গৰীয়া জাতীয় পৰিষদৰ উদ্যোগত কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা

0 61

শতাব্দ প্ৰতিবেদক, নাৰায়ণপুৰ,২৫ জুনঃ সদৌ অসম গৰীয়া জাতীয় পৰিষদৰ নাৰায়ণপুৰ আঞ্চলিক সমিতিৰ উদ্যোগ আৰু লখিমপুৰ জিলা সমিতিৰ‌ সহযোগত ২৫ জুনত গৰীয়া জনগোষ্ঠীৰ প্ৰায় দুকুৰি কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয়।লুইতপৰীয়া প্ৰাথমিক বিদ্যালয়ত আয়োজিত অনুষ্ঠানটোৰ সভাপতিত্ব কৰে জিলা সভাপতি ছৈয়দ উদ্দিন আহমেদে।সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলত কৃতিত্ব অৰ্জন কৰা ছাত্ৰ-ছাত্ৰীসকলক মানপত্ৰ, ফুলাম গামোচাৰে উষ্ম সম্ভাষণ জ্ঞাপন কৰা হয়। সাংগঠনিক সম্পাদক আছান‌ আহমেদে আঁত ধৰা সভাখনত আঞ্চলিকৰ সভাপতি বাবুল আলী, সম্পাদকদ্বয় আইন আলী, পিপুল আলীয়ে সম্বৰ্ধনা আৰু বৰণ কাৰ্যসূচী পৰিচালনা কৰে। সভাত প্ৰচাৰ সম্পাদক ছুলতান আলী, তিনটিয়া, শিলিখাগুৰি, সাতববৰী শাখা সমিতিৰ ভালেসংখ্যক বিষয়বৱীয়াই অংশ লয়। অনুষ্ঠানটোত মাৰ্গদৰ্শক হিচাপে ৰংপুৰ বেতনি প্ৰাথমিক বিদ্যালয়ৰ সহ:শিক্ষক ছফিকুল ৰহমান, তিনটিয়া আঁহতগুৰি উচ্চ মাধ্যমিক বিদ্যালয়ৰ সহ:শিক্ষক আইনল হক, নায়ায়ণপুৰ সমাবায় সমিতি লিমিটেডৰ সভাপতি জেহিৰুল হক উপস্থিত থাকি বক্তব্য প্ৰদান কৰে। অনুষ্ঠানটোত স্থানীয় শতাধিক লোকৰ উপস্থিতিয়ে সৌষ্ঠৱ বৃদ্ধি কৰে বুলি এক বিবৃতি যোগে কাৰ্যকৰ্তা বুবুল আলীয়ে জানিবলৈ দিয়ে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More