ ক্ষেত্ৰত আত্মনিয়োগ কৰি যাবলৈ উপস্থিত সকলোকে আহ্বান জনায়। সভাত মহিলা সৱলীকৰণ, আই কনকলতা জন্ম জয়ন্তী, ৰাষ্ট্ৰীয়, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ আদি অনুষ্ঠিত কৰা বিভিন্ন বিষয়ৰ ওপৰত আলোচনা কৰা হয়। সভাত সদৌ অসম সত্ৰ মহাসভাৰ সভাপতি আৰু মাজুলী গড়মূৰ সত্ৰৰ সত্ৰাধিকাৰ হৰিদেৱ গোস্বামী, সদৌ অসম সত্ৰ মহাসভাৰ প্ৰধান সম্পাদক প্ৰান্তিক গোস্বামী, তেজপুৰ সাহিত্য সভাৰ সভাপতি ৰমেশ চন্দ্ৰ কলিতা, অসম পাঠ্যপুথি প্ৰণয়ন আৰু প্ৰকাশন নিগমৰ উপাধ্যক্ষ তথা শোণিতপুৰ সত্ৰ মহাসভাৰ সভাপতি তুলসী বৰঠাকুৰ, তিনিচুকীয়া ৰংপুৰীয়া আদৰ্শ সত্ৰৰ সত্ৰাধিকাৰ মুনমুন গোস্বামী, আঁহতগুৰি সত্ৰৰ সত্ৰাধিকাৰ ৰামচন্দ্ৰ গোস্বামী, ডেকা সত্ৰাধিকাৰ লোকনাথ গোস্বামী, আই কনকলতা মহিলা তীৰ্থৰ কাৰ্যকৰী সভাপতি ডলী গোস্বামী, আই কনকলতা মহিলা তীৰ্থৰ সম্পাদিকা অমিয়া পাটৰ, ধুবুৰী জিলা আই কনকলতা মহিলা তীৰ্থ”ৰ সভানেত্ৰী ডালিমী দাস, গুৱাহাটী মহানগৰ জিলা আই কনকলতা মহিলা তীৰ্থৰ সভানেত্ৰী নীলিমা ডেকা, আই কনকলতা মহিলা তীৰ্থ”ৰ প্ৰচাৰ সম্পাদিকা ড° বৰ্ণালী ডেকা প্ৰমুখ্যে বহুকেইগৰাকী বক্তাই ভাষণ দিয়ে ।‌ সভাত অসমৰ প্ৰতিখন জিলাৰে আই কনকলতা মহিলা তীৰ্থৰ সভানেত্ৰী, সম্পাদিকা প্ৰমুখ্যে বিষয়ববীয়া ,কাৰ্যনিৰ্বাহক সদস্য সকল উপস্থিত থাকে ।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More