চৰকাৰী মাটি বেদখল কৰি আট্টালিকা নিৰ্মাণ বিধায়ক গণেশ লিম্বুৰঃ ব্যপক প্ৰতিক্রিয়া

0 11

শতাব্দ ষ্টাফ ৰিপটাৰ, তেজপুৰ, ১৯জুনঃ চৰকাৰী ভূমিত বসবাস কৰা সকল বেদখলকাৰী৷ ইতিমধ্যে ৰাজ্য চৰকাৰে বেদখলকাৰী সকলক উচ্ছেদৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে৷ ৰাজ্যজুৰি অব্যাহত আছে উচ্ছেদ অভিযান৷ বনাঞ্চলৰ লগতে সত্ৰৰ ভূমি বেদখল মুক্ত কৰিছে চৰকাৰে৷ কাৰণ সেয়া চৰকাৰী ভূমি৷ একাংশ সন্দেহজনক লোকে বেদখল কৰি থকা চৰ অঞ্চলো মুকলি কৰিলে চৰকাৰে৷ চৰকাৰী বিষয়া আৰক্ষী বাহিনী লৈ বুলডজাৰ, জেচিবি চলালে বেদখলকাৰীৰ বাসগৃহ সমুহত৷ কিন্তু যদি খোদ বিজেপি চৰকাৰৰ বিধায়কেই চৰকাৰী ভূমি বেদখল কৰি গৃহ নিৰ্মাণ কৰে তেতিয়া তেঁওলোকৰ বিৰূদ্ধে কি ব্যৱস্হা ল’ব শোণিতপুৰৰ উপায়ুক্ত বা ৰাজ্য চৰকাৰখনে? ইতিমধ্যে চৰকাৰে শোণিতপুৰ জিলাৰ বৰছলাৰ চিতলমাৰীৰ পিছতেই বৰছলা সমষ্টিৰ ৯ টাকৈ চৰত ৰাজ্য চৰকাৰে অবৈধ বেদখলকাৰীৰ বিৰূদ্ধে অভিযান চলালে৷ একেদৰে শিলসাঁকোত চলিছে অবৈধ দখলৰ বিৰুদ্ধে অভিযান৷ বেদখলকাৰীক উচ্ছেদ কৰি অভয়াৰণ্যৰ ভূমি বেদখল মুক্ত কৰাৰ বাবে চৰকাৰক ধন্যবাদ জনাইছে ৰাইজে৷ কিন্তু বৰছলা সমষ্টিত দুবাৰকৈ উচ্ছেদ চলোৱাৰ পিছত বৰছলাৰ বিধায়ক গণেশ লিম্বুয়ে ঢেকিয়াজুলি চহৰৰ মাজমজিয়াত থকা ২০২ নং দাগৰ ৪ কঠা ১০ লেচা ভূমি আৰু ২০৮ নং দাগৰ ৩ কঠা ১৫ লেচা চৰকাৰী ভূমি দখল কৰি এই বৃহৎ অট্টালিকা অবৈধ ভাৱে নিৰ্মাণ কৰিছে৷ এই সমগ্ৰ তথ্য তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত পোহৰলৈ আহিছে৷ বিধায়কজনে ঢেকিয়াজুলি চহৰৰ মাজমজিয়াত থকা এই ভূমি দখল কৰি নিৰ্মাণ কৰিছে বৃহৎ অট্টালিকা৷ চক্ৰ বিষয়া কাৰ্যালয়ৰ নথিত সম্পূৰ্ণ তথ্য আছে যে দুটাকৈ দাগত থকা এই কোটি টকীয়া ভূমি চৰকাৰী ভূমি৷ তাৰ পিছত এতিয়া ডাঙৰ প্ৰশ্ন উথাপিত হৈছে। আজমল বাহিনীৰ গৃহ থকা ভূমি মুখ্যমন্ত্ৰীৰ এটা ফোনত লৈ ল’লে চৰকাৰে, কিন্তু বিজেপি বিধায়ক গণেশ লিম্বুৰ বেলিকা মুখ্যমন্ত্ৰীয়ে কি পদক্ষেপ ল’ব? কাৰণ গণেশ লিম্বুও বেদখলকাৰী৷ অলপতে জনস্বাস্থ্য কাৰিকৰী মন্ত্ৰী জয়ন্তমল্ল বৰুৱাৰ ঘোষণা চৰকাৰী ভূমি দখল কৰা কোনো নেতা বিধায়কক ৰেহাই দিয়া নহব৷ যদি তথ্য আছে মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰক, ব্যৱস্থা লোৱা হ’ব৷ আমি তথ্য দিছো এতিয়া মুখ্যমন্ত্ৰীয়ে কি ব্যৱস্থা লয় বিধায়ক গণেশ লিম্বুৰ ক্ষেত্ৰত সেয়া লক্ষণীয় কৰ্তৃপক্ষক অভিযোগ দাখিল কৰিছে যদিও বিধায়ক লিম্বুৰ বিৰুদ্ধে বাতৰি প্ৰেৰণ কৰাৰ সময়লৈকে কোনো ব্যৱস্থা গ্ৰহণৰ সাহস গোটাব পৰা নাই৷ একংশ ৰাইজে প্ৰকাশ কৰে যে, মেকুৰীৰ ডিঙিত টিলিঙা আঁৰিব কোনে ?  যি সময়ত বিজেপি চৰকাৰখনে চৰকাৰী মাটি বেদখল মুক্ত কৰিছে থিক সেই সময়তে চৰকাৰখনৰেই বিধায়ক লিম্বুয়ে চৰকাৰী মাটি বেদখল কৰি আট্টালিকা নিৰ্মাণ কৰা ঘটনাই এতিয়া সৰ্বত্ৰ তীব্ৰ প্ৰতিক্রিয়াৰ সৃষ্টি কৰিছে ।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More