চিকিৎসা মহাবিদ্যালয়ত প্ৰবাসীৰ বাবে আসন সংৰক্ষণকলৈ সৰৱ ড° সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য

তেজপুৰত প্ৰতিকূল বতৰৰ মাজতে কলাগুৰুলৈ গীতে মাতে শ্ৰদ্ধাঞ্জলি

0 40

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ২০জুনঃ20230620 192228 “ৰাজ্যৰ চিকিৎসা মহাবিদ্যালয়ত প্ৰবাসী ভাৰতীয়ৰ নামত আসন সংৰক্ষণৰ যি পোষকতা কৰিছে, সেয়া বাতিল কৰিব লাগিব৷ অসমৰ মেধাবী ছাত্ৰ-ছাত্ৰীৰ বাবে এয়া এক চূড়ান্ত অন্যায়৷” তেজপুৰত আজি এইদৰে মন্তব্য কৰে আছুৰ মুখ্য উপদেষ্টা ড° সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই৷ চিকিৎসা মহাবিদ্যালয়ত নামভৰ্তিৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ হঠকাৰী সিদ্ধান্ত সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেজপুৰত আয়োজিত আছুৰ কেন্দ্ৰীয় বিষ্ণু ৰাভা দিৱস থলীত সৰৱ হৈ পৰে ড° ভট্টাচাৰ্য৷ তেওঁ ১২৫ ৰো অধিক আসন কিহৰ ভিত্তিত এন আৰ আইৰ বাবে সংৰক্ষণ কৰিব ওলাইছে, সেই সম্পৰ্কে চৰকাৰক স্থিতি স্পষ্ট কৰাৰ আহ্বান জনায়৷ তেওঁ লগতে কয় যে, সংৰক্ষিত এই আসন অসমৰ মেধাবী ছাত্ৰ-ছাত্ৰীৰ ক্ষেত্ৰত মুকলি কৰিব লাগে৷ তদুপৰি, মাধ্যম সন্দৰ্ভতো প্ৰতিক্ৰিয়া ব্যক্ত কৰি ড° ভট্টাচাৰ্যই চৰকাৰৰ আঁকোৰগোজ স্হিতি সলনি কৰি ছাত্ৰ-ছাত্ৰীক অসমীয়া মাধ্যমতে শিক্ষা গ্ৰহণ কৰি ইংৰাজী ভাষা সলসলীয়াকৈ ক’ব পৰাৰ লগতে শুদ্ধকৈ লিখিব পৰা কৰি তুলিবলৈ আহ্বান জনায়৷তেওঁ লগতে মাধ্যমৰ ক্ষেত্ৰত চৰকাৰক নিজৰ স্হিতি সলাবলৈ কোৱাৰ লগতে অসমীয়া মাধ্যমৰ লগতে বড়ো আৰু জনগোষ্ঠীয় ভাষাই সম-মৰ্যাদাৰে অধিকাৰ পাবই লাগিব বুলিও দাবী উত্থাপন কৰে৷ উল্লেখযোগ্য যে,তেজপুৰৰ নেহৰু ময়দানত আছুৱে এইবাৰ তিনিদিনীয়া কাৰ্যসূচীৰে বিষ্ণু ৰাভা দিৱস পালন কৰিছে৷ আজি সৈনিক শিল্পী গৰাকীৰ স্মৰণত তেজপুৰৰ বিভিন্ন অনুষ্ঠানে বিভিন্ন কাৰ্যসূচীৰে শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে৷ আছুৰ ভাৰপ্ৰাপ্ত সভাপতি উৎপল শৰ্মা, সাধাৰণ সম্পাদক শংকৰ বৰুৱা প্ৰমুখ্যে কেন্দ্ৰীয় সমিতিৰ অন্যান্য বিষয়-ববীয়াসহ মুখ্য উপদেষ্টা ড° ভট্টাচাৰ্যই আজি পুৱা তেজপুৰ কলিবাৰীস্হিত কলাগুৰুৰ সমাধিস্থল সমন্বয়ক্ষেত্ৰত উপস্হিত হৈ কলাগুৰুৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷ “কলাগুৰুৰ সমাধিক্ষেত্ৰ আটকধুনীয়াকৈ নিৰ্মাণ কৰিব লাগিব৷ কলাগুৰু সম্পৰ্কে ছাত্ৰ-ছাত্ৰীৰ বাবে পাঠ্যপুথিত সন্নিবিষ্ট হ’ব৷ কলাগুৰুৰ নামত বিশ্ববিদ্যালয়ত গৱেষণা কৰিব পৰাকৈ আসন সংৰক্ষিত কৰিব লাগিব আৰু ঠায়ে-ঠায়ে প্ৰেক্ষাগৃহ নিৰ্মাণ কৰিব লাগিব” বুলি মন্তব্য কৰে আছু নেতৃত্বই৷ পাছত নেহৰু ময়দানত অনুষ্ঠিত মুকলি সভাত আছু নেতৃত্বৰ লগতে বহুকেইজন গন্যমান্য ব্যক্তিয়ে অংশ কৰা অনুষ্ঠানত বহু কেইজন ব্যক্তিক সম্বৰ্দ্ধনা জনাই আৰু এই উপলক্ষে এখন স্মৃতি গ্ৰন্থও উন্মোচন কৰা হয়৷ অসমীয়া জাতীয় জীৱনৰ প্ৰাত:স্মৰণীয় পুৰোধা কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ ৫৫ সংখ্যক স্মৃতিদিৱসৰ আজিৰ দিনটোত পুৱাৰ পৰাই মুখৰিত হৈ পৰিল তেজপুৰৰ কলাগুৰু গৰাকীৰ সমাধি “সমন্বয় ক্ষেত্ৰ” । “সমন্বয় ক্ষেত্ৰ” পৰিচালনা সমিতিৰ উদ্যোগত পুৱা কলাগুৰুৰ পুত্ৰ, বিধায়ক পৃথ্বিৰাজ ৰাভা আৰু শোণিতপুৰৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰই সমাধিত বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰা আজিৰ এই অনুষ্ঠানতে প্ৰহ্লাদ চন্দ্ৰ দাস স্মৃতি নৃত্যশালাৰ শিক্ষাৰ্থী সকলে অধ্যক্ষা দীপা দাসৰ নেতৃত্বত কলাগুৰুৰ গীতৰ আধাৰত নৃত্য পৰিৱেশন কৰাৰ লগতে সৃজনী সংগীত মহাবিদ্যালয়ৰ শিক্ষাৰ্থী সকলে অধ্যক্ষা, নৃত্যশিল্পী মিতালী বৰঠাকুৰৰ পৰিচালনাত নৃত্য পৰিৱেশনে দৃষ্টিনন্দন পৰিৱেশৰ সৃষ্টি কৰে।শিল্পী সকলে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ পিছত সমন্বয় ক্ষেত্ৰ পৰিচালনা সমিতিৰ সভাপতি পংকজ বৰুৱাৰ পৌৰোহিত্যত অনুষ্ঠিত মূল সভাত বিশিষ্ট শিক্ষাবিদ, সাহিত্যিক দিবাকৰ নাথৰ “কৃষ্টিৰ পূজাৰী বিপ্লৱী সৈনিক বিষ্ণু ৰাভা” শীৰ্ষক গৱেষণামূলক এখন গ্ৰন্থ উন্মোচন কৰে কলাগুৰুৰ পুত্ৰ পৃথ্বিৰাজ ৰাভাই। শোণিতপুৰৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰ, শোণিতপুৰ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া কৰবী শইকীয়া কৰণ, অতিৰিক্ত উপায়ুক্ত পংকজ শৰ্মা উপস্থিত থকা অনুষ্ঠানটিত কন্ঠশিল্পী কামাল ৰচিদ আহমেদ, পৱন দাস, বিতোপন বৰা, হিমাংশু ভট্টৰায়ে কলাগুৰুৰ গীত পৰিবেশন কৰি জীপাল কৰি তোলে। অনুষ্ঠানটিত সাহিত্যিক দিবাকৰ নাথে আজিৰ এই পৱিত্ৰ দিনটোত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ জীৱন – দৰ্শনৰ ওপৰত এখন গ্ৰন্থ উন্মোচন কৰিবলৈ পাই ধন্য হ’লো বুলি মন্তব্য কৰে ।শোণিতপুৰৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰই কালিৰে পৰা চৰকাৰী ভাৱে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাক স্মৰণ কৰি আজি এই পুণ্য ক্ষেত্ৰত মহান শিল্পী গৰাকীক স্মৰণ কৰি শিল্পী গৰাকীৰ মহত্বক উঠি অহা প্ৰজন্মৰ পাঠেয় কৰি তোলাই সকলোৰে লক্ষ্য হোৱা উচিত বুলি কয়। পৃথ্বীৰাজ ৰাভাই ছাত্ৰ জীৱনৰ পৰা মৃত্যু পৰ্যন্ত কলাগুৰু গৰাকীৰ বিভিন্ন স্মৰণীয় দিশ আলোকপাত কৰি কেবাটাও কালজয়ী গীতৰ কলি আওৰায়। ধৰ্মপ্ৰসাদ গোস্বামীয়ে বিষ্ণুপ্ৰসাদ ৰাভাৰ জীৱন – দৰ্শনৰ ওপৰত ৰচনা কৰা আৰু কন্ঠদান কৰা এটি গীত তেজপুৰ সাহিত্য সভাৰ সভাপতি ৰমেশ চন্দ্ৰ কলিতাই উন্মোচন কৰা অনুষ্ঠানটিত বেছেৰীয়াৰ নৱপ্ৰভাত শীৰ্ষক অনুষ্ঠানৰ কণমানি সকলে পৰিবেশন কৰা লোকবাদ্যৰ এক বিশেষ সাংস্কৃতিক অনুষ্ঠানে ৰাইজক মুগ্ধ কৰি তোলে।ইফালে তেজপুৰ সাহিত্য সভাৰ সভাপতি ৰমেশ চন্দ্ৰ কলিতা আৰু উপসভাপতি নবীন চন্দ্ৰ লহকৰ দ্বাৰা বন্তি প্ৰজ্বলন আৰু মাল্যৰ্পনৰে আৰম্ভ হোৱা অনুষ্ঠানটিত তেজপুৰ সাহিত্য সভাৰ সম্পাদক দ্বীজেন নাথ, সহকাৰী সম্পাদক পল্লৱ ভট্টাচাৰ্য্য, তৰুণ লহকৰ আদিয়ে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। সেইদৰে অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ অধীনস্থ জ্যোতি ভাৰতীত শোণিতপুৰৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰই প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত ভাৰপ্ৰাপ্ত বিষয়া জিতেন কুমাৰ দাসৰ লগতে জ্যোতি ভাৰতীৰ শিল্পী সকলে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে সমবেত বিষ্ণুপ্ৰসাদ ৰাভাৰ গীতেৰে শ্ৰদ্ধাঞ্জলি জনায়। তেজপুৰ মহাবিদ্যালয়ত আয়োজন কৰা বৰ্ণাঢ্য কাৰ্যসূচীত মুখ্য অতিথি ৰূপে কলাগুৰুৰ পুত্ৰ বিধায়ক পৃথ্বিৰাজ ৰাভাই অংশ গ্ৰহণ কৰি কলাগুৰুৰ জীৱন – দৰ্শন আলোকপাত কৰাৰ লগতে অধ্যক্ষ ড০ জ্যোতিকমল হাজৰিকাৰ পৌৰোহিত্যত অনুষ্ঠিত অনুষ্ঠানটিত নিৰ্দিষ্ট বক্তা ৰূপে অংশ গ্ৰহণ কৰি বিশিষ্ট শিক্ষাবিদ, লেখিকা ড০ স্বাধীনতা মহন্তই কলাগুৰুৰ স্মৃতিচাৰণ কৰে ।কলাগুৰুৰ স্মৃতি বিজড়িত ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰত কালিৰে পৰা দুদিনীয়াকৈ আয়োজিত হৈ থকাৰ পিছত আজি দুপৰীয়াৰ পৰা সদৌ অসম ভিত্তিত একাংক নাট প্ৰতিযোগিতাৰ লগতে সন্ধিয়া বিশেষ শ্ৰদ্ধাঞ্জলি আৰু স্মৃতিচাৰণ অনুষ্ঠান সম্পন্ন হয়। বাণ থিয়েটাৰৰ সভাপতি বংকিম শৰ্মাৰ পৌৰোহিত্যত কাৰ্যনিৰ্বাহক সদস্য পংকজ বৰুৱাই আঁত ধৰা অনুষ্ঠানটিত সাধাৰণ সম্পাদক জিতুমণি দেৱচৌধুৰীয়ে আদৰণী ভাষণ প্ৰদান কৰাৰ লগতে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ কলা শাখাত দ্বিতীয় স্থানেৰে উজ্বলি উঠা তেজপুৰ ঊষা নগৰ নিৱাসী দিয়া মহন্তক বাণ থিয়েটাৰ কৰ্তৃপক্ষই উষ্ম অভিনন্দন জ্ঞাপন কৰে। আনহাতে বাণ থিয়েটাৰৰ শিল্পীৰ সমবেত বিষ্ণুপ্ৰসাদ ৰাভাৰ গীতেৰে আৰম্ভ হোৱা অনুষ্ঠানটিত সদৌ অসম একাংক নাট প্ৰতিযোগিতাৰ বিচাৰকৰ আসন অলংকৃত কৰা নাটশিল্প ক্ষেত্ৰখনৰ তিনিগৰাকী বিশিষ্ট ব্যক্তি ক্ৰমে – গুৱাহাটীৰ মাণিক আহমেদ, যোৰহাটৰ পৱিত্ৰ বৰুৱা আৰু তেজপুৰৰ অলক নাথক সন্মান জনায়।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More