অসমীয়া ভাষাৰ আলোচনীৰ বেটুপাতৰ প্রচাৰ

0 89

মাননীয় সম্পাদক মহোদয়,

অসমীয়া ভাষাত ছপা আৰু ই-মাধ্যমত কেইবাখনো বাতৰি কাকত আৰু আলোচনী নিয়মীয়াকৈ প্রকাশ হৈ আছে। ই অসমীয়া ভাষা আৰু সাহিত্যৰ বাবে এটা ভাল খবৰ। কিন্তু বাতৰি কাকত তথা আলোচনীবোৰ অসমৰ সকলো অঞ্চলতে উপলব্ধ নহয় আৰু বহুতে এই বাতৰি কাকত-আলোচনীবোৰৰ বিষয়ে জ্ঞাত নহয়। মাতৃভাষাৰ প্রচাৰ আৰু প্রসাৰত আমাৰ সকলোৰে দ্বায়িত্ব আছে। আমি ভাবোঁ অসমীয়া ভাষাত প্রকাশিত আলোচনীবোৰৰ বেটুপাতৰ ফটোবোৰৰ প্রচাৰ (ফেচবুক, ৱাটচআপ, টুইটাৰ, ইউটিউব, লিংডিন, ইনষ্টগ্ৰাম আদিত) হ’লে, আলোচনীবোৰত প্ৰকাশ হোৱা লেখাবোৰ বিষয়ে এক ধাৰণা লাভ কৰিবলৈ পঢ়ুৱৈসকল সক্ষম হ’ব আৰু আলোচনীসমূহ ক্রয় কৰিবলৈ আগ্রহী হ’ব। লগতে এটা কথা উল্লেখ কৰা ভাল হ’ব যে বৰ্তমান অসমত নিজৰ মাতৃভাষাটো পঢ়িব আৰু লিখিব পৰা লোকৰ সংখ্যা লাহে লাহে কমি আহিব ধৰিছে। যি মাধ্যমতে নপঢ়ক লাগিলে অসমত থকা সকলোৱে যাতে অসমীয়া ভাষাতো পঢ়িব আৰু লিখিব পাৰে তাৰ ব্যৱস্থা কৰিব পাৰিলে ভাল হয়। পৃথিৱীৰ যিমান ভাষা শিকে শিকক; কিন্তু নিজৰ মাতৃভাষা তথা অসমত বসবাস কৰা যিসকলৰ মাতৃভাষা অসমীয়া নহয়, তেখেতসকলেও অসমীয়া পঢ়িব আৰু লিখিব পাৰিলে যে কোনো অপকাৰ নহয় সেই বিষয়ে সজাগতা আনিবৰ বাবে স্বেচ্ছাসেৱী অনুষ্ঠান, বে-চৰকাৰী অনুষ্ঠানকে আদি কৰি ছ’চিয়েল নেটৱর্কিং ছাইট’— ফেচবুক, ৱাটচআপ, টুইটাৰ, ইউটিউব, লিংডিন, ইনষ্ট্ৰাগ্ৰাম আদিত অসমৰ হকে কাম কৰি থকাসকল আগবাঢ়ি আহিলে ভাল হয়। ‘শতাব্দ’ৰ পঢ়ুৱৈ আৰু লিখকসকলেও সজাগতা আনিব পাৰে।

ড° বুলজিৎ বুঢ়াগোহাঁই

আজাৰা , গুৱাহাটী- ৭৮১০১৭

ফোন: ৯৪৩৫১৮৮৬৩০

ই-মেইল: [email protected]

www.buljit.com

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More