চাকৰি নিয়মীয়াকৰণৰ দাবীত  পুনৰ সৰৱ প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজ

 মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ শোণিতপুৰ জিলাৰ শিক্ষকসকলৰ

0 16

শতাব্দ প্রতিনিধি, তেজপুৰ ১মাৰ্চঃ আজি সদৌ অসম প্রাথমিক টেট্‌ উত্তীর্ণ শিক্ষক সমাজৰ কেন্দ্ৰীয় সমিতিৰ আহবানত সমগ্ৰ অসমৰ বিভিন্ন জিলাৰ দৰেই শোণিতপুৰ জিলা সমিতিয়ে আজি এখন স্মাৰক-পত্ৰ মুখ্যমন্ত্ৰীলৈ শোণিতপুৰ জিলাৰ উপায়ুক্তৰ জৰিয়তে পেৰণ কৰে। উল্লেখযোগ্য যে, স্মাৰক-পত্র উল্লেখ কৰা অনুসৰি ২০ জানুৱাৰীত  অসমৰ ৰাজ্যিক কেবিনেটে গুণোৎসৱ ২০২২ আৰু ২০২৩ বৰ্ষত একাধাৰে দুবাৰ এ স্নায় গ্রেড প্রাপ্ত বিদ্যালয়সমূহত কৰ্মৰত নিকাভিত্তিক আৰু ষ্টেটপুল শিক্ষকসকলৰ চাকৰি নিয়মিয়া কৰা হ’ব বুলি সিদ্ধান্ত গ্ৰহণ কৰিছিল। উক্ত সিদ্ধান্ত ৰাজ্যপাল অনুমোদিত হৈ যোৱা ৯ ফেব্ৰুৱাৰীত কাৰ্যকৰী ৰূপত প্ৰকাশ পায়। সেই নির্দেশনা প্রত্যক্ষ কৰাৰ লগে লগে সমগ্ৰ অসমৰ লগতে শোণিতপুৰ জিলাত কৰ্মৰত ঠিকাভিত্তিক আৰু ষ্টেটপুল শিক্ষকসকল হতভম্ব হৈ পৰে। কিয়নো উক্ত নিৰ্দেশনাটোত উল্লেখ কৰা অনুসৰি কৰ্মৰত শিক্ষকজনৰ চাকৰি নিয়মীয়াকৰণ হোৱা তাৰিখটো যোগদানৰ তাৰিখ হিচাপে গণ্য কৰা হ’ব যাৰ দ্বাৰা প্ৰকৃত অৰ্থত সেয়া চাকৰি নিয়মীয়াকৰণ নহয় তাৰ পৰিৱৰ্তে নতুন চাকৰি এটাত মকৰল কৰোৱাহে হ’ব। যাৰ ফলত শিক্ষকসকলে চাকৰিৰ জেষ্ঠতা হেৰুৱাৰ লগতে দৰমহাৰ ক্ষেত্ৰটো যথেষ্ট ক্ষতিৰ সম্মুখীন হ’ব। আনহাতে গুণোৎসৱৰ উন্নত প্ৰদৰ্শনৰ ধাৰাবাহিকতা অক্ষুন্ন ৰাখি বিদ্যালয়খনত দুবাৰকৈ এ প্লাছ লাভ কৰোৱাৰ পুৰস্কাৰৰ নামত চাকৰিত নতুনকৈ যোগদান কৰি বৰ্তমান পাই থকা সকলো সা-সুবিধা হেৰুৱাই সেৱাকাল পুনৰ আৰম্ভণি কৰিবলগীয়া হোৱা এই ব্যৱস্থাৰ বিৰোধিতা শোণিতপুৰ জিলাৰ সকলো শিক্ষকে একমুখে কৰিছে। তাৰোপৰি গুণোৎসৱক আধাৰ হিচাপে লৈ ঠিকাভিত্তিক আৰু ষ্টেটপুল শিক্ষকৰ চাকৰি নিয়মীয়াকৰণৰ সমগ্ৰ ব্যৱস্থাটোকে শিক্ষকসকলে বিৰোধিতা কৰাৰ লগতে গুণোৎসৱ শিক্ষকৰ যোগ্যতা বা পাৰদৰ্শিতা নির্ণয় কৰা মাধ্যম নহয় তথা গুণোৎসৱৰ ফলাফল বিদ্যালয় এখনৰ সামগ্রিক মূল্যায়নহে বুলি উল্লেখ কৰে শোণিতপুৰ জিলা সমিতিৰ সভাপতি  গৰাকীয়ে। শোণিতপুৰ জিলাত কৰ্মৰত সকলো শিক্ষকৰ স্পষ্ট কথা কোনো কাৰণত গুণোৎসৱক আধাৰ হিচাপে লৈ চাকৰি নিয়মীয়াকৰণৰ নামত চাকৰিত নতুনকৈ যোগদান কৰোৱাৰ ব্যৱস্থা মানি লোৱা নহ’ব বুলি জনায় জিলা সমিতিয়ে। গুণোৎসৱৰ এ প্লাছ গ্রেড বিদ্যালয়খনৰ গৌৰৱহে ই চাকৰি নিয়মীয়া কৰাৰ মাধ্যম নহয় বুলি স্পষ্ট কৰে সংগঠনটোৰ জিলা নেতৃত্বই। আজি স্মাৰক পত্ৰ প্ৰেৰণ কৰি ২০ জানুৱাৰী তাৰিখৰ কেবিনেটৰ সিদ্ধান্ত পুনৰ বিচাৰ কৰাৰ বাবে অনুৰোধ জনোৱাৰ লগতে সকলো ঠিকাভিত্তিক শিক্ষকৰ চাকৰি বিনাচতে বেতন সুৰক্ষাসহ নিয়মীয়াকৰণ কৰিবলৈ আহবান জনায় আৰু যদিহে শিক্ষকসকলৰ মৰ্ম বেদনা বুজি চৰকাৰে সিদ্ধান্ত সলনি নকৰে তেনে শোণিতপুৰ জিলাৰ শিক্ষকসকলে কেন্দ্রীয় সমিতিয়ে ইতিমধ্য ঘোষণা কৰা ৰাজধানী দিল্লীত হবলগীয়া গণতান্ত্রিক কার্যসূচীত সক্রিয় অংশগ্রহণ কৰিব বুলি সদৰী কৰে জিলা নেতৃত্বই । ইয়াৰ উপৰি অহা ইংৰাজী ৬ মাৰ্চ তাৰিখে কেন্দ্ৰীয় সমিতিয়ে সদৌ অসম প্রাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজৰ সকলো জিলা সমিতিৰ সহযোগত দেশৰ প্ৰধান মন্ত্ৰীলৈ সকলো প্ৰাথমিক টেট উত্তীর্ণ শিক্ষকৰ চহী সম্বলিত পত্ৰ প্ৰেৰণ কৰিব বুলি সংবাদ মেলযোগে প্ৰকাশ কৰে শোণিতপুৰ জিলা সমিতিৰ নেতৃবৃন্দই।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More