ছাইন ইন / যোগদান
ছাইন ইন
পাছৱৰ্ড ৰিক’ভাৰ কৰক.
A password will be e-mailed to you.
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ১ ছেপ্টেম্বৰ : শেহতীয়া চৰকাৰী তথ্য অনুসৰি ভাৰতত ২০২১ চনত ৫২,৯৭৪ টা চাইবাৰ অপৰাধৰ গোচৰ সংঘটিত হৈছে, যিটো ২০২০ চনৰ তুলনাত ৫ শতাংশতকৈ অধিক (৫০,০৩৫ গোচৰ) আৰু ২০১৯ চনৰ তুলনাত ১৫ শতাংশতকৈ অধিক (৪৪,৭৩৫ টা গোচৰ)। নেশ্যনেল ক্ৰাইম ৰেকৰ্ডছ ব্যুৰোৰ (এনচিআৰবি) ‘ক্ৰাইম ইন ইণ্ডিয়া ২০২১’ প্ৰতিবেদনত প্ৰকাশ পাইছে যে তেলেংগানা, উত্তৰ প্ৰদেশ, কৰ্ণাটক, মহাৰাষ্ট্ৰ আৰু অসমৰ পৰা ৭০ শতাংশতকৈ অধিক চাইবাৰ অপৰাধ সংঘটিত হৈছে। গৃহ মন্ত্ৰালয়ৰ অধীনত কাম কৰা এনচিআৰবিয়ে জনোৱা মতে, ২০২১ চনত দেশত চাইবাৰ অপৰাধৰ গড় হাৰ (প্ৰতি এক লাখ জনসংখ্যাৰ বিপৰীতে) ৩.৯ আছিল। ২০২১ চনত চাইবাৰ অপৰাধৰ গোচৰত চাৰ্জ শ্বীটিঙৰ হাৰ ৩৩.৮ ৰেকৰ্ড কৰা হৈছিল বুলি প্ৰতিবেদনত প্ৰকাশ পাইছে, যাৰ পৰা অনুমান কৰিব পাৰি যে সমগ্ৰ দেশতে পঞ্জীয়ন কৰা গোচৰৰ এক তৃতীয়াংশৰহে আৰক্ষীৰ তদন্ত সম্পূৰ্ণ কৰা হৈছিল। প্ৰতিবেদন অনুসৰি চাইবাৰ অপৰাধৰ ৬০.৮ শতাংশ (৩২,২৩০) গোচৰত প্ৰৱঞ্চনাৰ উদ্দেশ্য আছিল, তাৰ পিছতে ৮.৬ শতাংশ (৪,৫৫৫) গোচৰত যৌন শোষণ আৰু ৫.৪ শতাংশ (২,৮৮৩) গোচৰত ধন দাবী। ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ভিতৰত সৰ্বাধিক চাইবাৰ অপৰাধৰ গোচৰ তেলেংগানাৰ পৰা (১০,৩০৩), তাৰ পিছতে উত্তৰ প্ৰদেশ (৮,৮২৯), কৰ্ণাটক (৮,১৩৬), মহাৰাষ্ট্ৰ (৫,৫৬২) আৰু অসম (৪,৮৪৬)। আনহাতে দিল্লীত এনেধৰণৰ ৩৫৬টা অপৰাধ দাখিল কৰা হৈছে। চাইবাৰ অপৰাধৰ হাৰ সৰ্বাধিক তেলেংগানাত (২৭) তাৰ পিছতে অসমত (১৩.৮), কৰ্ণাটকত (১২.১), উত্তৰাখণ্ডত (৬.৩) আৰু মহাৰাষ্ট্ৰত (৪.৫)। এনচিআৰবিৰ মতে, এনে অপৰাধৰ বাবে দিল্লীৰ হাৰ আছিল ১.৭। সমগ্ৰ দেশতে ৰিপ’ৰ্ট কৰা চাইবাৰ অপৰাধৰ ভিতৰত ৪,০৭১টা পৰিচয় চুৰিৰ কাণ্ড, ১১,৪২২টা ছদ্মবেশ কৰি প্ৰতাৰণা, আৰু ৯,০০০ৰো অধিক অশ্লীল, যৌন বিষয়বস্তু প্ৰকাশ কৰা বা প্ৰেৰণ কৰা। কম্পিউটাৰৰ উৎসৰ নথি-পত্ৰত হেতালি খেলাৰ সৈতে জড়িত ৫৫টা আৰু ৰেনছমৱেৰৰ ৬৪৮টা গোচৰো আছিল বুলি প্ৰতিবেদনত প্ৰকাশ পাইছে। ইয়াত উল্লেখ কৰা হৈছে যে আন ১১৭৬টা গোচৰ ‘চাইবাৰ ষ্টকিং বা শিশু আৰু মহিলাৰ গুণ্ডাগিৰি’ শিতানত, ১৭০টা ‘ডাটা চুৰি’, আৰু ১,৬২৪টা ‘ফ্ৰ’ড ডেবিট/ক্ৰেডিট কাৰ্ড’ৰ লগতে অন্যান্য গোচৰ পঞ্জীয়ন কৰা হৈছে। এন আৰ চি বিয়ে জনোৱা মতে, ২০২১ চনত সমগ্ৰ দেশতে মুঠ ১৫ টা ‘চাইবাৰ সন্ত্ৰাসবাদ’ গোচৰ ৰুজু কৰা হৈছিল, য’ত ঝাৰখণ্ড, ৰাজস্থান, উত্তৰ প্ৰদেশত তিনিটাকৈ গোচৰ ৰুজু হৈছিল আৰু কৰ্ণাটক, কেৰেলা, মেঘালয়, পঞ্জাৱ, তেলেংগানা, উত্তৰাখণ্ডত এটাকৈ গোচৰ ৰুজু হৈছিল।
পূৰ্বৱৰ্তী লেখা
পৰৱৰ্তী লেখা