ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ সিদ্ধান্ত সদ্যহতে বাদঃ পৰিৱৰ্তে ছয় জনগোষ্ঠীৰ বাবে ৰাজ্যখনত এমবিবিএছ পাঠ্যক্ৰমত সংৰক্ষিত আসনৰ সংখ্যা বৃদ্ধি

0 125

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ১৫ জুনঃ বহু চৰ্চিত ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ সিদ্ধান্ত সদ্য়হতে বাদ পৰিছে। তাৰ পৰিৱৰ্তে ছয় জনগোষ্ঠীৰ বাবে ৰাজ্যখনত এমবিবিএছ পাঠ্যক্ৰমত নামভৰ্তিৰ ক্ষেত্ৰত ছয় জনগোষ্ঠীৰ বাবে সংৰক্ষিত আসনৰ সংখ্যা বৃদ্ধিৰ প্ৰস্তাৱত আজিৰ কেবিনেটে অনুমোদন জনায়। জনগোষ্ঠী ভিত্তিক বৰ্ধিত আসনৰ সংখ্যা এই তালিকাত উল্লেখ কৰা হৈছে।WhatsApp Image 2023 06 15 at 7.40.00 PM তদুপৰি, প্ৰবাসী অসমীয়াৰ সন্তান-আত্মীয়ৰ বাবে ১০ শতাংশ আসন সংৰক্ষণ কৰা হৈছে। (Sponsored seat)আনহাতে স্বায়ত্ত পৰিষদসমূহে কাৰিকৰী কামকাজ জড়িত বিভিন্ন আঁচনি-প্ৰকল্প নিজাকৈ সুসংহত ভাৱে ৰূপায়ণত সহায়ক হোৱাকৈ অসম চৰকাৰৰ লোকনিৰ্মাণ, জলসম্পদ, জনস্বাস্থ্য কাৰিকৰী আদি বিভিন্ন বিভাগৰ অৱসৰপ্ৰাপ্ত কাৰ্যবাহী অভিযন্তাক নিযুক্তি দিব পাৰিব। এইদৰে স্বায়ত্তশাসিত পৰিষদত নিযুক্ত কাৰ্যবাহী অভিযন্তায়েই পৰিষদৰ অধীনৰ আঁচনি-প্ৰকল্পৰ ক্ষেত্ৰত কাৰিকৰী অনুমোদন (Technical sanction) প্ৰদান কৰিব পাৰিব। বেলেগকৈ অসম চৰকাৰৰ অধীনত কৰ্মৰত বিভাগীয় কাৰ্যবাহী অভিযন্তাৰ পৰা কাৰিকৰী অনুমোদন আদি লোৱাৰ অসুবিধা দূৰ হ’ব। কামৰ গতি খৰতকীয়া হ’ব। আজিৰ কেবিনেটৰ সিদ্ধান্ত মৰ্মে অসমত ষ্টাম্প পেপাৰ ব্যৱস্থা সম্পূৰ্ণ ডিজিটেল হ’ব। বৰ্তমান ষ্টাম্প পেপাৰৰ ভেণ্ডৰ লাইচেন্স থকা লোকসকলৰ লাইচেন্স ডিজিটেল লাইচেন্সলৈ পৰিবৰ্তন কৰি তেওঁলোকক চিআইচি খুলি ডিজিটেল ষ্টাম্প পেপাৰ বিক্ৰীৰ অনুমতি দিয়া হ’ব। ইয়াৰ বাবে তেওঁলোকক গাইপতি এক লাখকৈ টকা চৰকাৰে সাহায্য হিচাপে প্ৰদান কৰিব। আনহাতে ২১ জুনৰ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ ৰাজ্যিক অনুষ্ঠান এইবাৰ ধুবুৰীত হ’ব। মুখ্যমন্ত্ৰী আৰু স্বাস্থ্যমন্ত্ৰীয়ে ধুবুৰীৰ ৰাজ্যিক যোগ অনুষ্ঠানত ভাগ ল’ব। বিভিন্ন জিলাত একোগৰাকীকৈ মন্ত্ৰীয়ে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব।স্বায়ত্ত পৰিষদীয় মুখ্য কাৰ্যালয় থকা জিলাত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্যই ভাগ ল’ব।মন্ত্ৰী নোযোৱা জিলাত উপায়ুক্ত তথা স্থানীয় সাংসদ-বিধায়কে যোগ অনুষ্ঠানত অংশগ্ৰহণ কৰিব। স্বায়ত্ত পৰিষদীয় এলেকাৰ জিলা আৰু দাঁতিকাষৰীয়া জিলাৰে সংলগ্ন হৈ থকা আইচিডিএছ প্ৰকল্পসমূহৰ এলেকা একোখন জিলাতে সামৰি সুনিয়াৰিকৈ কামকাজ চলোৱাৰ বাবে পথ প্ৰশস্ত কৰে আজিৰ কেবিনেটে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More