চাৰিদুৱাৰত অসহায় গজৰাজ

ক্ৰমান্বয়ে অৱনতি ঘটিছে অসুস্থ বন্যহস্তীৰ অৱস্থা

0 8

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,২ছেপ্টেম্বৰঃ বিগত ছদিনে শোণিতপুৰৰ চাৰিদুৱাৰৰ অন্তৰ্গত চাৰিনম্বৰ বগীজুলীৰ ৰিংখাংপুৰত অসহায় অৱস্হাত পৰি থকা বনৰীয়া হাতীটোৰ অৱস্থা অধিক অৱনতি ঘটিছে৷ স্হানীয় ৰাইজে যান্ত্ৰনাত চটফটাই থকা হাতীটোক খাদ্যৰ যোগান ধৰিছে যদিও হাতীটোৱে গ্ৰহণ কৰা খাদ্যৰ পৰিমাণ তেনেই সামান্য৷ উল্লেখযোগ্য যে,পাহাৰৰ দাঁতিৰ এক প্ৰাকৃতিক নলাৰ পিতনিৰ দৰে স্হানত পৰি থকা হাতীটোৰ আগঠেং দুখন অজ্ঞাত কাৰণত অকামিলা হৈ পৰিছে বুলি বন বিভাগে প্ৰকাশ কৰাৰ লগতে হাতীটোৰ শৰীৰৰ আন স্হানত কোনো আঘাতৰ চিহ্ন নাই বুলিও সদৰি কৰিছে৷যোৱা ছদিনে হাতীটোৰ চিকিৎসা অব্যাহত ৰখাৰ পাছতো সেয়া হাতীটোৰ বাবে পৰ্যাপ্ত নোহোৱা বুলি চৰ্চিত হোৱাৰ পাছত কালি কাজিৰঙাৰ পৰা অহা বন্যপ্ৰাণী চিকিৎসকে হাতীটোক চিকিৎসা প্ৰদান কৰে৷ কিন্তু বিগত ছদিনে পৰি থকা এই গধুৰ জন্তুটোৱে পৰ্যাপ্ত খাদ্যও এই সময়ত গ্ৰহণ কৰিব নোৱৰাত অসুস্থ হাতীটো ক্ৰমান্বয়ে দুৰ্বল হৈ পৰিছে৷ বনৰীয়া হাতীটোৰ এনে অৱস্থাই প্ৰত্যক্ষদৰ্শী সকলোকে ব্যথিত কৰিছে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More