চন্দ্ৰৰ ক’ত অৱতৰণ কৰিব মহাকাশচাৰী

নাছাৰ একাধিক পৰিকল্পনা

0 76
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৯ আগষ্ট : নাছাই আৰ্টেমিছ ৩ অভিযানৰ অধীনত চন্দ্ৰলৈ মানুহ পঠোৱাৰ সিদ্ধান্ত লৈছে। সেই অনুসৰি ২০২৫ চনত নাছাই চন্দ্ৰলৈ মহাকাশচাৰী প্ৰেৰণ কৰিব। নাছাই মহাকাশযান অৱতৰণৰ বাবে চন্দ্ৰৰ দক্ষিণ মেৰুৰ একাধিক অঞ্চল চিনাক্ত কৰিছে।
* নাছাই কি চিনাক্ত কৰিছে
নাছাৰ অফিচিয়েল ৱেবছাইট অনুসৰি চন্দ্ৰত কেইবাটাও সম্ভাৱ্য অৱতৰণ স্থান চিনাক্ত কৰা হৈছে। মূলতঃ ভূখণ্ড, যোগাযোগ ব্যৱস্থা, মহাকাশচাৰীৰ বাবে অনুকূল পৰিৱেশৰ ওপৰত গুৰুত্ব দি সম্ভাৱ্য অৱতৰণ কৰা অঞ্চলসমূহ চিনাক্ত কৰা হয়। নাছাই আৰ্টেমিছ মিছনৰ জৰিয়তে প্ৰথম মহিলা আৰু কৃষ্ণাংগ লোকক চন্দ্ৰলৈ পঠোৱাৰ পৰিকল্পনা কৰিছে। চন্দ্ৰত মহাকাশচাৰী অৱতৰণে গৱেষণাৰ পথ বহু পৰিমাণে বিস্তৃত কৰি তুলিব। নাছাৰ মতে, চন্দ্ৰৰ কক্ষপথৰ পৰা পৃথিৱীৰ পৃষ্ঠলৈ মানুহ অৱতৰণ কৰিবলৈ নাছাই স্পেচএক্সৰ ষ্টাৰশ্বিপ বাছনি কৰিছে। নাছাই প্ৰথম অৱস্থাত ঘোষণা কৰিছিল যে আৰ্টেমিছ মিছনৰ জৰিয়তে ২০২৪ চনত মানুহ চন্দ্ৰত উপনীত হ’ব। কিন্তু ২০২১ চনৰ নৱেম্বৰ মাহত এক বিবৃতিত অভিযান পিছুৱাই দিয়াৰ সিদ্ধান্ত ঘোষণা কৰা হৈছিল। কিন্তু ২০২৫ চনত কেতিয়া এই অভিযান আৰম্ভ হ’ব, তেতিয়ালৈকে নাছাই কোনো সবিশেষ ঘোষণা দিয়া নাই।
* নাছাই কেনেকৈ চন্দ্ৰলৈ মানুহ পঠাব?
অৰ্টমিছ মুন মিছনৰ চাৰিটা মূল পৰ্যায় আছে। অৰিয়ান মহাকাশযানখনত লাইফ ছাপৰ্ট চিষ্টেম আৰু শ্বাটল ইন্টাৰফেচ আছে। অৰিয়ান হৈছে এটা কমাণ্ড মডিউল যিটো মহাকাশচাৰীক পৰিবহণৰ বাবে ব্যৱহাৰ কৰা হ’ব। ইয়াৰ পিছত আছে লুনাৰ গেটৱে। লুনাৰ গেটৱে হৈছে এটা সৰু মহাকাশ কেন্দ্ৰ। ই চন্দ্ৰক নিৰীক্ষণ কৰে। অৰিয়ান মহাকাশযানখনেই প্ৰথমবাৰৰ বাবে লুনাৰ গেটৱেত উপস্থিত হ’ব। তাৰ পৰা মহাকাশচাৰীসকল চন্দ্ৰ অৱতৰণ মডিউললৈ স্থানান্তৰিত হ’ব। লুনাৰ গেটৱেত বেছি সময় কটাব নোৱাৰিব। ইউৰোপীয় সংস্থাসমূহৰ উপৰি লুনাৰ গেটৱেৰ একাধিক অংশীদাৰ আছে। তাৰ পিছত চন্দ্ৰ ৰোভাৰে চন্দ্ৰ গেটৱেৰ পৰা চন্দ্ৰৰ পৃষ্ঠলৈ মহাকাশচাৰী কঢ়িয়াই নিব। আনহাতে, মহাকাশ যাত্ৰীক ঘূৰাই পঠোৱাৰ বাবে এপ’ল’ৰ লুনাৰ মডিউল ব্যৱহাৰ কৰা হ’ব।
* ৫০ বছৰৰ পাছত চন্দ্ৰলৈ মানুহ পঠিয়াব নাছাই
মহাকাশচাৰীক চন্দ্ৰত উপনীত হ’বলৈ তিনিদিন সময় লাগিব। কিন্তু জানিব পৰা মতে, গৱেষণাৰ বাবে মহাকাশচাৰী সকল তাত প্ৰায় এমাহ থাকিব। এই সন্দৰ্ভত নাছাই স্পষ্টকৈ একো কোৱা নাই। ১৯৭২ চনৰ পিছত প্ৰথমবাৰৰ বাবে চন্দ্ৰলৈ মানুহ পঠোৱাৰ পৰিকল্পনা কৰিছে নাছাই। বৰ্তমান চন্দ্ৰ আৰু ৫০ বছৰ আগৰ চন্দ্ৰৰ মাজত বহু পাৰ্থক্য আছে। যিটো বিজ্ঞানীৰ গৱেষণাৰ দ্বাৰা ধৰা পৰাৰ সম্ভাৱনা আছে।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More