গৱেষকৰ বাবে এতিয়া নিচেই কাষতে অৰ্থনীতিবিদ ড° মনমোহন সিঙ

১৯৫০ চনৰ পৰা দক্ষিণ এছিয়াৰ প্ৰসিদ্ধ অৰ্থনীতিবিদগৰাকীৰ কৰ্মৰাজি সংৰক্ষিত হব

0 30

শতাব্দ বিশেষ প্ৰতিনিধি, ২৩ মে’ :

দেশ-বিদেশৰ গৱেষক বিশেষকৈ অৰ্থনীতিৰ গৱেষক সকলৰ বাবে এটা সুখবৰ ! আৰু কেইদিনমানৰ পাছতে গৱেষকসকলৰ বাবে সহজেই উপলদ্ধ হ’ব ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা বিশ্বৰ এজন প্ৰসিদ্ধ অৰ্থনীতিবিদ ড° মনমোহন সিঙৰ সমস্ত কৰ্মৰাজি। প্ৰায় দহ হাজাৰৰো অধিক আলোকচিত্ৰ আৰু কুৰি হাজাৰৰো অধিক নথি-পত্ৰৰে ড° মনমোহন সিঙৰ ব্যক্তিগত কৰ্মৰাজি সংৰক্ষণ কৰাৰ দায়িত্ব লাভ কৰিছে অশোকা বিশ্ববিদ্যালয়ে। ছাত্ৰাৱস্থাতে কেমব্ৰিজ বিশ্ববিদ্যালয়ত গৱেষণা কৰাৰ পৰা আৰম্ভ কৰি ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াৰ গৱৰ্ণৰ, পৰিকল্পনা আয়োগৰ উপাধ্যক্ষ, কেন্দ্ৰীয় বিত্ত মন্ত্ৰী আৰু প্ৰধানমন্ত্ৰী ৰূপে ড° সিঙে লাভ কৰা অভিজ্ঞতাৰ সকলো দলিল এতিয়া গৱেষকসকলে থাওকতে পোৱাৰ সু-ব্যৱস্থা কৰিছে অশোকা বিশ্ববিদ্যালয়ে। আজি বহু বছৰ ধৰি নিৰলস প্ৰচেষ্টাৰে ড° মনমোহন সিঙৰ সৰু জীয়াৰী আৰু লেখক দমন সিঙে বিশ্বৰ চুকে-কোণে সিঁচৰতি হৈ থকা পিতৃৰ সকলো কৰ্মৰাজি যেনে, তেখেতৰ লেখা, বক্তৃতা, সাক্ষাৎকাৰ, সংবাদ মেল সকলো সংগ্ৰহ আৰু একত্ৰিত কৰি ডিজিটেল ৰূপত সংৰক্ষিত কৰি উলিয়াইছে আৰু ইয়াক অশোকা বিশ্ববিদ্যালয়খনলৈ দান হিচাপে আগবঢ়াইছে।028879af3d25bc3d4d4e495c3a126b2f বিশ্ববিদ্যালয়খনৰ ‘আৰ্কাইভছ অৱ কণ্টেম্পৰেৰী ইণ্ডিয়া’ৰ সঞ্চালক দীপা ভাটনাগৰে কয় যে, অতি সোনকালেই এই সমূহ সম্পদ এটা ৱেবছাইটত উপলদ্ধ হ’ব আৰু ইয়াৰ বাবে এটা সুকীয়া চাৰ্ভাৰৰো ব্যৱস্থা থাকিব য’ৰ পৰা গৱেষক সকলে তথ্য-পাতি আহৰণ কৰিবলৈ সক্ষম হ’ব। এই মূল্যবান দলিলসমূহৰ পৰা গৱেষকসকলে ১৯৫০ চনৰ পৰা দক্ষিণ এছিয়া বিশেষকৈ ভাৰতবৰ্ষত অৰ্থনীতিয়ে কেনেদৰে ৰূপ সলাইছে তাৰ এখন সম্যক প্ৰতিচ্ছবি লাভ কৰিব পাৰিব। এই সংগৃহীত কাৰ্য হ’ব দলিল সমূহৰ মাজেদি এগৰাকী অৰ্থনীতিবিদৰ যাত্ৰা। ১৯৯১ চনৰ ভাৰতৰ অৰ্থনৈতিক উদাৰীকৰণ নীতি, বজাৰ সংস্কাৰ, ভাৰতক স্বনিৰ্ভৰশীল কৰাৰ প্ৰচেষ্টা, বেংকিং পদ্ধতি, বাণিজ্য নীতি, বিত্তীয় নীতি, ৰপ্তানি কৌশল, কৃষিভিত্তিক উন্নয়ন, গোলকীকৰণকে ধৰি বহুবোৰ বিষয়ৰ অপ্ৰকাশিত পাণ্ডিত্যপূৰ্ণ লেখা এই দলিল সমূহৰ ভিতৰত অন্তৰ্ভুক্ত হৈ আছে। প্ৰধানমন্ত্ৰী হিচাপে ড° মনমোহন সিঙৰ ভালেমান কৰ্মৰাজি ইতিমধ্যে প্ৰধানমন্ত্ৰী আৰ্কাইভছতো সংৰক্ষিত কৰা আছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More