চেন্টাৰ বাইদেৱে চাকিটো ঘূৰাই দিব…
দীপামণি হাজৰিকা বৰুৱা
মানুহ গৰাকীৰ আচল নামটো আজিও নাজানো। কিন্তু লগ পোৱাৰে পৰা শুনি আহিছো তেখেতক সকলোৱে চেন্টাৰ বাই বুলি মাতে।কথাই প্ৰতি ঢেকঢেকাই হাঁহি উঠা চেন্টাৰ বাইদেউ আমাৰ গাঁও খনৰ সকলোৰে মৰমৰ। নহ’বই বা কিয়! কাৰোবাৰ ঘৰত কিবা অসুবিধা হৈছে, বেমাৰ হৈছে,পইছাৰ নাটনি হৈছে,সকলোৰে আগত গৈ সহায়ৰ হাত আগবঢ়োৱা মানুহ গৰাকী চেন্টাৰ বাইদেউ।ঘৰলৈ কেতিয়াবা খোজনীয়া মানুহ আহিলে প্ৰথমতে চাউল অলপ, তাৰ পাছত চাউলখিনিয়ে অকলে কি কৰিবি বুলি কৈ দাইল অলপ, তাৰ পাছত আলু অলপ, ৰান্ধি থোৱা থাকিলে ভাত কেইটামানো খুৱাই নিজেই লঘোনে থকা মানুহগৰাকী হৈছে চেন্টাৰ বাইদেউ। ঘৰৰ পৰৰ কথা নাই ,কাৰোবাৰ ঘৰত যদি মানুহ ঢুকায়,তেখেতে সেইকেইদিন পাৰিলে মানুহ ঘৰত থাকি ল’ব। অকনমাণ সময়ৰ বাবেও কাকো এৰি নিদিয়ে। কোনে কি খাব, কোনটো সময়ত কোনে কি কৰিব,কি পিন্ধিব,সকামৰ বাবে ক’ত কি লাগিব সকলো কথাৰ হিচাপ সেইকেইদিন চেন্টাৰ বাইদেউৰ ওচৰতহে থাকে। বিপদত পৰা পৰিয়ালবোৰৰ বাবে তেখেত শক্তি হৈ থিয় দিয়ে।থিয় দিয়ে অকৃত্ৰিম সকাহৰ উৎস হৈ।
সিদিনা হঠাতে চেন্টাৰ বাইদেউ আমাৰ ঘৰ আহি ওলালহি।
বাইদেউ কাৰোবাৰ ঘৰলৈ অহা মানেই ঘৰখন হাঁহি আৰু উচ্চ স্বৰৰ কথা বতৰাৰে ৰজন জনাই থকা। সুখৰ কথা কৈ হাঁহেই, দুখৰ কথা কৈও ঢেকঢেকাই হাঁহিব পৰা মানুহ তেওঁ। স্বামীৰ লগতে দুজনকৈ পুত্ৰ হেৰুওৱাৰ দুখেৰে জৰ্জৰিত চেন্টাৰ বাইদেউৰ বুকুতো আছে বেদনাৰ এখন নীলা সাগৰ।অথচ,তেওঁ কাম আৰু ভাল চিন্তাৰে জীৱন জীৱ জানে।সহজ ,সৰল কথা, পৰামৰ্শ আৰু সহায়েৰে আনকো জীয়ন দিব জানে।সকলোৰে ওঁঠত তুলি দিব জানে অমলিন হাঁহিৰ অমিয়া উপায়ন।
মোৰ অসুস্থ মাৰ খবৰ এটা লও বুলি অহা চেন্টাৰ বাইদেউ আহিয়েই মাৰ ওচৰত বহি ললেহি আৰু মাৰ হাত এখন নিজৰ হাতত লৈ এফালৰ পৰা কেনেকৈ ভালকৈ থাকিব লাগে বুজাই গ’ল। অপ্ৰিয় হ’লেও সত্য, বহু দিনৰে পৰা অসুস্থ হৈ থকা মাৰ ওচৰলৈ কিছুমান আলহীয়ে খবৰ লবলৈ আহিলে আমি অকনমান অস্বস্তি অনুভৱ কৰোঁ।খবৰ লোৱাৰ নামত বহুতেই আচলতে তেওঁক মানসিক ভাবে বেছি অসুস্থ কৰিহে তোলে। ইমান কিয় খীনাইছে,আগৰ দৰে কিয় ওলাই সোমাই নুফুৰে, কি খাব লাগিব, ক’ত কি শৰাই দিব লাগে ইত্যাদি এশ এবুৰি কথা,এশ এবুৰি পৰামৰ্শৰে আমাৰ অৱস্থা কাহিল কৰে কিছুমান মানুহে। আমি বিপাঙত পৰো। কোনো কোনো সময়ত খেলিমেলি লাগি যায় প্ৰকৃততে ডাক্তৰ কোন!কিন্তু আন বহুজনে দিয়াৰ দৰে সিদিনা চেন্টাৰ বাইৰ কথাত কোনো ধৰণৰ নঞাৰ্থক ইংগিত নাছিল। তেওঁৰ কথাবোৰত আছিল ভাগি ভাগি পুনৰ জোৰা লগাৰহে আমোঘ মন্ত্ৰ।
“মোৰো মাজতে হৈছিল নহয় বেমাৰ। ল’ৰাই লৈ গৈ ডাক্তৰক দেখুৱালেগৈ।ডাক্তৰে সকলো সময়তে ভাল ভাল কাম কৰি ব্যস্ত থাকিবলৈ কলে। তেনেকৈ থাকি থাকি এতিয়া মই ভাল হৈ উঠিলো। তয়ো ভাল হবি। ভাল হৈছই বহুত। খাবি,কাম কৰিবি,ফূৰ্তি কৰিবি। এয়াই ভাল জীৱন বুজিছ”
কথাখিনি কৈ বাইদেৱে বৰকৈ ৰস পোৱাৰ দৰে হাঁহি উঠিল।মাৰ চুলিত হাত বুলাই বুলাই কথাবোৰ বুজাই থকা মানুহ গৰাকীক হঠাতে মোৰো সাবটি ধৰিবলৈ মন গ’ল। লৈ চাবলৈ মন গ’ল তেওঁৰ হাতৰ সেই স্বৰ্গীয় স্পৰ্শ । কৈ উঠিলো, “আপোনাৰ কথাবোৰ মই লিখিমনে? তেওঁ হয়তো মোৰ আবেগিক কথাষাৰত কিবা এটা অনুভৱ কৰিলে। মাতৃৰ আকুলতাৰে মোক আঁকোৱালি ধৰি পৰিচিত হাঁহিটোৰে কৈ উঠিল,”মোৰ কথাও কোনোবাই লিখেনে!কি লিখিবি। লিখিবলৈ মই কিবা ডাঙৰ মানুহ নে!”
তেওঁৰ বুকুৰ মাজত কি আছিল নাজানো। কিন্তু যোৱা চাৰিবছৰে কাষতে থাকিও কাষত নথকা মাৰ মৰমৰ পৰা বঞ্চিত হৈ থকা মোক সেই বুকুৰ উমে এক বুজাব নোৱাৰা প্ৰশান্তি প্ৰদান কৰিছিল। বিখ্যাত নতুবা ডাঙৰ মানুহবোৰৰ পৰাই যে সকলো ভাল কথা শিকিব পাৰি এনেকুৱা কোনো কথা নাই। আমাৰ চৌপাশে থকা সৰু ,সৰল অথচ জীৱন মুখী মানুহবোৰৰ পৰাহে আমাৰ আটাইতকৈ বেছি শিকিব লগীয়া থাকে। চেন্টাৰ বাইদেউক কথাষাৰ কবলৈ মন গ’ল যদিও নকলোঁ। থাকক। কিছুমান মানুহৰ প্ৰতি থকা কিছুমান বিশেষ অনুভৱ ব্যক্তিজনৰ মুখৰ আগত ব্যক্ত কৰাতকৈ নিজৰ বুকুত পোহৰৰ দৰে জিলিকাই ৰখাটো বেছি দৰকাৰী।
চেন্টাৰ বাইদেউ আমাৰ ঘৰৰ পৰা যোৱাৰ বহু সময়ৰ পাছলৈকে ঘৰত তেওঁৰ আলোচনাই চলি থাকিল। আৰু ৰসেৰে পৰিপূৰ্ণ বাইদেউৰ কথা আলোচনা হোৱা মানেই হাঁহি,হাঁহি আৰু কেৱল হাঁহি।
চেন্টাৰ বাইদেউৰ স্বামী মোৰ শিক্ষাগুৰু আছিল। গতিকে এসময়ত স্কুলতে হওক বা ঘৰতে হওক বাইদেউৰ কাহিনীবোৰ দিনটোত এবাৰ হ’লেও শুনিবলৈ পাইছিলোঁ। প্ৰতিবেশী বা কেতিয়াবা ঘৰত কাম কৰিবলৈ অহা মানুহেও তেওঁৰ ঘৰত কিবা বস্তু বিচাৰিলে চেন্টাৰ বাইদেৱে নিজলৈ আৰু আছেনে নাই নোচোৱাকৈয়ে দি দিয়ে সকলোবোৰ। যাৰ বাবে অভাৱ নথকাৰ পাছতো তেখেতৰ ঘৰত সদায়ে বস্তুৰ নাটনি ঘটে। তথাপি অতিকৈ অতিথি পৰায়ন বাইদেৱে ঘৰলৈ আলহী আহিলে কিবা এটা নোখোওৱাকৈ কেতিয়াও বিদায় নিদিয়ে। এদিন আবেলি বাইদেউৰ ঘৰলৈ আলহী আহিল। বাইদেউৰ ঘৰত সেইদিনা নাই যি নাই টিউবেলটোৰ ৱাচাৰটোও নাই। সেইবুলি আলহীক সুদা মুখে পঠিয়াবনে? শুনা মতে সৰু পুত্ৰৰ হতোৱাই ওচৰৰ দোকানৰ পৰা ৱাচাৰ আনি টিউবেল ভাল কৰি পানী উলিয়াই আলহীক চাহ খোৱাইহে হেনো বাইদেৱে বিদায় দিছিল। চেন্টাৰ বাইদেউৰ এনেকুৱা বহুত হাস্যকৰ কাহিনী সপ্তাহে সপ্তাহে আমাৰ চুবুৰীটোত ঘূৰি ফুৰে। লাইব্ৰেৰীৰ আড্ডা ,বজাৰ নতুবা মেল মিটিঙৰ কথাৰ মাজত কোন সময়ত চেন্টাৰ বায়ে ভুমুকি মাৰেহি কোনেও ধৰিবকে নোৱাৰে। হাঁহি হাঁহি ভাগৰ লগাৰ পাছতহে মানুহ বোৰে অনুভৱ কৰে যে তেওঁলোক মূল কথাৰ পৰা ফালৰি কাটি আহিল। বাইদেউৰ ধেমেলীয়া কাহিনীৰ মায়াই আন সকলকো গম নোপোৱাকৈয়ে ক্ষন্তেকৰ বাবে শিশুৰ দৰে ছটফটীয়া আৰু বিষাদমুক্ত কৰি তোলে।
ওচৰৰে ডেকা ল’ৰাজন ঢুকাল। বিয়া পতা দুবছৰ হৈছিলহে। ছোৱালী এজনী জন্ম হোৱাৰ পাছতে ল’ৰাজন ঢুকাই থাকিল। ঘৰখনৰ সকলোৰে কান্দি কাটি অৱস্থা বেয়া। কোনেও কাৰো চকুলৈ চাব নোৱাৰে। আটাইতকৈ বেয়া অৱস্থা হৈছে ল’ৰা জনৰ পত্নীগৰাকীৰ ।বাৰে বাৰে অচেতন হৈ গৈছে। এনে অৱস্থাত লগত কান্দি দিলেও কান্দোতা জনে অকনমান যেন সকাহ পায়। আন বহুতৰ লগত চেন্টাৰ বাইদেৱেও হিয়া ধাকুৰি কান্দিছে। কিন্তু এতিয়া অকল কান্দি থাকিলেই হবনে? অলপ সময়ৰ পাছতে বাইদেৱে নিজৰ দয়িত্ব বুজি উঠিল আৰু তেল অকনমান গৰম কৰি আনি লৰালৰিকৈ কান্দি কান্দি অচেতন হৈ যোৱা মানুহগৰাকীৰ ভৰিত লগাই মালিছ কৰিবলৈ লাগি গ’ল।
“আপুনি মোৰ ভৰিটোত কিয় মালিছ কৰিছে? এৰি দিয়ক ভৰিটো”
হঠাতে কাৰোবাৰ চিঞৰত কোঠাটোত কান্দি থকা মানুহবোৰ ক্ষন্তেক থমকি ৰ’ল আৰু সকলোৱে চিঞৰটো অহাৰ ফালে চাই দেখিলে চেন্টাৰ বাইদেৱে ঢুকুৱা ল’ৰাজনৰ পত্নী গৰাকীৰ ঠাইত তেওঁৰ ওচৰতে বহি থকা বেলেগ ছোৱালী এজনীৰ ভৰিটোহে মনোযোগেৰে মালিছ কৰি আছে।
“ইচ, ইমান সময়ে তোৰ ভৰিটোহে মালিছ কৰিলো নেকি। তেলখিনি এনেই নষ্ট কৰিলো পায়।চাওঁ আতৰ হ।” লেনিয়াই কৈ উঠা চেন্টাৰ বাইদেউৰ কথাষাৰ শুনাৰ পাছত তাত কান্দি থকা মানুহখিনিয়ে বহুসময়লৈকে থিৰাং কৰিব নোৱাৰিলে, তেওঁলোকে এতিয়া কন্দা উচিত নে হঁহা উচিত!
“Kindness is the language which the deaf can hear and the blind can see”
চেন্টাৰ বাইদেউৰ কথা লিখি থাকোতে মাৰ্ক টুৱেইনৰ সেই বিখ্যাত উক্তিটো বাৰে বাৰে মনলৈ আহি আছে। অতিকৈ সহমৰ্মী, ভলভলীয়া চেন্টাৰ বাইদেউ এনেকুৱা এগৰাকী মানুহ যাৰ সৰল মৰমৰ পৰশত অসম্ভৱ কামো সম্ভৱ হৈ উঠে।যাৰ সুকোমল মমতাৰ আচলৰ ছাঁ সকলো পৰ্যায়ৰ ব্যক্তিৰ বাবেই। কোনো লোককে তেওঁ অৱহেলা কৰিব নাজানে।সকলোকে অকৃত্ৰিম মৰম ,আদৰ বিলাই যোৱাটোৱেই যেন তেওঁৰ জীৱনৰ ব্ৰত। এনে ব্যতিক্ৰমী স্বভাৱৰ বাবেই চেন্টাৰ বাইদেউ সকলোৰে আপোন,সকলোৰে মৰমৰ।
আবেলি সময়ত বাইদেউ সদায়ে ওচৰৰ কাৰোবাৰ ঘৰত ফুৰিবলৈ ওলাই যায়।এদিন কথা পাতি থাকোতে চুবুৰীয়াৰ ঘৰতে গধূলি হ’ল। বাইদেৱে কৈ উঠিল,”বৰ আন্ধাৰ বাহিৰত। তহঁতৰ চাকিটোকে লৈ যাও দে। কাইলৈ ঘূৰাই দিমহি।”
পিছদিনা চাকিটো ঘূৰাই দিবলৈ বাইদেউ পুনৰ মানুহঘৰলৈ আহিল। বাইদেউ আহি কাৰোবাৰ ঘৰত বহা মানেই বিভিন্ন কথা আৰু হাঁহিৰ খিলখিলনি।কথা পাতি থাকোতে সেইদিনাও সন্ধিয়া হ’ল। ঘূৰাই দিবলৈ অনা চাকিটোকে লৈ চেন্টাৰ বাইদেউ আকৌ ঘৰলৈ গ’লগৈ।
প্ৰিয় পাঠক, জানিব পৰা মতে চেন্টাৰ বাইদেৱে এতিয়ালৈকে চাকিটো ঘূৰাই দিবই পৰা নাই বোলে। সদায় আবেলি চাকিটো ঘূৰাই দিবলৈ গৈ কথা বতৰা পাতি সন্ধিয়া আন্ধাৰ হোৱাৰ পাছত আকৌ সেই চাকিটোকে লৈ তেওঁ ঘৰলৈ উভতি আহে। কিন্তু চেন্টাৰ বাইদেৱে এদিন হ’লেও চাকিটো ঘূৰাই দিবই দিব। যিদিনাই তেখেতে চাকিটো উভতাই দিব,সেইদিনাই তেখেতৰ আন এটা নতুন ৰসাল কাহিনী লৈ আপোনালোকৰ মাজলৈ পুনৰ আহিম। তেতিয়ালৈকে আপোনালোকেও অকনমান মনৰ পৰা কামনা কৰিবচোন, বাইদেৱে যাতে সোনকালেই চাকিটো ঘূৰাই দিব পাৰে…।
লেখিকাৰ ফোন: ৬০০০৯৪৫৯৯০