শতাব্দ প্ৰতিনিধি, তেজপুৰ, ৫ ডিচেম্বৰ : বিহু, বাগৰুম্বা, ঝমুৰ, চাওতালী, তিৱা আদি নৃত্যই সকলোকে মুগ্ধ কৰি তোলাৰ সময়তে ছাত্ৰ-ছাত্ৰীৰ গায়ন-বায়ন আৰু সত্ৰীয়া সংস্কৃতিৰ দল দুটাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰে৷ সেইদৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অনুপম সৃষ্টি ভাওনাৰ বিভিন্ন চৰিত্ৰ— বিষ্ণু, শ্ৰীকৃষ্ণ, ৰাধা, শিৱ, শংখচুড়, বকাসুৰ, নকুল, সহদেৱ, নন্দি-ভিঙ্গী, ভীম, অজুৰ্ন, ৰাম-ৰাৱন, সীতা, লক্ষ্মন, হনুমান আদি চৰিত্ৰৰে অভিনয় প্ৰতিভা প্ৰদৰ্শন কৰি এক নান্দনিক পৰিৱেশৰ সূচনা কৰে৷ উল্লেখ্য যে, প্ৰত্যেক বছৰে বিদ্যালয় সপ্তাহৰ আৰম্ভণি অনুষ্ঠানৰ অংশ হিচাপে যুগল উচ্চতৰ মাধ্যমিক বিদ্যালয়ে সাংস্কৃতিক শোভাযাত্ৰা বাহিৰ কৰে৷ বিদ্যালয়খনৰ দুয়োটা দিশে প্ৰায় ডেৰ কিলোমিটাৰকৈ পৰিভ্ৰমণ কৰি বিদ্যালয় খেলপথাৰত উপস্থিত হোৱা দলটোক ৰাষ্ট্ৰীয় ঘাইপথেৰে পদযাত্ৰা কৰি যোৱাৰ মুহূৰ্তত অঞ্চলটোৰ ৰাইজে পথৰ দাঁতিত ৰৈ প্ৰত্যক্ষ কৰাৰ লগতে ছাত্ৰ-ছাত্ৰীসকলক উৎসাহিত কৰে৷ আনহাতে ছাত্ৰ অৱস্থাতেই শিক্ষাৰ সমান্তৰালভাবে সামাজিক আৰু সাংস্কৃতিৰ প্ৰাথমিক শিক্ষা প্ৰদান কৰা উচিত, যদিও ঘৰখনেই ছাত্ৰ বা ছাত্ৰীৰ বাবে সংস্কৃতিৰ পথাৰ, তৎস্বত্বেও আমি বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক সংস্কৃতি আৰু সাংস্কৃতিক সমন্বয়ৰ বিষয়ে জনাব বিচাৰিছোঁ বুলি মন্তব্য কৰি যুগল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক বিশ্বজিৎ বড়োৱে আৰু কয়— “আনুষ্ঠানিক বা বিদ্যালয়ৰ শিক্ষাৰ লগত যি সামাজিক আৰু সাংস্কৃতিক শিক্ষা আমি ছাত্ৰ-ছাত্ৰীক দিছোঁ, যাৰ দ্বাৰা তেওঁলোকে নিজৰ কৰ্মস্পৃহা বৃদ্ধি কৰিব, জ্যেষ্ঠজনক শ্ৰদ্ধা আৰু অনুজক স্নেহ, মাতৃৰ প্ৰতি প্ৰেম আৰু পিতৃৰ প্ৰতি ভক্তি কৰিব শিকিব, এই সকলো মিলিয়েই হ’ব বুনিয়াদ, যি আমি ছাত্ৰ-ছাত্ৰীক দিয়াৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছোঁ৷” বিদ্যালয়খনৰ সহ-শিক্ষয়িত্ৰী নিংকুনিশা নেওগে আঁত ধৰা অনুষ্ঠানটোত তেজপুৰৰ সমীপৱৰ্ত্তী বামুণপুখুৰী গাঁও পঞ্চায়তৰ সভানেত্ৰী কামিনী কাকতিয়ে সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰি কয়— “যুগল উচ্চতৰ মাধ্যমিক বিদ্যালয়ে যিবোৰ কাম কৰিছে বৰ্তমান পৰ্যন্ত, অতি প্ৰশংসনীয় আৰু আমাৰ সকলোৰে বাবে আদৰণীয়৷ নতুন প্ৰজন্ম গঢ়াৰ দায়িত্ব বিদ্যালয়খনৰ প্ৰধান শিক্ষকে গ্ৰহণ কৰিছে৷” ঠেলামৰা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰিতুলমণি দাস উপস্থিত থাকি বক্তৃতা প্ৰদান কৰাৰ পিছতেই বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ নেতৃত্বত সাংস্কৃতিক শোভাযাত্ৰা আৰম্ভ হয়৷ সাংস্কৃতিক শোভাযাত্ৰাৰ দল আহি বিদ্যালয়ৰ চৌহদত উপস্থিত হোৱাৰ পিছত বিদ্যালয় সপ্তাহৰ পতাকা উত্তোলন কৰে বিদ্যালয়ৰ প্ৰধান শিক্ষক বিশ্বজিৎ বড়োৱে৷
পতাকা উতেত্তালনৰ পিছতেই দুটা শাখাত এশ মিটাৰ দৌৰ প্ৰতিযোগিতা, আধুনিক আৰু লোকনৃত্যৰ প্ৰতিযোগিতা অনুষ্ঠিত হয়৷ বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতিৰ সভাপতি বকুল কুৰ্মীয়ে বক্তব্য প্ৰদান কৰি সকলো ছাত্ৰ-ছাত্ৰীৰ উজ্জ্বল ভৱিষ্যত কামনা কৰে৷ উল্লেখ্য যে, বিদ্যালয়খনে সময়ে সময়ে ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যত গঢ়াৰ সমান্তৰালভাৱে সঠিক বুনিয়াদ গঢ়াৰ লগতে অঞ্জলটোত শৈক্ষিক, সামাজিক আৰু সাংস্কৃতিক উত্তৰণৰ বাবে যি প্ৰচেষ্টা হাতত লৈছে সেয়া স্বাভাবিকতে প্ৰশংসনীয়৷ আজিৰ বাৰেৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰাই অঞ্চলটোৰ সাংস্কৃতিক ঐতিহ্যত আন এক মাত্ৰা প্ৰদান কৰে৷