জীৱ-জন্তু, মাছ,পখিলাৰে ভৰপূৰ হৈ আছে কলকাতা মহানগৰী, কেনেকৈ ?

 জৈৱ বৈচিত্ৰতাৰ ৰেহৰূপৰ ৫২০ পৃষ্ঠাৰ সংকলনত সবিশেষ

0 57

শতাব্দ বিশেষ প্ৰতিনিধি, ২৪ মে’ :

যোৱা ২২ মে তাৰিখে সমগ্ৰ বিশ্বৰ লগতে ভাৰতবৰ্ষতো আন্তৰ্জাতিক জৈৱ বৈচিত্ৰতা দিৱস পালন কৰা হ’ল। কিন্তু দেশখনৰ ভিতৰত এই দিৱসটো অধিক অৰ্থবহ ভাবে উদযাপন কৰা হ’ল পশ্চিমবঙ্গৰ ৰাজধানী কলকাতা মহানগৰীত। সেইদিনা কলকাতাত আনুষ্ঠানিক ভাবে উন্মোচন কৰা হ’ল People’s Biodiversity Register। দেশৰ প্ৰধান মহানগৰ কেইখনৰ ভিতৰত কলকাতায়েই প্ৰথম মহানগৰ য’ত মহানগৰখনৰ জৈৱ বৈচিত্ৰতা সম্পদ লিপিৱদ্ধ কৰি সংকলিত কৰা হৈছে। কলকাতা পৌৰ নিগমে প্ৰথম বাৰৰ বাবে প্ৰস্তুত কৰা এই সংকলনটোত মহানগৰ খনৰ উদ্ভিদ, বন্য প্ৰাণীৰ প্ৰজাতি সমূহৰ লগতে ভূমিৰ ব্যৱহাৰ আৰু মানুহৰ কাৰ্যকলাপ লিপিৱদ্ধ কৰা হৈছে। কলকাতা পৌৰ নিগমৰ হৈ ইয়াৰ জৈৱ বৈচিত্ৰতা পৰিচালনা সমিতিয়ে হাতত লোৱা এই প্ৰকল্পটো বিভিন্ন স্বেচ্ছাসেৱী সংগঠনৰ সহায়ত পশ্চিমবঙ্গ ৰাজ্যিক জৈৱ বৈচিত্ৰতা পৰিষদৰ তত্বাৱধানত পৰিচালিত হৈছিল। উল্লেখযোগ্য যে, মহানগৰীখনৰ মুঠ ১৪৪ টা ৱাৰ্ডত জৈৱ বৈচিত্ৰতাৰ জৰীপ কাৰ্য চলোৱা হৈছিল।kolkata victoria memorial এই জৰীপৰ পৰা মহানগৰখনত ১৩৮ টা প্ৰজাতিৰ গছ-গছনি, ৩৩ টা ঔষধি উদ্ভিদ আৰু ১০০ টা অন্যান্য প্ৰজাতিৰ উদ্ভিদৰ সন্ধান পোৱা গৈছে। ইয়াৰ উপৰি ২৯০ টা ভিন্ন প্ৰজাতিৰ জন্তু, ৭০ টা প্ৰজাতিৰ পখিলা, ৮৪ টা প্ৰজাতিৰ চৰাই, ৪৭ টা প্ৰজাতিৰ মাছ আৰু ২২ টা প্ৰজাতিৰ স্তন্যপায়ী প্ৰাণীৰ অৱস্থিতি চিনাক্ত হৈছে আৰু জৈৱ বৈচিত্ৰতাৰ সংকলনখনত ইয়াৰ সবিশেষ উল্লেখ কৰা হৈছে। ৫২০ পৃষ্ঠাৰ এই সংকলনটি জলবায়ু পৰিৱৰ্তন সমস্যাটোৰ বিৰুদ্ধে যুঁজাৰ এক অন্যতম দলিল বুলি মন্তব্য কৰিছে কলকাতাৰ মেয়ৰ ফিৰহাদ হাকিমে। কলকাতাৰ দৰে চণ্ডীগড় আৰু ইন্দোৰ মহানগৰ কৰ্তৃপক্ষয়ো এতিয়া জৈৱ বৈচিত্ৰতাৰ জৰীপৰ তথ্যৰে এনে সংকলন যুগুত কৰি আছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More