ছুইংগাম চোবায়ো ঘটিব পাৰি ধনঃ জুলিয়া ফ’ৰাট উদাহৰণ

0 13

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৯ জুলাই : সৰুতে ৰঙীন মিঠা সোৱাদযুক্ত ছুইংগাম চোবাই কোনে ডাঙৰ বেলুন কৰি উৰুৱাই দিব পাৰে তাৰ প্ৰতিযোগিতা চলোৱাৰ কথা আপোনাৰ মনত আছে নিশ্চয়! ডাঙৰ হোৱাৰ পিছতো বহুতৰে ছুইংগাম চোবোৱাৰ পিছত বেলুন উৰুৱাই দিয়াৰ অভ্যাস আছে। কিন্তু ইযে যিকোনো ব্যক্তিৰ পেছা হ’ব পাৰে, বহুতৰ বাবে এয়া কল্পনাৰো বাহিৰত। কিন্তু এগৰাকী যুৱতীয়ে ছুইংগামেৰে বেলুন ফুলাই মাহে প্ৰায় ৭০০ ডলাৰ উপাৰ্জন কৰে। ভাৰতীয় ধনত যাৰ মূল্য প্ৰায় ৬৭ হাজাৰ টকা। আচৰিত যেন লাগিলেও এই অসম্ভৱটোক সম্ভৱ কৰি তুলিছে জাৰ্মানীৰ বাসিন্দা ৩০ বছৰীয়া জুলিয়া ফ’ৰাটে। জিভাৰ সহায়ত ছুইংগামেৰে মুখতকৈ ডাঙৰ বেলুন ফুলোৱাত জুলিয়া পাকৈত। ইনষ্টাগ্ৰামত তেওঁৰ অনুৰাগীৰ সংখ্যাও কম নহয়। চ্যুইংগামেৰে বেলুন উৰুৱাই দিয়াৰ ভিডিঅ’ৰ পৰা প্ৰতিমাহে বহু টকা উপাৰ্জন কৰে জুলিয়াই। যুৱতীগৰাকীয়ে একেলগে প্ৰায় ৩০ টুকুৰা ছুইংগাম চোবাই বৃহৎ ডাঙৰ বেলুন ফুলাই হৈ চৈৰ সৃষ্টি কৰে চচিয়েল মিডিয়াত। ইয়াৰ উপৰি তেওঁ মডেলিঙৰ সৈতেও জড়িত। অৱশ্যে জুলিয়াই কয় যে তেওঁ ছুইংগামৰ বেলুন উৰুৱাই দি আটাইতকৈ ভাল পায়।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More