চৰাইৰ বাবে সজা হৈছে ‘ঘৰ’

প্ৰশাসনৰ অভিনৱ উদ্যোগ

0 7
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৭ জুলাই : প্ৰধান মন্ত্ৰী আবাস যোজনাৰ অধীনত বহু দৰিদ্ৰই থাকিবৰ বাবে সৰুকৈ হ’লেও ঘৰ একোটা পাইছে। একেদৰে পশ্চিম বংগত বাংলা আবাস যোজনা প্ৰকল্পৰ অধীনত ৰাজ্যবাসীৰ মূৰৰ ওপৰত চালি নিৰ্মাণৰ দায়িত্ব চৰকাৰে গ্ৰহণ কৰিছে। এনে অৱস্থাত চৰাইবোৰ কিয় গৃহহীন হ’ব? তেওঁলোকৰ ঘৰ কিয় নাই? গতিকে এইবাৰ পশ্চিম বংগৰ ৰাজ্য প্ৰশাসনে চৰাইৰ বাবে ঘৰ সজাব বিচাৰিছে। এনে এক নতুন পদক্ষেপ গ্ৰহণ কৰিছে পূব বৰ্ধমান জিলা প্ৰশাসনে। পূব বৰ্ধমান জিলাৰ ঔষগ্ৰাম ১ ব্লক প্ৰশাসনে চৰাইৰ বাবে ‘ফ্লেট’ বনাইছে। ঔষগ্ৰামত চৰাই-চিৰিকটি বাস কৰিবলৈ হাতেৰে বনোৱা বাহ গছত ওলোমাই থোৱাৰ এক পদক্ষেপ গ্ৰহণ কৰা হৈছে। আৰু এই পৰিকল্পনাৰ আঁৰত আছে ঔষগ্ৰামৰ খণ্ড উন্নয়ন বিষয়া অৰিন্দম মুখোপাধ্যায়। ইতিমধ্যে ১৫০টা এনে গৃহ নিৰ্মাণ কৰা হৈছে বুলিও তেওঁ কয়। বন বিভাগৰ জৰিয়তে বিভিন্ন চৰকাৰী কাৰ্যালয় চৌহদৰ গছত ওলোমাই দিয়া হ’ব এই ‘ঘৰ’। অৰিন্দম মুখোপাধ্যায়ৰ ভাষাত— “বংলা আবাস যোজনা প্ৰকল্পত ঔষগ্ৰাম-১ ব্লকে ৯৮ শতাংশ সফলতা লাভ কৰিছে। অতি কম সময়ৰ ভিতৰতে ৯৯ শতাংশ সফলতা লাভ কৰিবলৈ গৈ আছে। মানুহৰ বাবে বংগ আবাস যোজনা আঁচনিখনে গৃহ নিৰ্মাণৰ কথা চিন্তা কৰি থকাৰ সময়তে চৰাইৰ বাবে বংগ আবাস যোজনাৰ দৰে চৰকাৰী পদক্ষেপৰো প্ৰয়োজন। সেয়েহে এই পদক্ষেপ।” তেওঁ লগতে কয় যে, ঔষগ্ৰাম ১ পঞ্চায়ত সমিতিৰ নিজা পুঁজিৰে এই ব্যয় কৰা হৈছে। এই বাহবোৰ ঔষগ্ৰাম ১ ব্লক কাৰ্যালয় চৌহদ, গুস্কাৰা আৰক্ষী চৌহদ আৰু গুস্কৰা চহৰৰ বিভিন্ন চৰকাৰী কাৰ্যালয় চৌহদৰ গছত ওলোমাই থোৱা হ’ব। জৈৱ বৈচিত্ৰ্য ৰক্ষাৰ বাবে এই পদক্ষেপ লোৱা হৈছে। পূব বৰ্ধমান জিলাত ঔষগ্ৰাম ‘জংগল মহল’ নামেৰে জনাজাত। জনজাতীয় জনগোষ্ঠীৰ অন্তৰ্গত কেইবাখনো গাঁও আছে। এই অঞ্চলৰ বিভিন্ন গাঁৱৰ মানুহ হস্তশিল্পৰ লগত জড়িত। ইয়াৰ জাদাবগঞ্জ গাঁৱত এনে শিপিনীৰ কেইবাটাও পৰিয়াল বসবাস কৰি আছে। জানিব পৰা মতে, এই শিপিনীসকলে ১৫০টা চৰাইৰ বাহ সাজিছে। আন বহু বাহ সজাৰ ফৰমাইচ দিয়া হৈছে। এইবোৰ শীঘ্ৰেই গছত ওলোমাই দিয়া হ’ব বুলি খণ্ড উন্নয়ন বিষয়াজনে জানিবলৈ দিয়ে।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More