শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ১৬ জুন : চতুৰ্থ বৰ্গৰ পদত চাকৰি দিয়াৰ নামত ধন সংগ্ৰহ কৰাৰ অভিযোগত বৃহস্পতিবাৰে নিশা কাৰ্বি আংলঙৰ হামৰেণ থানাৰ আৰক্ষীয়ে তিনিচুকীয়াৰ উপায়ুক্তৰ কাৰ্যালয়ৰ দুই কৰ্মচাৰীসহ ৩ জন লোকক আটক কৰে ৷ আটকাধীন তিনিচুকীয়াৰ উপায়ুক্তৰ কাৰ্যালয়ৰ দুই ঠিকা ভিত্তিক কৰ্মচাৰী ক্ৰমে প্ৰদীপ তাণ্ডিয়া আৰু দীপক থাপা বুলি প্ৰকাশ ৷ তৃতীয়জন ধৃত ব্যক্তি মৰাণত ক’চিং শিক্ষকৰূপে কৰ্মৰত তিনিচুকীয়াৰ বাৰেকুৰি নিবাসী অনিল মৰাণ বুলি আৰক্ষীৰ সূত্ৰই সদৰি কৰিছে ৷ হামৰেণ থানাত ভাৰতীয় দণ্ডবিধিৰ ১২০(বি)/৪১৯/৪৬৮/৪৭১ ধাৰাৰ অধীনত ৰুজু হোৱা ১৪/২৩ নম্বৰ গোচৰত তিনিওজনক আটক কৰি বৃহস্পতিবাৰে নিশাই হামৰেণলৈ লৈ যোৱা হয় ৷ তেওঁলোকে চাকৰি দিয়াৰ প্ৰলোভনেৰে প্ৰায় ৬ লাখ টকা সংগ্ৰহ কৰিছিল বুলি অভিযোগত প্ৰকাশ ৷
ছাইন ইন / যোগদান
ছাইন ইন
পাছৱৰ্ড ৰিক’ভাৰ কৰক.
A password will be e-mailed to you.