কিয় বাঢ়িছে পেন্সিলৰ দাম ? ছবছৰীয়া ছোৱালীৰ প্ৰধানমন্ত্ৰীলৈ চিঠি

0 26

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ২ আগষ্ট : মূল্যবৃদ্ধি এতিয়া সাধাৰণ মানুহৰ মূৰৰ বিষৰ প্ৰধান কাৰণ। উপাৰ্জন বৃদ্ধিৰ নাম নাই যদিও দিনক দিনে বাঢ়ি গৈ আছে দৈনন্দিন প্ৰয়োজনীয় সামগ্ৰীৰ দাম। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ পত্ৰ লিখি এই মঙহা বজাৰত তেওঁ সন্মুখীন হোৱা সমস্যাৰ বিষয়ে অভিযোগ উত্থাপন কৰিছে এগৰাকী ছবছৰীয়া ছোৱালীয়ে। অৱশ্যে পত্ৰখনত চাউল, দাইল আৰু তেলৰ মূল্য বৃদ্ধিৰ কথা উল্লেখ কৰা হোৱা নাই। পেঞ্চিল আৰু মেগীৰ কথা উল্লেখ কৰিছে তেওঁ। উত্তৰ প্ৰদেশৰ কনৌজৰ এখন সৰু চহৰ Chhibramauত প্ৰথম শ্ৰেণীৰ ছাত্ৰী কৃতী ডুবেৰ ঘৰ। স্বয়ং প্ৰধানমন্ত্ৰীলৈ এখন পত্ৰ লিখি তেওঁ জনাইছে মূল্যবৃদ্ধিৰ বাবে কিমান সমস্যাৰ সন্মুখীন হৈছে! ইতিমধ্যে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে কৃতীয়ে লিখা চিঠিখন। কৃতীয়ে চিঠিখনত কি লিখিছিল? চিঠিখনত লিখিছিল— ‘‘মোৰ নাম কৃতী ডুবে। প্ৰথম শ্ৰেণীত পঢ়োঁ। মোদীজী, সামগ্ৰীৰ দাম বহুত বাঢ়িছে। আনকি মোৰ পেঞ্চিল-ৰবৰো ব্যয়বহুল হৈ পৰিছে। মেগীৰ দাম বাঢ়িছে। এতিয়া নতুন পেঞ্চিল বিচাৰিলে মায়ে মোক মাৰপিট কৰে। কি কৰিব লাগে কওকচোন? আন ল’ৰা-ছোৱালীয়ে মোৰ পেঞ্চিল চুৰি কৰে।” জীয়েকৰ চিঠিখন ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰাত পিতৃ বিশাল ডুবেই মুখ খুলিছে। পেছাত এজন অধিবক্তা বিশালে কয়— “এইখন মোৰ ছোৱালীৰ ‘মন কী বাত’।” শেহতীয়াকৈ মাকে ছোৱালীজনীক বকাবকি কৰিছিল স্কুলত পেঞ্চিল হেৰুওৱাৰ বাবে। তেতিয়াই মাকে কৈছিল যে বস্তুৰ দাম কিমান বাঢ়িছে। সেই সন্দৰ্ভত ক্ষোভ প্ৰকাশ কৰিবলৈ কৃতীয়ে প্ৰধানমন্ত্ৰীলৈ পত্ৰ লিখিছে।” Chhibramau জিলাৰ সদৰ বিষয়াগৰাকীয়েও ইণ্টাৰনেটত এই চিঠিখন দেখিবলৈ পায়। তেওঁ আশ্বাস দিয়ে যে তেওঁ প্রধানমন্ত্রীলৈ চিঠিখন প্রেৰণ কৰিবলৈ চেষ্টা কৰিব।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More