চাহ বাগিচাৰ লোকৰ বাবে চাৰি শতাংশ চৰকাৰী চাকৰি সংৰক্ষণ কৰাৰ সিদ্ধান্ত

শোণিতপুৰত আদৰ্শবিদ্যালয় উদ্বোধন মুখ্যমন্ত্ৰীৰ

0 14

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ, ২২জুনঃ ৰাজ্যৰ চাহ বাগিচাৰ লোকৰ বাবে চাৰি শতাংশ চৰকাৰী চাকৰি সংৰক্ষণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে । ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি শোণিতপুৰৰ ঢেকিয়াজুলিৰ অৰুণ চাহ বাগিচাত এখন আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ৰ উদ্বোধন কৰি ৰাজহুৱা সভাত ভাষণ প্ৰসংগত কয় যে বৰ্তমান চৰকাৰে চাহ বাগিচাৰ ছাত্ৰ ছাত্ৰীৰ বাবে মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ত আসন সংৰক্ষণ কৰাৰ ব্যৱস্থা কৰিছে৷ চাহ বাগিচাৰ ছাত্ৰ ছাত্ৰী সকলে বহু সময়ত উচ্চ শিক্ষাৰ বাবে সুবিধা লাভ নকৰে এতিয়া চৰকাৰে এবছৰত চাহ বাগিচাৰ ভিতৰত ১১৯ খন আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ৰ স্থাপন কৰা বুলিও কয়৷প্ৰনিধানযোগ্য যে, শোণিতপুৰত অৰুণ চাহ বাগিচা আদাবাৰী চাহ বাগিচা সোণাবিল চাহ বাগিচা পাভৈ, জিনজিয়া আৰু কেটেলা চাহ বাগিচাত আদৰ্শ বিদ্যালয় উদ্বোধন কৰে মুখ্যমন্ত্ৰীয়ে । তেওঁ কয় যে এই আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয় সমূহত পৰৱৰ্তী সময়ত ছাত্ৰ ছাত্ৰীৰ সুবিধাৰ বাবে উচ্চতৰ মাধ্যমিকৰ শিক্ষা গ্ৰহণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব। মুখ্যমন্ত্ৰী শৰ্মাই পুনৰ কয় যে বৰ্তমান চাহ বাগিচাৰ ছাত্ৰ ছাত্ৰীৰ বাবে মেডিকেল কলেজ আৰু ইঞ্জিনীয়াৰিঙত পঢ়িবলৈ সুবিধা লাভ আৰু তেওঁলোকৰ বাবে আসন সংৰক্ষণ কৰাৰ অসম চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে ৷তেওঁ কয় যে,মেডিকেল কলেজত অধ্যয়নৰ সুবিধাৰে ৩০ খন আসন চাহবাগিছাৰ ছাত্ৰছাত্ৰীৰ বাবে সংৰক্ষণ কৰা হৈছে । তদুপৰি চাহ বাগিচাৰ লোকৰ বাবে মেডিকেলৰ জি এন এম আৰু এ এন এম নাৰ্ছৰ বাবে এশটা টা পদ সংৰক্ষণ কৰা হৈছে বুলিও তেওঁ কয়। ইপিনে,ৰঙাপৰা বিধানসভা সমষ্টিৰ অন্তৰ্গত তেজপুৰৰ সোণাবিল বাগিচাত আদৰ্শ বিদ্যালয় মুকলি কৰি মুখ্যমন্ত্ৰী ড° শৰ্মাই কয় “চৰকাৰে এতিয়া শিক্ষাত বিনিয়োগ কৰিছে৷ আগন্তুক দিনত পাঁচশ খন বিদ্যালয় আঠ কোটি টকা ব্যয়ৰে আধুনিক সা-সুবিধা উপলব্ধ হোৱাকৈ নিৰ্মাণ কৰিব৷” উল্লেখ্য যে, ৰাজ্য চৰকাৰৰ মাধ্যমিক শিক্ষা বিভাগৰ দ্বাৰা ৰূপায়িত “সংকল্পৰ পৰা সিদ্ধিলৈ” আঁচনিৰ জৰিয়তে ৰাজ্যখনৰ চাহ বাগিচাত প্ৰথমবাৰলৈ হাইস্কুল স্হাপনৰে “চাহ বাগিচা শিক্ষাৰ সোণালী যুগৰ সূচনা” কৰিবলৈ অগ্ৰসৰ হৈছে ৰাজ্য চৰকাৰ৷ৰাজ্যখনৰ চাহ বাগিচা এলেকাত নৱনিৰ্মিত আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয় উদ্বোধনৰ কাৰ্যসূচী হিচাপে প্ৰথমে বৰছলা বিধানসভা সমষ্টিৰ অন্তৰ্গত ঢেকিয়াজুলিৰ অৰুণ চাহ বাগিচা আৰু পিছত ৰঙাপৰাৰ আদাবাৰী চাহ বাগিচাত নিৰ্মাণ সম্পূৰ্ণ কৰি তোলা দুখনকৈ আদৰ্শ বিদ্যালয় মুকলি কৰাৰ পিছত তৃতীয়খন বিদ্যালয় সোণাবিল আদৰ্শ বিদ্যালয় আনুষ্ঠানিকভাৱ মুকলি কৰে মুখ্যমন্ত্ৰীয়ে৷ দিল্লীৰ শিক্ষা ব্যৱস্হা আৰু ৰাজ্যৰ শিক্ষা ব্যৱস্হা সন্দৰ্ভত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰী ড° শৰ্মাই কয় যে দিল্লী এখন সৰু ঠাই৷ দিল্লীৰ লগত অসমৰ তুলনা নহয়৷আনহাতে, সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ বাবে বানপানী হোৱা নাই বুলিও কোৱা মুখ্যমন্ত্ৰীয়ে কয় যে,নামনি অসমততো সোৱণশিৰিৰ বাবে বানপানী হোৱা নাই৷ বানপানী আৰু নদীবান্ধ দুয়োটা পৃথক বুলি মন্তব্য কৰি তেওঁ কয় যে, বিদ্যুৎ উৎপাদনৰ স্বাৰ্থত অতি সোনকালে সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প সচল হ’ব লাগে৷ আনহাতে ৰঙাপৰাৰ আদাবাৰী চাহবাগিচাত আন এখন বিদ্যালয় উদ্বোধন কৰি মুখ্যমন্ত্ৰী ড° শৰ্মাই এই দিনটো চাহ বাগিছাৰ বাবে এক সোণালী দিন বুলি অভিহিত কৰে৷ আনহাতে পূৰ্বে বিভিন্ন আন্দোলন হৈ থকাৰ বাবেই সেই সময়ত সংঘটিত হোৱা অপৰাধমূলক ঘটনাবোৰ সংবাদ মাধ্যমত প্ৰকাশ পোৱা নাছিল বুলি বৰ্তমান অপৰাধৰ মাত্ৰা বৃদ্ধি পোৱা বুলি উত্থাপিত প্ৰশ্নক খণ্ডন কৰে মুখ্যমন্ত্ৰীয়ে৷ ৰঙাপৰাৰ আদাবাৰী চাহবাগিছাত আদৰ্শ বিদ্যালয়খন শুভাৰম্ভ কৰি বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলৰ লগত মধ্যাহ্ন ভোজন গ্ৰহণ কৰা মুখ্যমন্ত্ৰীয়ে ছাত্ৰ ছাত্ৰীসকলক ছেপ্টেম্বৰত চিৰিয়াখানা ভ্ৰমণ কৰাব বুলিও প্ৰতিশ্ৰুতি দিয়ে৷ সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত সমষ্টিৰ পুনৰ নিৰ্ধাৰণ সন্দৰ্ভত বিৰোধীয়ে প্ৰতিবাদ কৰা নাই বুলি উল্লেখ কৰি তেওঁ কয় যে,সমষ্টিৰ পুনৰ নিৰ্ধাৰণকলৈ বিৰোধীয়ে কোনো চিঞৰ বাখৰ কৰা নাই৷ তেওঁ কয় “মই কংগ্ৰেছ কৰিব পাৰোঁ,বিজেপি কৰিব পাৰোঁ,এজিপি কৰিব পাৰোঁ বা ৰাইজৰ দল কৰিব পাৰোঁ৷ কিন্তু চেতনাটো আমি অসমীয়া ভাৰতীয়৷ দুই এজনৰ মনটো বেয়া লাগিব৷ কাৰণ তেওঁলোকৰ সমষ্টিৰ নামটো সলনি হৈ গ’ল৷” আনকি নিজৰে সমষ্টি কৰ্টন হ’ল বুলি উল্লেখ কৰি তেওঁ কয় যে,সমষ্টিৰ পুনৰ নিৰ্ধাৰণ নিৰ্বাচনী আয়োগেহে কৰিছে৷ ইয়াত তেওঁৰ কোনো হাত নাই৷ তেওঁ এই প্ৰসংগত আৰু কয় যে,সমষ্টিৰ এই পুনৰ নিৰ্ধাৰণে অসমীয়া ভাৰতীয়সকলৰ ভৱিষ্যৎ সুৰক্ষিত কৰিব৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More