‘জাতীয় শিক্ষা নীতি ২০২০’ বাতিলৰ দাবীত লখিমপুৰত এ আই ডি এছ অ’ৰ উত্তাল প্ৰতিবাদ

শিক্ষা অভিবৰ্তনত তীব্ৰ ক্ষোভ

0 9

শতাব্দ প্ৰতিনিধি‍, লখিমপুৰ, ৫ নৱেম্বৰঃ জাতীয় শিক্ষা নীতি ২০২০ বাতিল কৰা আৰু ৰাজহুৱা শিক্ষা ব্যৱস্থা ৰক্ষাৰ দাবীত এ আই ডি এছ অ’ আৰু মহিলা সাংস্কৃতিক সংগঠনৰ লখিমপুৰ জিলা সমিতিয়ে আজি লখিমপুৰত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে উত্তৰ লখিমপুৰ সাহিত্য সভা ভৱনত শিক্ষা অভিবৰ্তন অনুষ্ঠিত কৰে৷ এ আই ডি এছ অ’ৰ লখিমপুৰৰ জিলা সভাপতি জোনমণি মিৰি আৰু অল ইণ্ডিয়া মহিলা সাংস্কৃতিক সংগঠনৰ আহ্বায়ক জ্যোতিকা দলেৰ উপস্থিতিত অনুষ্ঠিত অভিবৰ্তনত মুখ্য বক্তা হিচাপে অংশগ্ৰহণ কৰে এ আই ডি এছ অ’ৰ ৰাজ্যিক সভাপতি প্ৰজ্বোল দেৱে৷ দুই শতাধিক ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিত অনুষ্ঠিত অভিবৰ্তনত তেওঁ কয় যে চৰকাৰে বিদ্যালয়ৰ আন্তঃগাঁথনিৰ পৰিৱেশ বজাই ৰাখি অষ্টম শ্ৰেণীলৈকে‍ পাছ ফেইল প্ৰথা বিলুপ্তি ঘটাব লাগে৷ পাঠদানৰ ক্ষেত্ৰত চৰকাৰে ফাংচনেল পদ্ধতি প্ৰৱৰ্তন কৰি ৰাজহুৱা শিক্ষানুষ্ঠানৰ মান অৱনমিত কৰিছে বুলি উল্লেখ কৰাৰ লগতে জাতীয় শিক্ষা নীতি ২০২০ এ এই সমস্যাসমূহ সমাধান কৰাৰ বিপৰীতে সমস্যা বৃদ্ধিহে কৰিছে বুলি কয়৷ ইয়াৰ ফলত দুখীয়া ঘৰৰ ছাত্ৰ-ছাত্ৰীয়ে উন্নত মানৰ শিক্ষা লাভ কৰাৰ ক্ষেত্ৰত বঞ্চিত হ’ব আৰু শিক্ষা ব্যৱসায়ীকৰণ হ’ব বুলি কয়৷ আজিৰ এই অভিবৰ্তনত সংগঠনৰ কৰ্মকৰ্তাসকলে ছাত্ৰ-ছাত্ৰীসকলক ঐক্যবদ্ধ ভাৱে প্ৰতিৰোধ আন্দোলন গঢ়ি তোলাৰ আহ্বান জনায়৷ অভিবৰ্তনত প্ৰস্তাৱ পাঠ কৰে এ আই ডি এছ অ’ৰ লখিমপুৰৰ জিলা সম্পাদক ভাইটি চুংক্ৰাঙে আৰু তেওঁক সমৰ্থন কৰে লিলি দলে৷ ইয়াৰ পিছতে জাতীয় শিক্ষা নীতিৰ ২০২০ ৰ বিৰুদ্ধে উত্তৰ লখিমপুৰ নগৰত এক বৃহৎ প্ৰতিবাদী সমদল উলিয়াই চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্ল’গান দিয়ে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More