জলসম্পদ বিভাগৰ মুখ্য অভিযন্তা আৰু উপ মুখ্য অভিযন্তাৰে বৈঠক সদৌ অসম শাখা সহকাৰী আৰু উপ অভিযন্তা সেৱা সন্হাৰ

দীৰ্ঘদিনীয়া সমস্যা সমাধানৰ আশ্বাস

0 26

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ১৮ জুলাই : সদৌ অসম শাখা সহকাৰী আৰু উপ-অভিযন্তা সেৱা সন্হাৰ তৰফৰ পৰা আজি জলসম্পদ বিভাগৰ মুখ্য অভিযন্তাক সাক্ষাৎ কৰি সন্হাৰ সমস্যাৰাজিৰ ওপৰত বিস্তৃত আলোচনা কৰা হয় বুলি এক বিবৃতিত উল্লেখ কৰিছে উপদেষ্টা ৰবীন্দ্ৰ কুমাৰ বৰা আৰু সন্হাৰ শোণিতপুৰ জিলাৰ সম্পাদক নিৰঞ্জন কলিতাই। উল্লেখ্য যে মুখ্য অভিযন্তাৰ পিছত উপ মুখ্য অভিযন্তা মুস্তাফা ফাৰিদ হুছেইন লস্কৰৰ সৈতে বিতংভাবে আলোচনাৰ সময়ত সন্হাৰ সমস্যাৰাজিৰ ওপৰত সৌহাৰ্দ্যপূৰ্ণ পৰিবেশত আলোচনা কৰা হয়৷ সন্হাৰ সমস্যাৰাজিৰ ওপৰত বৰ্তমানলৈকে প্ৰশিক্ষণ আৰু পদোন্নতি নোপোৱা শাখা সহকাৰী সকলৰ ক্ষেত্ৰত PWD ৰ আৰ্হিক লৈ কামত আগবঢ়াৰ পোষকতা কৰি তেখেতে বিভাগীয় কৰ্মচাৰীক মাতি আনি আলোচনাত অংশ গ্ৰহণ কৰায়৷ এইক্ষেত্ৰত তৎকালিনভাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ তেওঁ সংশ্লিষ্ট কৰ্মচাৰী সকলক পৰামৰ্শ আগবঢ়ায়৷ শাখা সহকাৰী সকলৰ প্ৰশিক্ষণৰ ক্ষেত্ৰত থকা বয়সৰ সীমা শিথিল কৰি সম্প্ৰতি বহু শিক্ষিত যুবক- যুবতীয়ে শাখা সহকাৰী হিচাপে যোগদান কৰা দিশলৈ লক্ষ্য কৰাৰ লগতে বহুতে চাকৰি জীৱনত বয়সৰ সীমাবদ্ধতাৰ বাবে একেটা পদবীতে অৱসৰ গ্ৰহণ কৰিব লগীয়া হোৱাত কামৰ প্ৰতিও স্পৃহা কমি যোৱা দিশবোৰ আলোচনা ’কৰা হয়৷ এইক্ষেত্ৰত কৰ্মচাৰীজনৰ শিক্ষাগত অৰ্হতা লৈ লক্ষ্য কৰিও চাকৰিত যোগদান কৰাৰ পিছতে বয়সৰ আওতালৈ নানি উচ্চ শিক্ষিত আৰু জ্যেষ্ঠতাৰ ওপৰত নিৰ্ভৰ কৰি অনতিপলমে প্ৰশিক্ষণৰ দিহা কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ সন্হাৰ তৰফৰ পৰা পৰামৰ্শ আঙুলিয়াই দিয়া হয়৷ বিষয়টোত তেখেতে আন্তৰিকতাৰে সমৰ্থন কৰে ৷ ইয়াৰ বাবে সংশ্লিষ্ট কেইবাটাও বিভাগৰ নাম উল্লেখ কৰি সেইকেইটা বিভাগক লৈ এখন সভা আহ্বান কৰাৰ বাবে সন্হাক বিভাগৰ সচিব অথবা মুখ্য অভিযন্তালৈ এখন আবেদন দিবৰ বাবে পৰামৰ্শ দিয়ে৷ উক্ত সভাত অসমৰ বানপানী আৰু গড়াখহনীয়া প্ৰতিৰোধৰ বাবে জলসম্পদ বিভাগে গ্ৰহণ কৰা চৰকাৰৰ জনহিতকৰ আঁচনি সমূহ সফল ৰূপায়ন কৰাত তৃণমূল পৰ্যায়ত কৰ্মৰত শাখা সহকাৰী সকলৰ কাৰিকৰি জ্ঞান নথকা বাবে তেনে বৃহৎ আঁচনি সমূহ যথাসময়ত সফলতাৰে ৰূপায়নত ত্ৰুটি ৰৈ যোৱাৰ সম্ভাবনাৰ কথা নুই কৰিব নোৱাৰি৷ সেয়েহে তেখেতে সেইসকল তৃণমূল পৰ্যায়ৰ শাখা সহকাৰী সকলক উপযুক্ত কাৰিকৰি জ্ঞানপুষ্ট কৰি গঢ়ি তুলিব পাৰিলেহে জনহিতকৰ আঁচনিসমূহ সফল হোৱাৰ লগতে বিভিন্ন দিশ আলোচনাৰে সমাধানৰ পৰামৰ্শ আগবঢ়ায় বুলি উল্লেখ কৰি বিবৃতিত বৰ্তমান চলি থকা প্ৰশিক্ষণ কেন্দ্ৰত প্ৰশিক্ষণৰ আসন বৃদ্ধি কৰাৰ বাবেও দিয়া প্ৰস্তাৱক তেওঁ পূৰ্ণ সমথৰ্ন জনায়৷ তেখেতে সন্হাক বিভাগ আৰু তেখেতৰ লগতো প্ৰত্যক্ষভাবে সঘনাই যোগাযোগ ৰাখিলেহে সন্হাৰ মহৎ উদ্দেশ্য সফল হোৱাৰ উপৰি বিভাগেও সেইসকল কৰ্মচাৰীৰ পৰা কাম আদায় কৰি বিভাগীয় জনহিতকৰ আঁচনিসমূহ সফল ৰূপায়নত অগ্ৰসৰ হ’ব পৰা যাব বুলি গভীৰ আশা ব্যক্ত কৰে বুলি জানিবলৈ দি জলসম্পদ বিভাগৰ সচিবৰ কাৰ্যালয়ত কাম-কাজৰ অগ্ৰগতিৰ বুজ লৈ জানিব পৰা গল যে যোৱা ১১জুলাই তাৰিখে সন্হাৰ সমস্যা সম্পকীয় ফাইলটোৰ কাম-কাজ বতৰ্মান অধ্যয়নত আছে৷ সেয়েহে এসপ্তাহৰ পিছত সন্হাক খবৰ লবলৈ কয়৷ সন্হাৰ ৰাজ্যিক সাধাৰণ সম্পাদক শ্যামন্ত দাসৰ নেতৃত্বত যোৱা প্ৰতিনিধি দলটোত অংশগ্ৰহণ কৰে সন্হাৰ প্ৰাক্তন সভাপতি বতৰ্মানৰ উপদেষ্টা ৰবীন্দ্ৰ কুমাৰ বৰা আৰু সন্হাৰ শোণিতপুৰ জিলাৰ সম্পাদক নিৰঞ্জন কলিতাই৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More