জাপানীজ এনকেফেলাইটিছ : অসমত মৃতকৰ সংখ্যা ৫২ লৈ বৃদ্ধি

0 47

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ২ আগষ্ট : অসমত জাপানীজ এনকেফেলাইটিছ (JE) ৰোগত আক্ৰান্ত হৈ আৰু ৪ জন লোকৰ মৃত্যু হোৱাত মৃত্যু হোৱা লোকৰ সংখ্যা ৫২ লৈ বৃদ্ধি পাইছে। শেহতীয়াকৈ নগাঁও জিলাত চাৰিজন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। ৰাজ্যত বিগত ২৪ ঘণ্টাত মুঠ ৩ গৰাকী নতুন ৰোগী ধৰা পৰিছে। ইয়াৰ লগে লগে চলিত বৰ্ষৰ ১ জুলাইৰ পৰা ৰাজ্যত মুঠ আক্রান্তৰ সংখ্যা ৩০৫ জনলৈ বৃদ্ধি পাইছে । নগাঁও জিলাত জাপানীজ এনকেফেলাইটিছত আক্ৰান্তৰ সংখ্যা সৰ্বাধিক ৪৪ জন, তাৰ পিছতে যোৰহাটত ৩৯ জন আৰু গোলাঘাটত ৩৪ জন। উল্লেখ্য যে জাপানীজ এনকেফেলাইটিছ হৈছে মহৰ দ্বাৰা সংক্ৰমিত ফ্লেভিভাইৰাছ যিটো ডেংগু, হালধীয়া জ্বৰ আৰু পশ্চিম নীল ভাইৰাছৰ সৈতে একে গোত্ৰৰ অন্তৰ্গত। জাপানীজ এনকেফেলাইটিছৰ বাহক হৈছে চৰাই (বগলীজাতীয়)। গাহৰিয়ে ভাইৰাছৰ এম্প্লিফায়াৰ হিচাপে কাম কৰি উচ্চ ভাইৰেল লোড উৎপন্ন কৰে যিয়ে মহক সংক্ৰমিত কৰে। ৰোগবিধৰ উত্তম নিৰাময় হ’ল মহৰ কামোৰ প্ৰতিৰোধ কৰা আৰু গাহৰি পাম আদিৰ পৰা নিলগত থকা। এই ৰোগৰ বিৰুদ্ধে যুঁজিবলৈ চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে। ই ৰাজ্যৰ আটাইকেইখন মেডিকেল কলেজ আৰু দহখন জিলা চিকিৎসালয়ক আই চি ইউ আৰু লেবৰেটৰী পৰীক্ষাৰ সুবিধাৰে সাজু কৰি ৰাখি জাপানীজ এনকেফেলাইটিছৰ চিকিৎসা কেন্দ্ৰ হিচাপে নিৰ্ধাৰণ কৰিছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More