জীয়াভৰলীৰ বালি খননৰ উদ্বেগজনক ঘটনা

0 16
শতাব্দ প্ৰতিনিধি তেজপুৰ ,৩০আগষ্টঃ তেজপুৰৰ নিকটৱৰ্তী ৰঙাপৰা বিধানসভা সমষ্টিৰ ডিকৰাইজানত আৰ এছ এম নামৰ কোম্পানীটোৱে জীয়াভৰলীৰ বুকুত জধেমধে খনন চলাই বালি সংগ্ৰহ কৰা ঘটনাই কাষৰীয়া অঞ্চললৈ অশনি সংকেট কঢ়িয়াই অনাৰ লগতে সম্প্ৰতি এই কোম্পানীটোৰ ছত্ৰছায়াতে একাংশ লোকে নৈৰ পাৰৰ উপৰি ম্যাদী ভূমিটো বলপূৰ্বক বালি খনন কৰি এক বৃহৎ অবৈধ বেহা চলাই গৈছে৷ কিন্তু সংবাদ মাধ্যমত এই সন্দৰ্ভত সবিশেষ প্ৰকাশ পোৱাৰ পাছতো চৰকাৰী ভাবে এনে বিপদজনক কাৰ্য বন্ধ কৰাৰ কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই৷ উল্লেখযোগ্য যে চকীঘাট দলং আৰু চাৰিশৰীয়া পথ নিৰ্মাণৰ বাবে প্ৰয়োজন হোৱা বৃহৎ পৰিমানৰ বালি সম্প্ৰতি তেজপুৰৰ দিশত ডিকৰাইজানত জীয়াভৰলীৰ পৰা সংগ্ৰহ কৰি থকা হৈছে৷ বহুকেখন এস্ককাভেটৰ আৰু পাম্পৰ সহায়ত জীয়াভৰলীৰ বুকু আৰু পাৰ খননৰ ফলত সম্প্ৰতি ডিকৰাইজানৰ লগতে বৰঘাট, নপাম, শিঙিতলি, কোৰকানি আদি অঞ্চলৰ বাবে অতি উদ্বেগৰ কাৰণ হৈ উঠিছে৷ বৰ্তমান দিনে নিশাই এনে খনন চলি থকা অংশৰ পৰা মাত্ৰ আধাকিলোমিটাৰ নিলগত আছে ডিকৰাইজান প্ৰাথমিক বিদ্যালয় আৰু প্ৰায় এক কিলোমিটাৰ নিলগত আছে কাবিলাবাদ উচ্চ ইংৰাজী বিদ্যালয়৷ প্ৰতিবছৰেই জীয়াভৰলীৰ প্ৰৱল গৰাখহনীয়াই বিপৰ্যয়ৰ সৃষ্টি কৰা এই অঞ্চলসমূহৰ সুৰক্ষাৰ বাবে জলসম্পদ বিভাগে বিভিন্ন আঁচনি ৰূপায়ণ কৰাৰ পাছতো গৰাখহনীয়াৰ সমস্যাৰ অন্ত নপৰাৰ বিপৰীতে বৰ্তমান নিৰ্মাণ কাৰী সংস্হাৰ লগতে বহুসংখ্যক বালি ব্যৱসায়ীয়ে এনে দৰে জীয়াভৰলী আৰু পাৰৰ অঞ্চলত চলোৱা খননে ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে যদিও এই অবৈধ খননৰে জড়িত একাংশই ভয় ভাবুকী দি আহিছে৷ উল্লেখযোগ্য যে, নিৰ্মাণকাৰী সংস্হাই বৈধ বালি মহলৰ পৰা বালি সংগ্ৰহ নকৰি জীয়াভৰলীকে বালিৰ উৎস হিচাপে লোৱাত এতিয়া নৈখনৰ গতি সলনি হোৱাৰ আশংকাত ভূগীছে নৈপৰীয়া বহুসংখ্যক লোকে৷ কিন্তু উন্নয়নৰ নামত একোটা বৃহৎ অঞ্চল নিশেষ হ’বলৈ এৰি দিয়াৰ দৰে এনে কাৰ্যৰ বিৰুদ্ধে চৰকাৰী ভাবে কোনো নিষেধাজ্ঞা জাৰি নোহোৱাকলৈ গভীৰ ৰহস্যৰ সৃষ্টি হৈছে৷ এই ক্ষেত্ৰত জনপ্ৰতিনিধিসকলৰ নীৰৱতায়ো হতাশ কৰিছে সৰ্বসাধাৰণক৷
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More