চৰকাৰৰ হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে তিনিচুকীয়াৰ উপায়ুক্তৰ কাৰ্যালয়ত অজাযুছাপৰ  প্ৰতিবাদ

0 30

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ১৪ জুন : অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ (অজাযুছাপ) তিনিচুকীয়া জিলা সমিতিয়ে আজি শেহতীয়াভাৱে অসম চৰকাৰে ৰাজ্যৰ অসমীয়া মাধ্যমৰ বিদ্যালয়সমূহত ষষ্ঠ শ্ৰেণীৰ পৰা অংক আৰু বিজ্ঞান বিষয় দুটা ইংৰাজী ভাষাত পাঠদান কৰাৰ বাবে গ্ৰহণ কৰা সিদ্ধান্ত বাতিল কৰা আৰু চৰকাৰী প্ৰাথমিক বিদ্যালয়সমূহত স্হায়ী প্ৰধান শিক্ষক নিযুক্তি দিয়া দাবীত উপায়ুক্তৰ কাৰ্যালয় সন্মুখত তিনি ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে৷ কাৰ্যসূচীত উপস্থিত থাকি অজাযুছাপৰ কেন্দ্ৰীয় সহকাৰী সাধাৰণ সম্পাদক সুৰজিৎ মৰাণ, তিনিচুকীয়া জিলা সমিতিৰ সভাপতি সোনমনি চলিহা আৰু সাধাৰণ সম্পাদক কাঞ্চন বৰাই ৰাজ্য চৰকাৰৰ সিদ্ধান্তৰ বিৰোধিতা কৰি কয় যে চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্ত কাৰ্যকৰী হ’লে অনাগত সময়ত অসমীয়া ভাষাটোলৈ গভীৰ সংকট নামি আহিব| ছাত্ৰ-ছাত্ৰীক উচ্চমানৰ ইংৰাজী শিক্ষা প্ৰদান কৰাত অজাযুছাপৰ কোনো দ্বিমত নাই ৷ কিন্তু ইংৰাজী শিক্ষা প্ৰসাৰৰ নামত অসমীয়া ভাষাটোক দুৰ্যোগৰ মাজলৈ ঠেলি দিয়া কাৰ্য্য কেতিয়াও সমৰ্থন যোগ্য নহয় ৷ সেয়েহে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে ষষ্ঠ শ্ৰেণীৰ পৰা অংক আৰু বিজ্ঞান বিষয় দুটা ইংৰাজী ভাষাত পাঠদান কৰাৰ সিদ্ধান্ত বাতিলৰ দাবী জনায় ৷ অন্য এটা বিষয় যে ৰাজ্যৰ হাজাৰ হাজাৰ চৰকাৰী প্ৰাথমিক বিদ্যালয়ত দেশৰ স্বাধীনতাৰ পিছৰে পৰা স্থায়ী প্ৰধান শিক্ষক পদৰ কোনো ব্যৱস্থা অদ্যপি নাই ৷ তেনেদৰেই সুদীৰ্ঘকাল ধৰি ৰাজ্যৰ চৰকাৰী প্ৰাথমিক বিদ্যালয়সমূহ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষকৰ দ্বাৰা পৰিচালিত হৈ আহিছে ৷ তাৎপৰ্যপূৰ্ণ বিষয় যে বিগত প্ৰায় চাৰিটা দশকৰো অধিক কাল ধৰি ৰাজ্যৰ চৰকাৰী প্ৰাথমিক বিদ্যালয়ত স্থায়ী প্ৰধান শিক্ষকৰ পদ সৃষ্টি কৰি নিযুক্তি দিয়াৰ দাবীত অসমৰ প্ৰাথমিক শিক্ষকসকলে দাবী জনাই আন্দোলন চলাই আহিছে ৷ কিন্তু পৰিতাপৰ বিষয় যে বিগত সময়ত কোনো এখন চৰকাৰেই প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকসকলৰ এই সমস্যাটো সমাধানৰ প্ৰয়াস নকৰিলে ৷ সেয়েহে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে সুস্থ শৈক্ষিক বাতাবৰণ গঢ়ি তোলাৰ স্বাৰ্থত অনতিপলমে ৰাজ্যৰ চৰকাৰী প্ৰাথমিক বিদ্যালয়ত স্থায়ী প্ৰধান শিক্ষকৰ পদ সৃষ্টি কৰি নিযুক্তি দিয়াৰ ব্যৱস্থা কৰিবলৈ দাবী জনায় ৷ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশনা অনুসৰি তিনিচুকীয়া জিলা সমিতিয়ে আজি তিনিঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰি উপায়ুক্তৰ যোগেদি ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ এই স্মাৰক প্ৰেৰণ কৰে ৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More