অক্সিজেন অবিহনেই এভাৰেষ্ট জয় বংগকন্যাৰঃ নজিৰ গঢ়িলে পিয়ালি বসাকে

0 18

তাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৩ মে’ : এভাৰেষ্টৰ শিখৰ চুই আহিল বঙ্গ তনয়াই। সেয়াও আকৌ অক্সিজেন অবিহনেই। চন্দন নগৰৰ বাসিন্দা পিয়ালি বসাকে কালি ২২ মে’ত ভাৰতীয় সময় অনুসৰি পুৱা চাৰে আঠ বজাত এভাৰেষ্ট জয় কৰে। সাধাৰণতে ৮ হাজাৰ ফুট উচ্চতাত বতাহত অক্সিজেনৰ মাত্রা বহুখিনি কম থাকে। তদুপৰি এভাৰেষ্টৰ দৰে ঠাইত তুষাৰ ধুমুহাৰ মাজত শ্বাস লোৱাটোও কষ্টকৰ। সেই পৰিৱেশৰ মাজতো অক্সিজেন অবিহনেই যিদৰে পিয়ালি বসাকে এভাৰেষ্টৰ চূড়াত উপনীত হ’ব পাৰিলে সেই বাতৰিয়ে অবাক কৰিছে সকলোকে।1653303347830 দেশৰ কোনো মহিলা পর্বতাৰোহীয়ে ইয়াৰ আগলৈকে অক্সিজেন অবিহনে এভাৰেষ্টৰ শিখৰত উপনীত হোৱা নাই বুলিয়েই অনুমান কৰিছে পর্বতাৰোহীসকলে। ইয়াৰ পূৰ্বেও এভাৰেষ্টৰ চূড়াত উঠাৰ চেষ্টা কৰিছিলে পিয়ালিয়ে। কিন্তু সেই সময়ত ব্যর্থ হৈছিল। কিন্তু দ্বিতীয় বাৰৰ চেষ্টাত তেওঁ ব্যর্থ হ’বলগীয়া নহ’ল। চৰকাৰী সাহায্য অবিহনেই তেওঁ এভাৰেষ্ট জয় কৰিছে।উল্লেখ্য যে, পিয়ালিয়ে বিগত অক্টোবৰ মাহত ধৌলাগিৰি শৃঙ্গ জয় কৰিছিল। অক্সিজেন অবিহনে দেশৰ প্রথম মহিলা হিচাবে তেওঁ এই শৃঙ্গ জয় কৰিছিল। তাৰ সাত মাহৰ ভিতৰতে এভাৰেষ্ট জয় কৰি কৃতিত্ব অর্জন কৰিলে চন্দন নগৰৰ এই কন্যাই। পাৰিবাৰিক সূত্রমতে, তেওঁ দীর্ঘদিন ধৰি এভাৰেষ্ট জয়ৰ প্রস্তুতি চলাইছিল। কিন্তু আর্থিক সমস্যাৰ কাৰণে সেয়া কৰিব পৰা নাছিল। এসময়ত নিজৰ ঘৰ-বাৰী বন্ধকত দি, যাৱতীয় সঞ্চয় একত্রিত কৰি ১৮ লাখ টকা যোগাৰ কৰে। কিন্তু এভাৰেষ্ট অভিযানৰ বাবে ৩৫ লাখ টকা দৰকাৰ আছিল। নেপাল চৰকাৰে জনাই দিছিল যে, এই পৰিমাণৰ টকা নাপালে এভাৰেষ্ট অভিযান কৰিবলৈ দিয়া নহ’ব। তেতিয়াই চচিয়েল মিডিয়াত আর্থিক সাহায্য বিচাৰি তেওঁ আৱেদন জনায়। তাৰ পিছত ৫ লাখ টকা উঠে। কিন্তু আৰু ১২ লাখ টকাৰ দৰকাৰ আছিল। তেতিয়া এটা এজেন্সি তেওঁক সহায়ৰ বাবে আগুৱাই আহে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More