জামুগুৰিহাটৰ ১৩ বছৰীয়া মুখা শিল্পী নিশান্ত বৰুৱা

কণমানি শিল্পীৰ হাতৰ পৰশত প্ৰাণ পাই উঠে ভাওনাৰ বিভিন্ন মুখা

0 45

জামুগুৰিহাট : ৬ আগষ্টঃ  এগৰাকী ১৩ বছৰীয়া মুখা শিল্পী । শিল্পীগৰাকীৰ নাম নিশান্ত বৰুৱা । শিল্পীগৰাকীৰ হাতৰ পৰশত প্ৰাণ পাই উঠিছে ভগৱান নৰসিংহ, বিষ্ণুৰ লগতে বিভিন্ন ভাওনাত ব্যৱহৃত মুখা । অতি কম বয়সতে শিল্পী নিশান্তৰ এনে প্ৰতিভাই এতিয়া সকলোৰে মাজত বিশেষ চৰ্চা লাভ কৰিছে । শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ মূঢ়াদল নিবাসী নাৰায়ণ বৰুৱা আৰু দুলুমনি বৰুৱাৰ পুত্ৰ তথা কণমানি মুখা শিল্পী হিচাপে পৰিচিত নিশান্ত বৰুৱা৷ বিগত তিনি বছৰে ডাঠ কাগজ কাটি কাটি ভাওনাত ব্যৱহৃত বিভিন্ন মুখা নিৰ্মাণ কৰি ৰাইজৰ প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে নিশান্তই ৷ নিশান্ত হৈছে নদুৱাৰ জাতীয় বিদ্যালয়ৰ অষ্টম মানৰ ছাত্ৰ ৷ ৰাস, ভাওনাত ব্যৱহৃত হোৱা বিভিন্ন মুখা নিৰ্মাণ কৰে এইগৰাকী কণমানি শিল্পীয়ে । ইয়াৰোপৰি জামুগুৰিহাটৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত প্ৰতিযোগিতাসমূহত ভাওনাৰ অভিনয়ৰে নিশান্তই যথেষ্ট সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More