চিত্ৰকলাৰ জগতত প্ৰাৰ্থনাৰ দক্ষতাৰে আত্মপ্ৰকাশ

0 90

শতাব্দ প্ৰতিনিধি, নাৰায়ণপুৰ, ৬ মেঃ আগ্ৰহী মন আৰু একাগ্ৰতাই মানুহক অতিব্যস্ততাৰ মাজতো প্ৰতিভা বিকাশত সহায় কৰে। অধ্যয়নৰ মেটমৰা বোজা কান্ধত লৈয়ো হাতৰ তুলিকাৰে চিত্ৰকলাৰ সাধনা অব্যাহত ৰাখি সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছে লখিমপুৰ জিলাৰ নাৰায়ণপুৰ বহুপথাৰৰ ছাত্ৰী প্ৰাৰ্থনা দুৱৰা’ই।উচ্চতৰ মাধ্যমিক ২উত্তীৰ্ণ হৈ চিকিৎসা মহাবিদ্যালয়ত স্থান লোৱাৰ প্ৰস্তুতি চলাই থকা প্ৰাৰ্থনা 5এগৰাকী সুন্দৰ নৃত্য শিল্পী হোৱাৰ লগতে এগৰাকী চাৰুকলা শিল্পীও। মানুহৰ প্ৰতিকৃতি, বিভিন্ন ছবি অংকনেৰে উচ্চ প্ৰশংসিত প্ৰাৰ্থনাই বিভিন্ন প্ৰতিযোগিতাটো অংশ লৈ মান পাবলৈ সক্ষম হৈছে। কোনো ধৰণৰ আনুষ্ঠানিক শিক্ষা নোলোৱাকৈ গছ লতা, পশু-পক্ষীৰ ছবিৰে চাৰুকলাৰ পথাৰত খোজ থোৱা প্ৰাৰ্থনাই ইণ্টাৰনেটৰ জৰিয়তে চিত্ৰাংকণৰ জ্ঞান আৰু দক্ষতা বৃদ্ধি কৰিবলৈ সক্ষম হৈছে বুলি অৱগত কৰে। সত্ৰীয়া নৃত্য, আধুনিক নৃত্য, দশাৱতাৰ নৃত্যৰ উপৰিও বিভিন্ন নৃত্য গীতৰ কচৰৎ কৰা প্ৰাৰ্থনা দুৱৰা বৃহত্তৰ নাৰায়ণপুৰ অঞ্চলৰ লগতে পাৰ্শ্বৱৰ্তী অঞ্চলতো এতিয়া এক চিনাকি নাম। আধ্যাত্মিক চেতনাসম্পন্ন এক সাংস্কৃতিক পৰিয়ালত জন্ম লোৱা প্ৰাৰ্থনা দুৱৰা পিতৃ বিমল দুৱৰা আৰু মাতৃ বন্তি বৰা দুৱৰাৰ কন্যা সন্তান। প্ৰাৰ্থনাৰ পৰা আগলৈ বহু আশা কৰিব পৰা থল আছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More