শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৩ মে’ : চীনত বিশাল গহ্বৰৰ (Sinkhole) তলত লুকাই আছে প্রাচীন অৰণ্য ! এনে ধৰণৰেই এখন অৰণ্যৰ সন্ধান পোৱা গৈছে সম্প্রতি। এই অৰণ্যত ৪০ মিটাৰ পর্যন্ত ওখ গছ আছে বুলিও বিজ্ঞানীসকলে জনাইছে। Sinkhole হ’ল মাটিৰ তলৰ গহ্বৰ, যি মাটিৰ তলত হোৱা চ্যুতিৰ কাৰণে সৃষ্টি হয়। বিজ্ঞানীসকলৰ দাবী— এই অৰণ্যত এনে ধৰণৰ উদ্ভিদ আৰু প্রাণীৰ সন্ধান পোৱা যাব পাৰে, যিবোৰ একেবাৰে নতুন প্রজাতিৰ। দক্ষিণ চীনৰ গুৱাংজি অঞ্চলত এক গুহাৰ সন্ধান পাইছিল এটা অনুসন্ধিৎসু দলে। তেওঁলোকেই প্রথমে এই গহ্বৰ আৰু অৰণ্যখনৰ সন্ধান পায়। ইয়াৰ পিছতেই অৰণ্যখনৰ বিষয়ে বিজ্ঞানীসকলক জনায় এই দলটোৱে। লেই কাউন্টিৰ ৩০টা Sinkholeৰ ভিতৰত এইটো সকলোতকৈ ডাঙৰ। এই গহ্বৰটো দীঘলে ৩০৬ মিটাৰ আৰু ১৫০ মিটাৰ বহল। গভীৰতা ১৯২ মিটাৰ। চীনৰ ‘ইন্সটিটিউট অব কাৰ্ষ্ট জিঅ’লজি’ৰ ইঞ্জিনীয়াৰ ঝাং ইউয়ানহাই স্থানীয় সংবাদ সংস্থাক জনাইছে যে, এই গহ্বৰৰ দেৱালত তিনিটি গুহাৰ সন্ধানো পোৱা গৈছে। একেবাৰে তলত আছে অৰণ্য। এই অৰণ্যত কি আছে, সেয়া চাবৰ বাবে বিজ্ঞানীসকলে কেইবা ঘণ্টা চেষ্টা চলোৱাৰ পিছত গহ্বৰটোৰ একেবাৰে তলদেশ পায়গৈ। এই বিজ্ঞানী দলৰ নেতৃত্বত আছিল চেন লিক্সিন। তেওঁ জনায় যে, গছৰ লগতে এই অৰণ্যত তেওঁৰ কান্ধপর্যন্ত ওখ যথেষ্ট উদ্ভিদৰ সন্ধান পোৱা গৈছে। তেওঁ কয়— ‘‘যদি এই গহ্বৰৰ গুহাতলিত নতুন প্রজাতিৰ প্রাণীৰ সন্ধান পোৱা যায়, তেতিয়াও আমি অবাক হ’বলগীয়া একো নাই।’’ গহ্বৰৰ ভিতৰৰ দেৱালৰ পাথৰবোৰ ভূগর্ভস্থ জলে ক্ষয় কৰি এক অদ্ভুত নক্সাৰ সৃষ্টি কৰিছে বুলিও লিক্সিনে জনাইছে। এই এলেকাজুৰি এনেধৰণৰ অনেক গহ্বৰ আছে। তালৈ চাই এইধৰণৰ আৰু গহ্বৰৰ সন্ধান পোৱা যাব পাৰে বুলিও বিজ্ঞানীসকলে অনুমান কৰিছে। বিজ্ঞানীসকলৰ মতে, এই গহ্বৰটো বিৰল। কাৰণ এইটো সাধাৰণ গহ্বৰৰ তুলনাত বেছি গভীৰ। সেয়েহে এই গহ্বৰৰ মুখেৰে পর্যাপ্ত পৰিমাণৰ সূর্যৰ ৰশ্মি প্রৱেশ কৰিব পাৰে বাবে এই অৰণ্যত গছবোৰ বাঢ়ি উঠিছে বুলিও বিজ্ঞানীসকলৰ অনুমান। এই অৰণ্যৰ কথা পঢ়ি মনত পৰিছে নেকি Alice in Wonderlandৰ কথা? য’ত কণমানি এলিচ গৈ গৈ শহাৰ এটা গাঁতত পৰি যায়। গাঁতৰ তলত বিচাৰি পায় এক অৰণ্য। সেই অৰণ্যৰ মাজত অদ্ভূত সকলো প্রাণী আৰু গছ-গছনি বিচাৰি পাইছিল এলিচে। সঁচাকৈয়ে এই গহ্বৰৰ অভ্যন্তৰৰ অৰণ্যত আছে নেকি এলিচৰ সেই আচৰিত অৰণ্যৰ গছ-গছনি আৰু জীৱ-জন্তু!
ছাইন ইন / যোগদান
ছাইন ইন
পাছৱৰ্ড ৰিক’ভাৰ কৰক.
A password will be e-mailed to you.