চন্দ্ৰৰ মাটিত পোৱা গ’ল পানীৰ সন্ধান ! চীনা বিজ্ঞানীৰ দাবীক লৈ চাঞ্চল্য

0 19

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৬ জুন : জোনবাইৰ দেশত ধুনীয়া নগৰ হ’ব! পৃথিৱীৰ নিকটতম প্রতিবেশী জোনত ঘূৰি ফুৰিব মানুহ! শেহতীয়াকৈ চন্দ্ৰৰ বুকুত পানীৰ সন্ধান পোৱা বুলি চীনা বিজ্ঞানীৰ দলে দাবী কৰাৰ পিছত এই ভাবনা মনলৈ অহা স্বাভাৱিক। স্বাভাৱিকভাবেই উত্তেজিত বিজ্ঞানী মহল। পৃথিৱীৰ একমাত্র উপগ্রহৰ ‘অ’চেন অব ষ্টর্মচ’ তথা ঝঞ্ঝাসাগৰ অঞ্চলৰ গোট মৰা লাভাৰ ভিতৰতেই মিলিছে পানীৰ সন্ধান। Nature Communications নামৰ জার্নালখনত প্রকাশিত হৈছে এই সংক্রান্তীয় এক গৱেষণাপত্র। য’ৰ পৰা এই নতুন আৱিষ্কাৰ সম্পর্কে জনা গৈছে। বিজ্ঞানীসকলে জনাইছে যে, চন্দ্রপৃষ্ঠলৈ চীনে পঠোৱা মানুহবিহীন যানে গোট মৰা লাভা বিচাৰি পাইছে। আৰু তাৰ পৰাই পোৱা গৈছে হাইড্রক্সিল। ইয়াৰ মাজতেই আছে পানী। কি এই হাইড্রক্সিল? এটা হাইড্রজেন পৰমাণু আৰু এটা অক্সিজেন পৰমাণুৰ ওচৰাওচৰিকৈ আছে দুটা হাইড্রজেন আৰু এটা অক্সিজেন পৰমাণুৰ জলীয় অণু। ক’ৰ পৰা আহিল এই পানী? অনুমান কৰা হয়, সূর্যৰ পৰা চন্দ্ৰৰ মাটিত আছাৰ খাই পৰা তড়িদাহত কণা আছাৰ খাই পৰিলে যি ৰাসায়নিক ক্রিয়া-বিক্রিয়া হয়, তাৰ ফলতেই উদ্ভৱ হয় হাইড্রক্সিলৰ। ২০২০ চনৰ ডিচেম্বৰত চন্দ্ৰৰ মাটি লগত লৈ উভতিছিল চীনৰ মহাকাশযান চাং ই-৫ (Chang’e-5)। আমেৰিকা আৰু তৎকালীন ছোভিয়েট ইউনিয়নৰ পিছত তৃতীয় দেশ হিচাবে চান্দমামাৰ দেশৰ পৰা পাথৰ অনাত সফল হৈছিল কমিউনিষ্ট দেশখন। তেতিয়াই বিজ্ঞানীসকলে জনাইছিলে যে, যানখনে যি মূল্যবান মাটি আৰু পাথৰৰ নমুনা লৈ আহিছে, সেইবোৰৰ সহায়ত চন্দ্ৰৰ উৎপত্তিক লৈ অনেক অজানা তথ্য পোহৰলৈ আহিব। ইয়াৰ ফলত ভৱিষ্যতে আৰু জটিল চন্দ্রাভিযানৰ বাবে পৰিকাঠামো তৈয়াৰ হ’ব বুলিও ধাৰণা আছিল বিশেষজ্ঞসকলৰ। সেই অনুমান মিলি গ’ল। সংগ্রহ কৰা নমুনাৰ পৰাই বৃহৎ আৱিষ্কাৰৰ প্ৰমাণ পোৱা গ’ল। অনুমান কৰা হৈছে আগন্তুক দিনত চীনে আৰু মহাকাশযান চন্দ্ৰলৈ পঠাব। শেষ পর্যন্ত চন্দ্ৰত পানীৰ উপস্থিতি সম্পর্কে নিশ্চিত হ’ব পাৰিলেই সৌৰজগতৰ গঠন, আনকি পৃথিৱীৰ উৎপত্তি সম্পর্কেও নতুন তথ্য পোৱা যাব পাৰে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More